সাপ্তাহিক ই-আলোচনী
জোনাকী
দ্বিতীয় বছৰ■ছেপ্টেম্বৰ মাহ ২৬-৩ অক্টোবৰ সংখ্যা
এই সংখ্যা সজাইছে:ঋতৃষ্ণা ডেকা,পাপু মজুমদাৰ,নাজবিন চুলতানা,অপৰূপা দত্ত,নাছিৰ আহমেদ ,জেনিফা হাজৰিকা,অপৰ্ণা শৰ্মা,ধৃতিমান ঠাকুৰীয়া,হিয়া তালুকদাৰ,মৃদুলা বৰুৱা,ৰুমী কলিতা দত্ত,আচমা বেগম,জোনমণি ৰয়,উৰিস্মা নাথ।
দ্বিতীয় ভাগত: ৰাতুল চেতিয়া ফুকন,নিজৰা বৰ্মন ডেকা ,অজন্তা দত্ত দত্ত, নগাওঁ ।দিপ্তী মণি গোস্বামীঅনন্ত কুমাৰ ভূঞা,আয়নাল হক,তুলিকা খাটনীয়াৰ,লখিমী শৰ্মা,শিল্পী দাস,শান্তা দাস,ৰাহুল চেতিয়া,ৰিছা বৰা,হৃদয় বৈশ্য,পৰী প্ৰিয়া,মোস্তাকিন শ্বেখ,প্ৰগতি গগৈ চাংমাই,আমিৰ হুছেইন আহমেদ,সবিতা বেগম,মিন্টু গোৱলা,বিনীতা শইকীয়া।
বেটুপাত@জোনাকী
■মোৰ আশা
মোৰ বুকুৰ এৰাবাৰীত
এতিয়া আৰু তিতালাও নগজে
অকাৰণে শিয়ালে হোৱাও নিদিয়ে,
কাৰণ মই তাত
শব্দৰ শইচ সিঁচিছো ।
লহ পহ বাঢ়ি অহা
কবিতাৰ সেউজ আবৰণে
জীপাল মোৰ বুকুৰ এৰাবাৰী খন ।
উচন যাব ধৰা ভেটিতো
মানুহ বোৰে জুমি জুমি চাই
ঈৰ্ষা নে অনুকম্পা
নোবুজো ।
সকলোৰে এলাগী
আবেলিৰ সময় খিনি
খেতি ড'ৰাৰ সতে পাৰ কৰা মন ।
হ'লেও জৰাজীৰ্ণ জুপুৰী
আবৰি থাকিব শব্দৰ সেউজ আবৰণে
মোৰ আশা ।
ৰাতুল চেতিয়া ফুকন।
চৰাইদেউ।
=========×××××=========×××××=======
■জীৱন
জীৱন এটি স্পন্দন
পল অনুপল কৰি
কলিজাৰ কম্পন,
ৰক্ত কণিকাৰে দৌৰিছে
ধমনীৰ মাজেৰে সোমাব
নোৱাৰা এটি কম্পন
আৰু তাতেই প্ৰবাহিত
হৈ আছে আমাৰ
মৰম,,,,সপোন আৰু ভালপোৱাৰ কান্দোন
আৰু এটি
মানুহৰ
সৰু মন,,
জীৱন হৈছে
অনাবিলৰ পোহৰ
বিন্দু ,,,বিন্দু মৰমৰ সাগৰ
জীৱনটো বিশাল
আকাশৰ তৰাৰ দৰেই
চিকমিকাই থকা
জীৱনটো যেন
মায়াময় জোনাকেৰে ভৰা
জিলমিল জোনাকী পৰুৱাৰে
সুমুধুৰ গানেৰে জী উঠা
মুক্ত চৰাইৰ দৰেই,,,,
জীৱন আমোলমোল সুগন্ধি
প্ৰবাহিত সুখ -দুখৰ লগৰী
জীৱন এটা পখিলা
সাতোৰঙী ৰামধেনু দৰেই
জীৱন এটা হাঁহি
প্ৰেয়সী ওঠৰ।
জীৱনটো সৌন্দৰ্য্য
উওাল যৌৱনৰ দৰেই
জীৱন এটা কবিতা
অনুভৱী হূদয়ৰ,,,
জীৱন সত্য সুন্দৰৰ
এক যাএা চিৰন্তণ ।
অজন্তা দত্ত দত্ত, নগাওঁ ।
■"মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ"
নিজৰা বৰ্মন ডেকা
আহিনৰ শুক্লা দশমী তিথিত
জনম লভিলা গুৰু তুমি
বৰদোৱাৰ আলিপুখুৰীত ।
দুষ্কৃতি বিনাশী সত্য প্ৰবৰ্তিবলৈ
ধৰালৈ আহিলা তুমি
অসম মাতৃৰ বুকু শুৱাবলৈ ।
অসমৰ ভাষা ,সাহিত্য -সংস্কৃতিৰ
তুমিয়েই ভৰালা ভঁৰাল
ভক্তি তত্ত্বৰ কথা শুনালা ৰসাল ।
বৰগীতৰ সুৰীয়া সুৰ আৰু কীৰ্ত্তন ঘোষাই
তুলিলে অমৃতৰ জোৱাৰ
অসমৰ আকাশ জুৰাই ।
অসমৰ চহৰে নগৰে
আৰু গাঁৱে ভূঞে
পাতিলা সত্ৰ ধৰ্ম প্ৰবৰ্তিবলে ।
একশৰণ নাম ধৰ্ম প্ৰবৰ্তন কৰি
গোটেই বিশ্ব জুৰি অসমক
উজ্জ্বলাই তুলিছিলা তুমি ।
নিশাৰ এন্ধাৰ জোনে আতৰোৱা ৰ দৰে
প্ৰতিটো প্ৰভাত উজ্জ্বলালা তুমি
অসমৰ ঘৰে ঘৰে ।
তোমাৰ অংকীয়া নাট
আৰু ভাওনাৰ অমিয়া ঝঙ্কাৰ
আজিও পোহৰাইছে অসমৰ আকাশ ।
দূৰ দিগন্তত তুমি শংকৰদেৱ
হৈ আছা পূৰ্ণিমাৰ জোন
শতকৌটি প্ৰণামি আশীৰ্বাদ লৈ
আহিবা আকৌ তুমি দীপ্তিমান হৈ ।
=========×××××=========×××××=======
■আহিনৰ নান্দনিক
✍️দিপ্তী মণি গোস্বামী
লখিমপুৰ (লালুক)
বৰ্ষাসিক্ত প্ৰলয়ক ঠেলামাৰি
খোপনি পুতিলে শৰতে,
শীতলতা বিচাৰি পালে মৰতে।
গোলকীয় ঘামৰ ঘৰ্মাক্তবোৰ
উটি গ'ল জীপালতা ভৰা
এজাক আহিনৰ বৰষুণত।
শৰতে সৰা আহিনৰ নান্দনিকতাত
পুলকিত হ'ল দেহা মন
নিবিড় বিজন বনত ।
নীলা আকাশৰ তলত
সোণগুটিহঁতৰ শৈশৱ কৈশোৰবোৰ
হালি জালি নাচিছে সেউজীয়া গানত।
শুভ্ৰ শেৱালিৰ আমোলমোল সুৱাসত
হালধীয়াবোৰেও প্ৰাণ খুলি হাঁহিছে
মনৰ বিপুল আনন্দত ।
কঁহুৱা ফুলিছে তটিনীৰ পাৰত
বুঢ়ী আইৰ ৰূপোৱালী খোপাটি হৈ
পাৰৰ তৰু তৃণক চেৰ পেলাই থৈ।
মাছোৱাৰ খোজৰ ভৰত
জৰাগ্ৰস্ত হৈ কান্দিছে
নদী কাষৰীয়া বাটত দুৱৰি বন।
বাৰীৰ ঢাপৰ কাঁইটীয়া গছত
ফুলিছে বতৰৰ বগৰী ফুল
মাঘ ফাগুনত হ'ব তুলবুল।
আহিনৰ বৰষুণৰ পৰশত
সেউজীয়া হালধীয়াৰ ঘটিছে সমাহাৰ
আকাশ বতাহ মাটি পানী হৈ একাকাৰ।
_________________===___________________
■এখন নদীৰ বিননী
মোস্তাকিন শ্বেখ
আজাদনগৰ , নগাঁও
বহু দূৰৈৰ পৰা
ভাহি আহিছে
এক চিনাকি ধ্বনি,
কাৰোবাৰ চকুপানী, কাৰোবাৰ ঘাম
কাৰোবাৰ সুখৰ অনুভূতি
ৰাঙলী সূৰ্যকো,
নিজৰ কোলাত লুকুৱাই
নিৰ্মল পৰশে ধোৱা
এয়া,এখন নদীৰ বিননী ।
বহু দূৰণিৰ বাৰ্তা কঢ়িয়াই
বহুজনৰ সুখতো আছেই,
কিন্তু, সহস্ৰজনৰ বেদনাবোৰ
কাকনো দিব বিলাই,
তাৰেই সান্নিধ্য বিচাৰি
বহু দূৰ আগুৱাই যায় ।
ৰাতিৰ সুবাসত জোনবাইকো জিনিলে
হৃদয়ভঙা এনেকুৱা এক গাথা,
যিখন নদীয়ে কেতিয়াও
সাগৰ লগত বিলীন হ'ব নোৱাৰিলে।
======×××=======×××=======
■সেই লাজকুৰীয়া ল'ৰাজন
প্ৰগতি গগৈ চাংমাই
কোন নদীৰ ঘাটত নাও বান্ধিবা
চঞ্চল মনৰ উতনুৱা যৌৱন
কোন সতে বান্ধি ৰাখিবা?
যৌৱনৰ আৱেগভৰা বতাহজাকে
তোমাকো চুই যাব।
প্ৰাণৰ পখীক বিচাৰি
তুমিও উদ্বাউল হ'বা
এদিন...
সেই লাজকুৰীয়া ল'ৰাজন
তুমিয়েই নহয় জানো?
একেই আছা আজিও
ডেউকা কোবাই উৰিব খুজিও
মনক কিয় এৰাল দিছা
নৈশব্দৰ আঁৰত?
খুলি দিব পাৰা
চেনেহৰ টাকুৰি
পূৰ্ণোদ্যমে...
সীমাহীন সীমনালৈ বৈ যাওক
সুখানুভূতিবোৰ;
প্ৰতিধ্বনিত হওক
পৰ্বতে-পাহাৰে
তোমাৰ হৃদয়ৰ পৰা
নিগৰি অহা
শব্দৰ টুকুৰাবোৰ।
======×××=======×××=======
■ শৰৎ বৰ্ণনা
আমিৰ হুছেইন আহমেদ ।
মেটমৰা সম্ভাৰৰ-এই ঋতু ৰাণী শৰৎ
সেউজী বো'লেৰে পাতে বাৰ্ষিক মহৰৎ ,
শান্ত স্নিগ্ধ শুকুলা মেঘৰ ৰূপৰ আভা
মৰ্তত দেৱীয়ে পাতে অসুৰ নাশৰ সভা,
নিশাৰ শেৱালীয়ে দিয়ে শীতৰ বতৰা
থলুৱা পৰিভ্ৰমী বিহঙ্গৰ উৰণ ৰহণ চৰা
শাৰদী ৰাণীৰ চিঠি বিলায় প্ৰীতি ভৰা !
ৰাণী আতিথ্যৰ ই যে সুস্বাদু উপকৰণ
ধৰিত্ৰী উদ্বাউল জীৱকুল হৰ্ষত মগন
কোনে কৰে প্ৰত্যাখান-মহা আয়োজন ?
নৈসৰ্গিক নান্দনিক দৃশ্যই পেট ভৰায়
অতিথিৰ অফুৰন্ত যোগাৰৰ নহয় ক্ষয় ।
শৰতৰ মুকলি নীলা নিৰ্মল আকাশ
শুভ্ৰ মেঘৰ লুকাভাকু-লয়লাস প্ৰকাশ
সেয়া শাৰদী ৰাণীৰ নিশ্বাসৰ আশ্বাস
অলংকাৰত যেন সৌন্দৰ্যৰ সুৱগা চৰে
চকুৰে প্ৰত্যক্ষ কৰিলে নৈৰ পাৰে পাৰে
শুকুলা কঁহুৱাৰ নৃত্যত হিয়া ভাগি পৰে --!
সুদূৰৰ পৰা শৰালি বালিমাহী জাকে
জাক পাতি ঢৌ তুলি বিচৰণ কৰিলে
পাষাণ প্ৰাণৰ চকু ৰ' লাগি চাই থাকে
পমি গৈ উল্লাসত ধৰিবলৈ মন মেলে ।
নিশাৰ শেৱালিৰ শুভ্ৰতা ৰাণীৰ পবিত্ৰতা
নিয়ৰ কণা শাৰদীয় অশ্ৰুৰ মাদকতা
দুবৰিৰ মুকুতা মনিয়ে ৰাণীক আদৰে
ৰ'দৰ চুমাত শুকুলা মেঘলৈ উৰা মাৰে--!
আকাশত জোন তৰাৰ এমুখ হাঁহি
ৰূপালী দীপ্তিৰ সুৰধ্বনি আহে ভাঁহি,
সদ্য স্নাতা প্ৰকৃতিৰ হয় লয়লাস গতি
ৰাণীৰ শীতলতাই গ্ৰীষ্মৰ পেলায় যতি,
ধাননি যৌৱনমতি চহাক কয় মনে মনে
হৃদয়ত লহৰ তুলি ভঁৰালত ৰহণ সানে।
======×××=======×××=======
■উত্তৰ বিচাৰি
সবিতা বেগম
বৰপেটা।
ক্ৰমাৎ ক্লান্ত আৰু ক্লান্ত
দুৰ্ভাগ্যৰ আলিংগনত
হতাশাৰ মৌন তাগিদাত
শুকাই গ'ল জেতুকাৰ ৰং।
ক্ষণ বোৰ অদ্ভূত, ভয়ানক
শুনো কৰুন পদধ্বনি
হাহাকাৰ শ্মশানৰ দৰে।
ক্ৰমশঃ জটিল ...
সুত্ৰবোৰ বুজিবলৈ ব্যৰ্থ
অংক কৰিম কেনেকৈ !!!
ব'হাগ নহায় হ'ল
নঙঠা ফাগুনেই ফাগুন।
দোষ দিয়া নাই কাকো
কৰ্ময় ভ্ৰান্তি...।
ভাগৰুৱা সুৰুজটোৰ দৰে
মোৰ অনুভৱ !
অনাথ প্ৰতিটো ছন্দ।
কিমান আৰু লিখিম কবিতা ?
নতুন নতুন শব্দৰ সান্নিধ্য বিচাৰি ?
চিয়াঁহী যে আৰু নাই
উকা পৃষ্ঠা কুলষিত কৰিবলৈ।
এতিয়া আৰু ...
শেতাঁ ওঁঠে ঢাকিব নোৱাৰে
অশ্ৰুস্নিগ্ধ নিৰৱ বুকুৰ প্ৰলয়
অহৰহ বজ্ৰপাত
হেজাৰ মূখ কীৰ্তন ধ্বনি...
সাক্ষী মাথোঁ স্পন্দন।
লক্ষ প্ৰশ্নৰ ভৰিৰ গচকিত
কালিমা লিপ্ত ফটা বস্ত্ৰ
লজ্জা ঢাকিবলৈ... ।
দুৰ্গম পথ শিল পাথৰ নেউচি
চুব পৰা নাই নীলিমা !!!
ক্ৰমাৎ ক্লান্ত আৰু ক্ৰান্ত
উত্তৰ বিচাৰি .....।
======×××=======×××=======
■ভালপোৱাৰ পথাৰত এতিয়া
মৰিশালীৰ নিস্তব্ধতা
ভালপোৱাৰ পথাৰত এতিয়া
মৰিশালীৰ নিস্তব্ধতা ,
ঠায়ে ঠায়ে উইৰ হাফলু
সোঁৱৰণীবোৰ অভিমানত
উফন্দি ৰয় দূৰতে ।
পাৰ হৈ যোৱা সময় উভতি
নাহে কাহানিও,
উভতি নাহে সেই মধুলগনৰ
মধুময় পল ।
সকলোবোৰ যেন এতিয়াএকো
একোটা কিম্বদন্তি ।
এতিয়া ভালপোৱাৰ পথাৰত
বিৰাজমান মৰিশালীৰ নিস্তব্ধতা
এতিয়া ব্যস্ততাৰ মেৰপাকত ভালপোৱা
এটি অৰ্থহীন অথবা আমনিদায়ক শব্দ ।
ঠিক তেনেদৰে অৰ্থহীন
আবেগ,অনুভূতি আদি শব্দবোৰ ।
প্ৰতিযোগীতাৰ গৰাখহনীয়া উটি যায়
জীৱন ,যৌৱন আৰু বহুতো ।
সুবাস বিলোৱা আবেলিটো হেৰাই
যায় বেজাৰতে ।
সময় পাৰ হয় দুখবোৰ সামৰি
ভালপোৱাৰ পথাৰখনো
মৰিশালীৰ দৰেই নীৰৱ,নিতাল ।
======×××=======×××=======
■এটি অগ্নিৰ ফিৰিঙতি
মিন্টু গোৱলা, লখিমপুৰ, কদম
বহু শিল দেখিলোঁ,
বহু শিলৰ খুন্দা খোৱাৰ শব্দও শুনিলোঁ।
শিলে শিলে খুন্দা খাই জ্বলি উঠা সেই
অগ্নিৰ ফিৰিঙতি ও দেখিলোঁ।
বালি যেন লগা সেই
শিলবোৰত কিহৰ ?
সংমিশ্ৰণ আছে ।
যিয়ে খুন্দা খালেই,
সৃষ্টি হয় এটি অগ্নিৰ ফিৰিঙতি
যত একেলগে হাজাৰ হাজাৰ জীৱন, সপোন, যৌৱন,আশা,ভৰসা শেষ হৈ পৰে ।
বহু ফিৰিঙতি দেখিলোঁ
জীৱনৰ উত্থান পতনত
অগ্নিৰ দৰে উজ্বল হৈ জ্বলি উঠা
সেই শিখা ডাল বহু দেখিলোঁ
অগ্নিৰ শিখাই শিখাই ফিৰিঙতি
হৈ জ্বলি উঠিব সকলো বালি
বালি বোৰ যদি অগ্নি হয় ,
সেই বালিতে যদি এটি শিলৰ সৃষ্টি হয় ।
সেই শিলে এদিন যদি এটি অগ্নিৰ ফিৰিঙতি হৈ
সমস্ত পৃথিৱী ধ্বংস কৰিব পাৰে ।
তেনেদৰেই সৰু এটি শিলেও খুন্দা খাই
এটি অগ্নিৰ ফিৰিঙতি হৈ
সমস্ত পৃথিৱীত জুই হৈ বিয়পি পৰিব ।
======×××=======×××=======
■বৰষুণ
বিনীতা শইকীয়া।
বৰ্ষা ঋতুৰ আগমন
এজাক দোপালপিতা বৰষুণ
প্ৰেমাস্পন্দনৰ আলিংগন
তোমাৰ মোৰ মধুৰ মিলন।
অপেক্ষাৰ অন্তত তোমাৰ হাতত ধৰি
তিতাৰ মন ।
চিক্ মিক্ বিজুলিৰ চমকনি
বৰষাৰ ভৰিত নূপুৰৰ ধ্বনি।
আশাৰ পদুলিত তুমিয়ে মোৰ
জোনাক••••,
দিয়া যদি সহাৰি তোমাতেই
হ'ম বিলীন।
নিৰৱ নিশা আৱেগৰ জীয়াঢল ভাঙি
হওঁ মই তোমাতেই মগন।
বাউলী মোৰ উন্মনা মন।
কলীয়া ডাৱৰে ঢাকিলে মেঘালী চুলি।
শুভ্ৰ সাজ পিন্ধি বৰৰ্ষাৰ সৰিল চকুলো ।
মৰুৰ বুকুত পিঁয়াহৰ এটোপাল পানী।
উশাহত সৰিল ••••সেউজীয়াৰ
হুমুনিয়াহ আজি।
======×××=======×××=======
■জীৱিত ছদ্মনাম
নাম: ঋতৃষ্ণা ডেকা
শ্ৰেণী:দ্বাদশ,দেৰগাঁও
কৰ্তৃত্বহীন মানৱ আচৰণৰ
উদাক্ত ভাষণৰ ক্ষন্তেকীয়া উগ্ৰতাত
সমাজ জানো সলনি হ'ব?
জনকল্যাণৰ জঘন্য মনোবৃত্তিত
পৰিশ্ৰান্ত মনৰ ক্লান্ত দেহত
খুছি- বিন্ধি হত্যা কৰিলে
সন্ধান পাম জানো
এবুকু আকাশ চুব বিচৰা মনৰ?
নিৰ্বিঘ্ন স্বপ্নৰ কংকালে
আৱৰা এটি নিস্তেজ শৰীৰত
সপোন তৃষ্ণাৰ উন্মাদনত
শ্মশানৰ অগ্নিৰ শিকাই
পুৰিব জানো
জীৱিত ছদ্মনাম।।
সমাজৰ এগছি উজ্জ্বল বন্তিৰ দৰে
আত্মনুসন্ধনেৰে উজ্জ্বলোৱা
হৃদয়বোৰটো স্বাৰ্থপৰ নহয়,
ইন্ডাষ্টিৰ বিল্ডিংবোৰ ঢাকি ৰখা
ফুটোকানিখনৰ দৰে জানো
অস্থায়ী এই ছদ্মনাম।
শ্মশানৰ অগ্নিৰ শিখাই
পুৰিব জানো
জীৱিত ছদ্মনাম।।
======×××=======×××=======
■ 'টোপনি'
পাপু মজুমদাৰ
নগাঁও, অসম
ফোনঃ ৯৮৬৪২০১৭৭৯
কালি টোপনি অহা নাই
কি কাৰণ
মই নাজানো,
হয়তো
বন্ধু কবিৰ কবিতা কোনো
বিখ্যাত কাকত, আলোচনীত প্ৰকাশ পালে বুলি,
কিংবা
প্ৰাক্তন প্ৰেয়সীৰ হাঁহি ফূৰ্তিত পাৰ কৰা
মূহুর্তবোৰৰ ফটো দেখি !
নাইবা
জীৱনৰ গতি স্তৱিৰ হৈছে কাৰণে
নাজানো
কিয়
কিন্তু
আজিকালি মোৰ এটি বেমাৰৰ নাম:
নিদ্রাহীনতা....
এয়া বাৰু ধ্বংস হোৱাৰ
পূৰ্বাভাস নে
জনপ্রিয়তাৰ প্ৰথম স্তৰ
নাজানো
মই!
======×××=======×××=======
■প্ৰত্যুত্তৰ
নাজবিন চুলতানা
পাটসাঁকো,(শিৱসাগৰ)
অন্ধ আছিলো তোমাৰ
মোৰ সৈতে থকা অনুৎসাহী পলৰ ,
মনিব পৰা নাছিলোঁ
লক্ষ্যস্থিত পথত পৰি ৰোৱা শূলবোৰ।
হেৰুৱাই আহিলা ক'ৰবাত
মানসিকতাৰ জ্ঞান ,
আধুনিকতাৰ বলিয়ালিত
নাম ল'লা কাপুৰুষ।
ক'ত গ'ল তোমাৰ
চলাহী ক্ষোভ ,
ক'ত গ'ল অজুহাত বুলি
আঙুলিওৱা অপবাদৰ কৌশল।
প্ৰতাৰণা অস্ত্ৰৰ আঘাতেৰে
হত্যা কৰা প্ৰেমৰ গোচৰৰ এতিয়া
মইয়ে উকিল মইয়ে সাক্ষী ।
মোৰ হাতত তুলি দিয়া
নিকৃষ্টতাৰ প্ৰমাণবোৰ এতিয়া
অভিযোগ আদালতৰ মাজমজিয়াত।
অশ্ৰু আশক্তৰ কাৰাদণ্ডৰে
দণ্ডিত তুমি....... কাৰণ
পৃথিৱীখন ঘূৰণীয়া ।
য'ৰ পৰা আৰম্ভ হ'ব সমাপ্তিও
তাতে হ'ব ,
ডুবিছানে একে নদীতে,একে বিষাদতে।।
======×××=======×××=======
■শৰৎ
অপৰূপা দত্ত
শৰতৰ বোকোচাত উঠিয়েই আহিনৰ আগমন
আহিনৰ পৰশতেই ফুলিল
সেই শুকুলা শেৱালি
ৰাতিৰ আন্ধাৰত নিয়ৰে স্নান কৰি
সেই বগা সাজযোৰ পিন্ধি ,
খোপাত ৰঙা গামোচাৰ মাৰি
মিঠা মিঠা হাঁহিৰে
শেৱালিয়ে আমন্ত্ৰণ জনালে
শাৰদী ৰাণীক ধৰালৈ বুলি
নদীৰ পাৰৰ শুকুলা কহুঁৱাই
বতাহৰ তালে তালে
দেওধ্বনী নৃত্য কৰি
শৰত ক সম্ভাষণ জনায়
মদাৰেও হাঁহে এই শৰততে
শৰালি জাকৰ চিঞৰেও যেন
ইয়াকে কয়
"হে শৰত তোমাক স্বাগতম "
======×××=======×××=======
■মিলনৰ সংজ্ঞা
নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা।
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০৫
তোমাৰ আৰু মোৰ
এইযে মিলন মুহূৰ্ত্ত
নহয় মাথোঁ, দুটি দেহৰ
সম্ভোগত লালায়িত উষ্ণ - উত্তাপ আবেগ ।
এয়া হ'ল
দুটি অতৃপ্ত আত্মাৰ
হেজাৰ দিনৰ ব্যাকুল অনুসন্ধানৰ অন্তত
এক মৰম নিবিড় সোণালী ক্ষণ ।
তোমাৰ আৰু মোৰ
এই চৰম সান্নিধ্য
নহয় মাথোঁ
দুটি নিশ্বাস এক হৈ যোৱাৰ
ৰসঘন পৰম তৃপ্তিৰ মুহূৰ্ত্ত ;
আৰু দুটি উদভ্ৰান্ত জীৱন
উচ্ছৃঙ্খল গতিত গৈ থকা
যৌন জীৱনৰ মুক্ত প্ৰকাশ।
এয়া হ'ল জীৱনৰ ৰহস্য বিচাৰি
এক নতুন পথৰ সন্ধানত
পুলকিত পৰম কল্পনাৰ সময় ।
যেতিয়া চুমা যাচোঁ
তোমাৰ কোমল গালত
আমাৰ দুচকুত উদ্ভাসিত হয়
এক অনাগত দিনৰ মধুৰ ৰঙীন স্বপ্ন !
এটি কোমল শিশুৰ হাঁহিৰে
পৰিপূৰ্ণ কৰি তোলা
এই সুন্দৰ জীৱন ।
তোমাৰ আৰু মোৰ
এই মিলন মুহূৰ্ত্ত
সেই পৰম সুন্দৰক পোৱাৰ
এক নীৰৱ সাধনা
======×××=======×××=======
■জীৱন
জেনিফা হাজৰিকা, ডিব্ৰুগড়,
জীৱন ই,
কাৰো বাবেতো,
ৰৈ নাথাকে,
বলা বন্ধু -বান্ধবী সকল,
আগবাঢ়ি যাও,
সুখ-দুখৰ মাজেৰে,
জন্ম লৈছো যেতিয়া
মৃত্যু অনিবাৰ্য্য,
কি এৰি যাম,
কি দি যাম,
দুদিনৰ দুনিয়া মাথো,
পৰিচয় বিহীন ঠিকনা লৈ,
খালি গাৰে জন্ম,
খালি গাৰে মৃত্যু,
এৰি থৈ যায়,
এখন উকা কাগজ,
যʼত ৰৈ যাব ,
আমি লিখিৰোৱা,
স্মৃতিৰ সুৰা সমুহ.....
======×××=======×××=======
■আহিন
অপৰ্ণা শৰ্মা, শিৱসাগৰ
নীল আকাশৰ শুকুলা ডাৱৰৰ
আৰে আৰে---
কুঁৱলীৰ মায়া সনা আঁচল ফালি
ধীৰে ধীৰে----
চিৰাচৰিত নিয়মেৰে আহিন আহিল
কোমল নিয়ৰে তিয়াই থোৱা
ধৰাৰ বুকুলে ।
আহিনে আহি নিয়ৰৰ মুকুতা মণিৰে
দুৱৰিৰ দলিচাত পদুলিতে
শেৱালীক নিভাজ মৰম যাচে
আলফুলে অজানিতে।
======×××=======×××=======
■স্বহীদ
ধৃতিমান ঠাকুৰীয়া
জাগা জননী জননী জাগা
দেশৰ সন্তানসকল নামি আহিছে
আই তোমাক ৰক্ষা
কৰিবলৈ।
এইবোৰ তোমাৰে সন্তান।
সেয়ে জননী তুমি জাগি উঠা,
তোমাক ৰক্ষা কৰিবলৈ
সশস্ত্ৰ সৈনিকে নামি আহিছে।
সেয়ে তুমি জাগি উঠা ,
টোপনি মাৰি নাথাকিবা।
নহ'লে দেশখন যাব ৰসাতলে
তোমাক ৰক্ষা ,
কৰিবলৈ তোমাৰ সন্তানসকল।
======×××=======×××=======
■তুমি অহালৈ
হিয়া তালুকদাৰ
তুমি অহালৈ
বাটে চাই ,
গধুলী হ'ল।
তথাপিতো তুমি
নাহিলা ।
তোমালৈ ৰৈ ৰৈ মোৰ
চকু বিষাই গৈছে ।
তথাপিতো তুমি নাহিলা ,
তোমালৈ বাট
চাম আৰু চাইয়ে
থাকিম ।
তুমি আহিবা বুলি
সদায় ৰৈ থাকিম ।
======×××=======×××=======
■কুকুৰ
মৃদুলা বৰুৱা, তেজপুৰ
এদল ভোকাতুৰ কুকুৰ
যেনিয়ে যায় মাথোঁ
ভোকৰ চিন্তা,
সিহঁতে অকল মঙহ নাখাই
সিহঁতে তেজ পিয়ে
সাইলাখ তেজপিয়াৰ দৰেই।
সিহঁতে ভোক গুচাবৰ বাবে
ৰাতিৰ আন্ধাৰ নিবিচাৰে
দিনৰ পোহৰতে সিহঁতে
বখলিয়াই খাই
মানুহৰ কলিজা
বুকুৰ শুকান হাড়
আৰু সৰু সৰু আশা বোৰ।
সিহঁতে নিজেই নাজানে
পেটত থকা ভোকৰ পৰিমান
সেয়ে দিনে ৰাতিয়ে
কাঢ়ি খাই ইটোৱে সিটোৰ ভাগ।
সিহঁত সভ্য সমাজত বাস কৰে
সিহঁতে এটা দুটা পৰিয়ালক
চোৱাৰ দায়িত্ব নলয়
লয় হাজাৰটা পৰিয়ালৰ দায়িত্ব
আৰু সেই আপোনজনৰে
কলিজাৰ তেজেৰে ভোক গুচাই।
সাৱধান! সেই দল কুকুৰৰ পৰা
কাৰণ সিহঁতে অকল মঙহ নাখাই
সিহঁতে তেজ পিয়ে
সাইলাখ তেজপিয়াৰ দৰেই।
======×××=======×××=======
■ "এখন পৃথিৱী"
ৰুমী কলিতা দত্ত
কেন্দুগুৰি--ডিব্ৰুগড়
আমি এখন নতুন পৃথিৱী বিচাৰোঁ
মৰম-চেনেহ, ভালপোৱা বুটলোঁ
প্ৰকৃতিৰ ৰূপৰ নাই কোনো তুলনা
সকলোৱে একেলগে থাকোঁ আহাঁনা ।
জোনৰ বুকুত ৰং সিঁচি দিলোঁ
উত্তাপ কমাবলৈ সুৰুযকে ক'লোঁ
ধ্বংস নকৰিবা এই সেউজ প্ৰকৃতি
জীৱ-জন্তু,পশু-পক্ষী আছে ওমলি ।
আমি এখন সৰগ ৰচিব খোজোঁ
অন্যায় -হিংসা নাশিব পাৰোঁ
আমি জগতৰ কল্যাণ সাধিব জানো
যুগে যুগে নতুন পৃথিৱী গঢ়োঁ ।
সৌ আকাশৰ শাৰী শাৰী তৰাৱলী
জোনাকে ভৰালে মনৰ পদূলি
অ' অকণি চোৱা জুমি জুমি
তুমি-মই- আমি থাকোঁ মিলিজুলি ।
অ অকণি আহাঁ নেওতা গণি
মা-দেউতাৰ মৰম এধানি
দিন-ৰাতি পঢ়িম হাঁহি হাঁহি
আমি নতুন সুৰে বজাম বাঁহী ।
======×××=======×××=======
■বৰষুণ
আচমা বেগম,যোৰহাট
আবিৰ সনা লগন
সুৰৰ গুঞ্জন
প্ৰিয়া তোমাৰ দৰেই
মধুৰ বৰষুণ
নিকা আত্মা
সুবাসিত কায়া
প্ৰিয়া তোমাৰে নিচিনা
প্ৰেমময় বৰষা
আনমনা সুন্দৰী
হৃদয়ৰ লগৰী
তোমাৰ দৰেই পাগলী
সৃৃষ্টিৰ জৰী বৃষ্টি।
======×××=======×××=======
■হেঁপাহৰ বৰষুণজাক
জোনমণি ৰয়
হে মোৰ মৰমৰ হেঁপাহৰ বৰষুনজাক,
তই যে আহ সেই কলাডাৱৰবোৰক ফালি
টোপ পোপ টোপালকৈ এই
ধৰালৈ নামি এনে লাগে যেন,
তই সেই টোপালবোৰত
লৈ আহ, মোৰ জীৱনলৈ এক
বুজাব নোৱাৰা অনুভতি,
যি অনুভূতিত বিচাৰি পাওঁ,
মোৰ সেই সপোন কোঁৱৰক।
যি কোঁৱৰে নেকি বৰষুণৰ
টোপাল হৈ আহি মোক কয়হি,
তেওঁৰ হৃদয়ৰ বতৰা মোৰ
হৃদয়লৈ বুলি ।
তেওঁ যেন সেই বৰষুণৰ
টোপাল হৈ নামি আহি
মোক স্পৰ্শ কৰি মোৰ
বুকুত থিতাপি লয়হি,
নিজৰ আপোন মানুহজনী বুলি।
হয় তইয়ে হলাহি নামি
আহা সেই মোৰ মৰমৰ
হেঁপাহৰ বৰষুনজাক ।।
======×××=======×××=======
■শাৰদীয় ৰানী শেৱালি
উৰিস্মা নাথ
গৰুখুটি (দৰং)
বিশাল হেঙুলীয়া আকাশখনত
ৰূপোৱালী জোনটোৱে,
দশোদিশ সামৰি শুভ্ৰ কৰি তুলিছে।
নিজৰ বুলিবলৈ জোন থকাৰ পিছতো
আজি মোৰ কিয় জানো?
শেৱালিবোৰ আপোন যেন লাগিছে।
আজি প্ৰিয় হৈ পৰিছে,
নীলা এৰি শুভ্ৰ প্ৰেয়সী জোন।
স্নিগ্ধ জোনাকৰ অভ্ৰান্ত্ৰ পোহৰ,
বুকুত সাৱটি বিলীন হ'ব ধৰিছে।
শাৰদীয় শেৱালিৰ প্ৰেম দেখি,
কুঁৱলীও প্ৰেমোন্মাদ হৈ পৰিছে।
শৰতৰ বোকোচাত উঠি ধৰাৰ বুকুলৈ
শাৰদী ৰানী শেৱালি উজাই আহিছে,
হৃদয়ৰ নিভৃত কোণত লুকাই থকা
অজস্ৰ মৰম ভালপোৱা লৈ।
সকলো যেন জ্যোৎস্না-বিধৌত নিশাৰ
ৰিক্ত হিয়া সিক্ত কৰি তোলা প্ৰেমাস্পদ,
শাৰদী গভীৰ নিশাৰ অভিশাৰিতা।
◆◆◆◆◆◆◆◆■■◆◆◆◆◆◆◆◆◆◆
দ্বিতীয় ভাগ:
■শৰতৰ শেৱালি সুগন্ধি নিশা
অনন্ত কুমাৰ ভূঞা
শেৱালি সুগন্ধি নিশা
নিয়ৰ সৰা পুৱাৰ আশা
শেৱালি সৰা সোণোৱালী উষা
প্ৰণয়ৰ বিনন্দীয়া শোভা
প্ৰকৃতিৰ শ্যামলী আভা
মিঠা মিঠা আহিনৰ
তুমি ঋতুৰাণী শৰৎ
শেৱালিৰ সুগন্ধিৰে ভৰা ।
সৌখনি নীলাভ আকাশ
বিহংগমৰ মৰম প্ৰকাশ
চঞ্চলা নোহোৱা তুমি
বিহ্বলা হ'ব নোৱাৰা তুমি
নৃত্য পটিয়সী তুমি শাৰদীৰাণী,
চুঁইচাম চুঁইচাম লাগে ।
স্মৃতি সৰা সাপোন বুটলি
স্নেহেৰে আদৰিম তোমাক
জোনাকী জোনাকী মন
শৰতৰ শেৱালি সুগন্ধি নিশা ।
======×××=======×××=======
■প্ৰায়শ্চিত্ত
আয়নাল হক,ধুবুৰী
আদি গুৰু পিতৃ-মাতৃ
এনে গুৰুক অৱহেলা কৰি
যি সন্তানে তেওঁলোকক স্থান দিয়ে
বৃদ্ধা আশ্ৰমত
সেই সন্তানৰ হৃদয়ত
নাথাকে ভক্তি ভাব কদাপি।
স্বাৰ্থপৰ সিহঁত,
মোহান্ধ হৈ সিহঁতে
পিতৃ-মাতৃক দিয়ে মানসিক শাস্তি।
সন্তানৰ অনাদৰত
তিল্ তিলকৈ মৃত্যুৰ ক্ষণ গণিও
পিতৃ-মাতৃয়ে অভিশাপ দিব নোৱাৰে
নিজে জন্ম দিয়া বুলি।
তথাপি সন্তানে নুবুজে
অসহায় পিতা-মাতাৰ মানসিক স্থিতি ।
এবাৰো নাচায় ভাবি
নিজ সন্তানে যদি তেওঁলোককো
দিয়ে একেই শাস্তি।
এনে সন্তানে প্ৰায়শ্চিত্ত কৰিলেও
পাপ মুক্ত হ'বনে কেতিয়াবা ?
অপৰাধী সিহঁত !
অপৰাধী হৈয়ে ৰ'ব জন-মানসত,
এই জনমত নাপায় খ্যাতি।
কুলাঙ্গাৰ পুত্ৰ বুলি হাঁহিব জগতে
মৃত্যুৰ পিছতো ৰৈ যাব
সিহঁতৰ কু-কীৰ্তি...।
======×××=======×××=======
■মহিষমৰ্দ্দিনী আই দূৰ্গা
তুলিকা খাটনীয়াৰ, সৰ্থেবাৰী
পলাশ ৰাঙলী সৌ উষাৰ আকাশ
জ্বলে পূৱ অৰুণৰ জ্যোতি নৱ প্ৰভাতৰ।
পুলকিত দেৱলোক পোহৰ পৃথিৱী
সুমঙ্গলে দেৱীৰ আগমনী,
আকাশে বতাহে বাজে আনন্দৰ শিহৰণ
আহিছে জননী মহিষ মৰ্দ্দিনী।
স্নিগ্ধ শান্ত প্ৰভাতী ৰশ্মি পুৱা সূৰুযৰ
শুকুলা শেৱালি ফুলে পাতে সিংহাসন
প্ৰকৃতিয়ে সজায় শৰাই পদুম ফুলৰ,
হিমৰ কণাই গাঁথে মালা মুকুতাৰ
নীলা চন্দ্ৰতাপ তৰা আকাশ উদাৰ
স্নিগ্ধ শান্ত সুনীল বৰণ
বিশ্ব বিয়পি বাজে শুভ শঙ্খ ধ্বনি
দুন্দুভিৰে মঙ্গল বোধন।
তুমি তমো বিনাশিনী মহিষমৰ্দ্দিনী
বিশ্বৰূপা শক্তিৰ আধাৰ
দশ দিকে দশ হস্ত প্ৰসাৰি কল্যানদাত্ৰী
সৃষ্টি স্হিতি কৰিছা সংহাৰ।
সংঘাতময় যুগ বিকল পৃথিৱী
আসুৰী শক্তিত ধৰা কৰে টলবল।
দৈবী শক্তি পৰাজিত বিজয়ী অসুৰ
মনুষ্য অন্তৰ দেৱতা আকুল চঞ্চল।
জাগা মাতৃ, দানৱ দলনী
জ্ঞান চকু কৰা উৰ্ম্মিলন
তমোৰূপ অসুৰ বিনাশী
যুগ ধৰ্ম কৰা সংস্থাপন।
শান্ত সমাহিত কৰা মানৱ জীৱন
নিনাদি সত্যৰ শঙ্খধ্বনি জ্ঞান সচেতন
মন বিল্ব তৰুৰ তলত
কৰা মাতৃ পূজাৰ বোধন।
======×××=======×××=======
■ " এধানি মৰম "
লখিমী শৰ্মা
মৰমেৰে আৱৰি ৰখা হিয়াৰ অলেখ অযুত ভালপোৱাৰ শূণ্যতা পুৰাবানে তুমি হিয়া উজাৰি
হেপাঁহৰ দলিচাৰে সাঙুৰি ৰখা অজস্ৰ মৰমৰ , বান্ধোনটো থাকিবলৈ দিবানে সজীৱ হৈ আজীৱন
মৰমৰ এক এনাজৰী বান্ধি
গোপনে আহি বিলাই দিবানে
এধানি মৰমৰ শূণ্যতা বোৰ নোহোৱা কৰি ,
ভবামতে কথা বোৰ হ'ব নে পুৰন
মনে বিচৰা ধৰণে হ'বগৈ নে
উকা কপালত সেন্দুৰ পৰিবনে তোমাৰ নামৰ
হেপাঁহেৰে দিয়া আশা প্ৰতিশ্ৰুতিৰ
অন্ত পৰিবনে এদিনলৈ হ'লেও ,
নে ভাঙি পৰিব ভাগৰুৱা কলিজাখন
বিষাদ ভৰা বেদনা হৈ নিৰন্তৰে
ভাঙি চিঙি শেষ হৈ ৰ'ব নেকি এবাৰলৈ ?
এধানি মৰমৰ সুবাস বিলাই দিয়া
হোমক সাক্ষী কৰি নিজৰ কৰি লৈ ,
কথা দিয়া আজীৱন হৈ ৰ'বা তুমি মোৰ বুলি
চলাহী কথাৰে কথা নসলাবা তুমি ,
নাভাবিবা তুমি মোক বুৰ্বক বলীয়া বুলি
নক'লেও বুজিবলৈ চেষ্টা কৰা
অন্তৰৰ বেদনাদায়ক স্মৃতি ,
বিশাল আকাশৰ তলত থিয় দি
প্ৰশ্ন কৰা দুবাহু মেলি নিজক সুধি ,
উত্তৰৰ সমিধান পাবা তেতিয়াহে তুমি
ভালপোৱাৰ গভীৰতাত তুমিও
আজি চাগে দুই নাও দুই ভৰি
গম পালোঁ যে মই কেতিয়াবা য়ে
তোমাৰ বতৰা ,,, সৌ - সিদিনাৰ কথাবোৰৰ
আওল লগা কথাৰ গুৰি ।।।
======×××=======×××=======
■ছাত্ৰ জীৱন
শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী (হোজাই)
ছাত্ৰ জীৱন স্বাধীন জীৱন-
ছাত্ৰতেই আমাৰ আনন্দ,
ছাত্ৰতেই আমাৰ শিক্ষা গ্ৰহণ,
ছাত্ৰতেই আমাৰ হাঁহি-ধেমালিৰে
সুখ-শান্তিৰে জীৱন গঢ়া।
ছাত্ৰ জীৱন মিলাপ্ৰীতিৰ মুক্ত মঞ্চ
ইয়াত ৰাজনৈতিক শব্দ মূল্যহীন,
ছাত্ৰতেই আমাৰ সপোন দেখাই
অদূৰ ভৱিষ্যতৰ জীৱন।
ছাত্ৰতেই আমাৰ সৃষ্টিৰ বাট
আগলৈ আগুৱাই যোৱাৰ,
ছাত্ৰতেই আমাৰ আত্মনিৰ্ভৰশীলতাৰ
আহি পৰে প্ৰভাৱ।
ছাত্ৰ আমি প্ৰতিদিনৰ প্ৰতিক্ষণে
ছাত্ৰতেই আমাৰ জীৱন গঢ়া,
ছাত্ৰ জীৱন স্বাধীন জীৱন
ছাত্ৰ জীৱন সুখৰ স্বৰ্গপুৰী।
======×××=======×××=======
■ভ্ৰষ্ট নেতা
শান্তা দাস
লংকা, হোজাই, অসম
হে ভাৰত ভূমি তোমাৰ কাহিনী
ইতিহাসৰ বহীত লিখা আছে অপাৰ।
তোমাৰ ভূমি যে কিমান ৰক্তাক্ত হৈছিল,
অত্যাচাৰৰ সেই কৰুণ ঘটনাৰ কথা শুনিলে,
আজিও হৃদয় কঁপি উঠে বাৰ বাৰ।
মোগল-ইংৰাজৰ অমানৱীয় নীতৰ বশৱৰ্তী হৈ,
ক'ত যে মায়ে নিজৰ সন্তান হেৰুৱাইছিল তোমাৰ এই ভূমিত।
হাঁহি হাঁহি ক'ত জনে নিজৰ শ্বাস উৎসৰ্গা কৰিছিল,
আজি তোমাৰ শান্ত ভূমিয়ে তাৰ হিচাপ দিব পাৰিবনে?
হয়তো বা ভ্ৰষ্ট নেতাৰ ভ্ৰষ্ট গণনাত,
সেই হিচাপবোৰ উঠি আহিব পাৰে।
কিন্তু, মনত আছেনে,,,?
সেই মণিৰাম দেৱানৰ কথা,
সেই ভোগেশ্বৰৰ কথা।
কম বয়সতে ফাঁচিত ওলমি যোৱা,
সেই ভগৎ সিং, ৰাজগুৰু, শুখদেৱৰ কথা মনত পৰেনে।
বংগৰ সেই ক্ষুদিৰামৰ কথা পাহৰিলা ছাগে ?
ইংৰাজৰ হৃদয়ত ভয়ৰ কোষ বিস্তাৰ কৰা,
সেই ৰাণী লক্ষ্মীবাইৰ কথা তোমালোকৰ মনত আছেনে?
ঠিক আছে বাৰু সেইবোৰ বহু পুৰণি কথা,
কিন্তু তোমালোকৰ,,,,
অসম মাতৃৰ কন্যা বীৰাংগনা কনকলতালৈ মনত আছেনে?
দেশ মাতৃৰ ৰক্ষাৰ্থে যি জনীয়ে নিজৰ বুকুত,
ইংৰাজৰ গুলী সহ্য কৰিছিল পৰাক্রমেৰে।
ছাগে তোমালোকে পাহৰিছা সিহঁতৰ কথা,
হয়তো বা মনত ৰাখিবয়েই নিবিচৰা।
কিয়নো তেওঁলোক যে ভ্ৰষ্ট নেতাৰ অনুগামী।
সেই সময়তো আছিলা আৰু আজিও,
তোমালোক সিহঁতৰ হাতৰ পুতলা।
হে মহান দেশৰ নাগৰিক,
শুনা মোৰ এটি শ্লোগান।
এৰি দিয়া তোমালোকে ভ্ৰষ্ট নেতাৰ চামচাগীৰি,
ওফৰাই পেলাই দিয়া এই ভ্ৰষ্টতাৰ দাদাগীৰি।
ভাঙি দিয়া ভ্ৰষ্ট নেতাৰ দালালি।
ভ্ৰষ্ট নেতা নহয় কাৰোবাৰ আপুন,
সিহঁত আনৰ তেজ শুহি খোৱা একোজন মহ।
হে স্বাধীন দেশৰ জনতা,
এতিয়া নহবা কাৰোৰে কাঠৰ পুতলা,
নিজ বলেৰে নিজ বুদ্ধিৰে উঠাই দিয়া এই ভ্ৰষ্ট নেতাৰ ৰাজধানী.....।।।
======×××=======×××=======
■■মই মানৱতাক হত্যা কৰিছোঁ
ৰাহুল চেতিয়া,
ময়েই মানৱতাক হত্যা কৰিছোঁ ,
তীক্ষ্ণ চাকুৰে কাটি
দুচেও কৰি
জুই জ্বলাই অট্টহাস্য কৰিছোঁ।
সহোদৰৰ তেজেৰে ৰক্তস্নান কৰাইছোঁ
শদিয়াৰ পৰা ধুবুৰীত।।
ধৰ্ম নামত
ভিন্নতা দেখাই,
সম্প্ৰদায়ৰ মাজত বিদ্বেষ জগাই
সমাজত বিশৃংখল সৃষ্টি কৰাই
মোৰ চিৰ কাম্য।।
গাওঁলীয়া সহজ সৰল
মানুহ বোৰক
ধৰ্ম আৰু ৰাজনীতিৰে
অন্ধকাৰত ৰাখি,
কু-সংস্কৃতিৰে
শিক্ষিত-দীক্ষিত কৰি,
মইয়ে সৃষ্টি কৰিছোঁ
বহু ভণ্ড ধার্মিকৰ ।।
ধৰ্ম ৰাজনীতিৰে
মানৱতাক হত্যা কৰি,
জন্ম দিছোঁ
একো একোজন ৰত্নাকৰৰ,
বেদ-বাইবেল-কোৰাণৰ
মনে সজা ব্যাখ্যাৰে
নিতৌ সৃষ্ট হৈছে
অজস্ৰ সাম্প্ৰদায়িক শক্তিৰ ধৰ্মান্ধ।।
হয়,
আপুনি ঠিকেই শুনিছে
মইয়ে মানৱতাক হত্যা কৰিছোঁ ....
ময়েই ধৰ্মৰ বাবে
হাজাৰ জন
অজস্ৰ সাম্প্ৰদায়িকতাবাদীক সৃষ্টি কৰিছোঁ।।
======×××=======×××=======
■ব্যৰ্থ প্ৰেমিকৰ কথাৰে
ৰিছা বৰা
কেনে আছা অভিমানি?
কেনে আছে তোমাৰ অভিমান বোৰ?
কেনে আছে দুই উঠৰ একাজলি হাঁহি?
কেনে আছে সেই কাজল সনা চকুজুৰি
এতিয়াও আছে নে
এবাৰ দেখিলেও প্ৰেমত পৰিবলৈ
মন যোৱা দুই চকুৰ লাজ লাজ চাৱনি।
কেনে আছা অভিমানি?
কেতিয়াবা ভাবো জানা
তোমাৰ হৃদয়ৰ ডাৱৰ ফালি
মৰম বোৰ জুখিব পৰা হ'লে
তোমাৰ বুকুৰ কেম্পাচত এবাৰ ভুমুকি
নিজক বিচাৰি চাব পৰা হ'লে।
কেতিয়াবা তোমাৰ সপোনৰ ভঁৰালত জুমি চাব পৰা হলে
তোমাৰ জীৱনত
মোৰ অস্তিত্বই বা কিমান
হেই, অভিমানি
আজি তোমাক বিচাৰি হাবাথুৰি খাও।
আগৰ দৰে সপোনৰ আলিবাটত কেতিয়াও লগ নাপাও।
এতিয়া মাথোঁ
কেতিয়াবা চিগাৰেটৰ ধোঁৱাৰ মাজত
কেতিয়াবা বিলাতি সুৰাৰ মাজত
তোমাৰ ছবি দেখা পাওঁ।
তুমি যে আঁতৰি গ'লা
মই এতিয়া আধৰুৱা
মোৰ উশাহ টো আধৰুৱা
তুমি অবিহনে।
জীৱন নাটৰ প্ৰতিটো পৃষ্ঠা
আজি খুচৰি চাও
কিজনিবা স্মৃতিৰ কোনোবা ফাঁকত তোমাক বিচাৰি পাওঁ।
মিছ অভিমানি,
কেতিয়াবা সুধিবা চোন
কেনে আছোঁ।
কেনেকৈ পাৰ কৰিচো তুমি বিহীন
এটি এটি পল।
কেতিয়াবা চাবা চোন
Facebook ৰ মাজ মজিয়াত
মোৰ ট্ৰেজেদি ভৰা post বোৰ
কেতিয়াবা পঢ়ি চাবা what's app ৰ
About ত লিখি থোৱা ভগ্ন হৃদয়ৰ বেদনা বোৰ।
এতিয়া যৌৱনৰ বা তোমাৰ গাত
আৰু মই চাৰি পেগ সুৰাৰ নিচাত।
আবদ্ধ এটি বন্ধ কোঠাত
তোমাৰ ভাৱনাত।
কেনে আছা অভিমানি?
কেতিয়াবা খবৰ লবা.
======×××=======×××=======
■তুমি আহিবা নে
কবি-হৃদয় বৈশ্য।
বাইহাটা চাৰিআলি
তোমাৰ জীৱনত এদিন
অমানিশাৰ ধুমুহা এজাক আহিব ।
হঠাৎ তোমাৰ ফোনটো
বাজি উঠিব ।
আৰু খবৰ পাবা মই নোহোৱাৰ ।
তেতিয়া জানো তুমি কান্দিবা ।
তোমাৰ অশ্ৰুত ভাহি উঠিব নে
তোমাৰ - মোৰ স্মৃতিবোৰ ।
মোৰ চিতাত ভষ্ম হ'বলৈ
নিদিবা তোমাৰ সেই অহংকাৰ
মোৰ আত্মাই কস্ত পাব ।
মই নোহোৱাৰ বাতৰি পাই
নাকান্দিবা আহি চিতাৰ কাষত ।
জীৱনৰ শেষ ঠিকনা খনত
তুমি আহিবা ।
তুমি নিমন্ত্ৰিত।
হয়তো আৰু দেখিবলৈ নেপাম
তোমাৰ সেই গাভৰু খোজত
প্ৰান পাই উঠা কৃষ্ণচূড়াৰ ফুলবোৰ।
শেষত হাহিৰে বিদায় দিবা বুলি মই আশাবাদী।.....❤️
======×××=======×××=======
■ শাওণৰ অনুভৱে চুই যোৱা এটি আবেলি
✍️পৰী প্ৰিয়া
চাৰিওফালে নিস্তব্ধ নিতাল !
কিচিৰ মিচিৰ চৰাইজাকৰ চিঞৰত
সাৰ পোৱা বতাহজাকে
কোবাই গৈছে পথাৰখন
লগতে থন ধৰিবলৈ লোৱা ৰোৱাবোৰ ।
নৈখনৰ গতিও সলনি হৈছে ,
কেতিয়াবা যদি সোঁতৰ প্ৰকোপ বেছি হৈছে
কেতিয়াবা আকৌ ধীৰ গতিৰে
ফেনে - ফুটুকাৰে ভৰপূৰ হৈ
ক্ৰমাৎ বাৰিষাক আমন্ত্ৰণ কৰিছে ।
প্ৰকৃতিৰ মহিমাও বুজ ল'ব নোৱাৰা হৈছে ,
এই সময়তে যদি ৰʼদজাকে
প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে ,
তাৰ মাজতে কোনোবা সময়ত
বৰষুণৰ প্ৰলেপে ধৰিত্ৰীক জীপাল কৰি তুলিছে ।
শাওণ মাহৰ আবেলিটোও
প্ৰকৃতিৰ ন ন পৰশতে জী উঠিছে ।
নিজান - নিজম পৰিৱেশটোৰ উমালে
শাওণমহীয়া সেই আবেলিটো
লাহে লাহে ভৰুণ কৰি তুলিছে ।
সেই একেটা আবেলিতে
কাঁচিয়লী গীতৰ সুৰ জোৰা ৰোৱনীজাকক
বতাহজাকে অধিক উন্মনা কৰি
দেহত প্ৰেমৰ ৰহণ সানিছে ।
======×××=======×××=======