দ্বিতীয় বছৰ,জুন মাহ ১-১৫ সংখ্যা ২০২৪
কবিতা শিতান ১
■ধনী মানুহৰ খং
প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা, লখিমপুৰ
দুখীয়াৰ দুখ
ধনীৰ সুখ
হেলান দিবপৰা আৰামী আসন
নাখাই পেলাই দিয়া উভৈনদী খাদ্য
তথাপি মনত খং।
দুখীয়াৰ উৰুখা পজা
শান্তিৰ আলয় সেয়া
ধনীৰ উৰুঙা, নিজান ঘৰ
হাতত তুলি দিয়া মাংস ভাত য'ত এলাগী
হাঁহি বোৰ মলীন তাত।
নিজৰ ভাল লগা বোৰ নাপালেই ধনীৰ খং
দুখীয়াৰ আত্ম সন্মান সানি কৰি চাই ৰং
নিজৰ ক্ষেত্ৰত কিন্তু বৰ সচেতন
পিছে হ'লে কি হ'ব
সত্য সুন্দৰ সদায়
এদিন ওলাই পৰে প্ৰকৃত ৰং
সফলতা বিফলতাৰ বাৰ্তাৰ হয় অন্তিম শয়ন
সেয়েহে ধনী মানুহৰ উঠে বৰ খং।
■তাই আহিব নে?
মিন্টু গোৱলা, লখিমপুৰ, কদম
লাহে লাহে বেলিটি লহিয়ালে
চোতালৰ বকুলজোপাৰ তলত বহি
প্ৰেয়সী আহিব বুলি অপেক্ষাত আছোঁ।
বেলিটি ৰঙা হৈ পাহাৰৰ চুক
এটাত সোমাই পৰিছে
কিন্তু ??
ইমান অপেক্ষাৰ পিছতো তাই নাহিল ।
তাই আহিব বুলি আশাক নিৰাশা
নকৰি হেঁপাহৰে অপেক্ষাত আছোঁহি ,
তাইৰ কথাবোৰ ভাৱি।
প্ৰিয় প্ৰেয়সী জনী আহিলে
বকুলজোপাৰ তলত দুয়ো
নীৰৱে বহি পাতিলোঁ
হেঁতেন বুকুৰ গোপন কথাবোৰ
তাই আহিব বুলি
অপেক্ষা কৰি আছোঁহি।
তাই আহিলে মোৰ বুকুখন
এখনি প্ৰেমৰ সাগৰ হৈ বৈ যায়
য'ত বৈ যায় মৰম, ভালপোৱা,আৱেগ,
অনুভূতি,খং,অভিমান বোৰ ।
তাই আহিব নে ??
চোতালৰ বকুলজোপাৰ তলত ।
■ফাগুন
✍️পৰী প্ৰিয়া
ফাগুন হৈ নামি আহা ,
শিমলুৰ জুইফুল হৈ তোমাক আৱৰি ৰাখিম ।
বাউলী পছোৱাজাকৰ সুবাস লৈ
ধূলিয়ৰি বাটটোত বিষাদৰ সাক্ষী হৈ
সৰাপাতৰ কাহিনী শুনিবলৈ
তুমি ফাগুন হ'বই লাগিব ।
পলাশৰঙী সপোনৰ বুকু জুৰাই
লঠঙা ডালত মদাৰৰ পাহি জিলিকাই
প্ৰেমিক বৰষুণজাকত হৃদয় জুৰাবলৈ
তুমি ফাগুন হৈ আহিব লাগিব ।
ভালপোৱাৰ ৰহণ সানি
সপোনৰ বৰঘৰত
মিলনৰ চুক্তি কৰিবলৈ
তুমি জানো ফাগুন হৈ নাহিবা ?
নিঠৰুৱা দেহত নতুনত্বৰ সঞ্চাৰ কৰি
বিষাদ বেদনাত নিজকে আঁতৰাই ৰখাৰ
প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ
ফাগুন হৈ তুমি জানো নিজক সলাব পাৰিবা ?
নালাগে তুমি সলনি হ'ব !
প্ৰেম , ভালপোৱা , মৰম আৰু
তলসৰা সৰাপাতৰ বেদনাৰ সাৰথি হৈ
তুমি ফাগুন হৈয়ে জিলিকি ৰোৱা ।
দুষ্ট ফাগুনৰ উন্মুক্ত উন্মাদনাত
সৃষ্টিৰ বীজ সিঁচি
জীয়া কাহিনীৰ এমুঠি আৱেগ হৈ
তুমি জিলিকি ৰোৱা ফাগুন ।
■ এনেকৈয়ে হেৰাল মোৰ সপোন!
নাছিৰ আহমেদ, গোৱালপাৰা
এনেকৈয়ে হেৰাল মোৰ সপোন !
এতিয়া মই ক'ত যাওঁ,কি কৰোঁ
নীলাভ, তুমিয়েই কোৱা প্ৰিয়তম ?
সৌ সিদিনা তুমি যে ৰুইছিলা গোলাপজুপি ----
এতিয়া এপাহ দুপাহকৈ ৰঙচুৱা ফুল ফুলিছে ।
বাৰীৰ ঢাপত গছৰ ডালত নানা ৰঙৰ সুমিষ্ট ফল
দোঁ খাই ভৰি ভৰি পৰিছে ।
তাৰ ফাঁকেদি সৰকি আহিছে মৃদু মলয়া বতাহ।
সৰু বৰ চৰাইবোৰে আমালৈ ভূমুকি চাইছে ;
ইনাই বিনাই কান্দিছে !
তুমি নাই নহয়, সেই কাৰণে !
কোঠাত সিঁচৰতি হৈ পৰি আছে
তোমাৰ অযত্ন পালিত বিভিন্ন সাজ।
কবি গুৰুৰ ভাষাত -----
চিহ্ন সেথা পড়ে আছে, হেথা তুমি নাই !
মোৰ কলিজাৰ কেঁচা তেজ টোপ টোপকৈ সৰিছে।
এনেকৈয়ে হেৰাল মোৰ সপোন!
এতিয়া মই ক'ত যাওঁ, কি কৰোঁ
নীলাভ , তুমিয়েই কোৱা মোৰ সোণ ?
তুমি কৈছিলা , সেউজ বননিৰে ভৰা আমাৰ বাৰী ;
কোনোবাই বিচাৰিলে বিলাই দিব পাৰিম
পাচিয়ে পাচিয়ে অম্লজান ।
অথচ! সামান্যতম অম্লজানৰ বাবেই -------
বিষাক্ত বিষাণু ক'ৰোনাই আজি ,কি কম !
তুমি প্ৰায়েই মোক বুকুত আওজাই লৈ কৈছিলা :
আমাৰ প্ৰেম চিৰ যুগমীয়া।
মোৰ কপালত ফুলি থকা দগমগীয়া ৰঙা বেলিটো
পোহৰাই ৰাখিব আমাৰ ঘৰ চিৰদিন চিৰকাল।
কিন্তু এচকুৱা ঢোৰা কাউৰীৰূপী ঈশ্বৰ!
জাপানী পুতলাৰ বেইমান ঈশ্বৰ !
একে থাপে নুমাই দিলে কপালৰ ৰঙা সূৰুযকণ !!
এনেকৈয়ে হেৰাল মোৰ সপোন !
এতিয়া মই ক'ত যাওঁ,কি কৰোঁ
নীলাভ , তুমিয়েই কোৱা মোৰ প্ৰাণ ?
মোৰ চকুৰ পানী গোট মাৰি বৰফ হ'ল
বুকুৰ ভিতৰত স্তূপীকৃত হ'ল প্ৰকাণ্ড শিলাখণ্ড !
এতিয়া কাৰ ওচৰলৈ যাওঁ
কোনে বুজিব মোৰ হৃদয়ৰ ব্যথা!
কোনোবা আছেনে এনে সুহৃদ ,
মোৰ সতীৰ্থ প্ৰিয় কবি বন্ধু ?
মোৰ বুকুত উপৰ্যুপৰি প্ৰহাৰ কৰি কৰি
দুচকুৱেদি বোঁৱাই দিয়া এসাগৰ ফেনিল জলোস্বাস!
সেইবুলি মই অকাল মৃত্যুকো আকোঁৱালি নলওঁ
নীলাভ ,তুমিয়েই জানো কোৱা নাছিলা :
" Our love is Divine
Our love is Eternal,
No body in the world including God
May be separated our temporary body
But not able to depart our United Soul !
এনেকৈয়ে হেৰাল মোৰ সপোন !
এতিয়া ক'ত যাওঁ , কি কৰোঁ
নীলাভ ! নীলাভ! তুমিয়েই কোৱা প্ৰিয়তম ?
এনেকৈয়ে হেৰাল মোৰ সপোন !!
■ নিভাঁজ অনুভৱ
✍️ সংগীতা ডেকা , ৰঙিয়া
নীলিম প্ৰেয়সী নীলাভ প্ৰিয়া মই
ডাৱৰৰ শুভ্ৰতাত লুকাই থৈছো
সাতোৰঙী সপোনৰ এমুঠি আশা....!
আকাশৰ সীমনাত মেলি দিম আজি ,
কবিতা কবিতা লগা
এক অজান শিহৰণ.....
তুমি বাৰু সজাবানে ?
মোৰ শব্দৰ বিন্যাসত
তোমাৰ হৃদয়ৰ
সেই নিভাঁজ অনুভৱক ?
■অহংকাৰীৰ অহমিকা
এই যে সুখৰ ওৱাদানিৰে
পৰিপূৰ্ণ মধুজাখনত
অহংকাৰীৰ অহমিকাৰ
আধিক্য অধিক।
কিন্তু অহমিকা সদায়েই যে
কুন্ধচ স্বৰূপে খ্যাত।
তথাপিও কিয় বাৰু
অহংকাৰীৰ অহমিকাৰ
নহয় অন্ত।
বিমোহন যদিও
তেওঁলোকৰ সৌন্দৰ্য,
তথাপিও ক্ষণে ক্ষণে
বুকুত জীয়াই ৰাখে
অহমিকাৰ প্ৰতিচ্ছবি।
পাহৰি যায় অ' তেওঁলোকে
যে অহংকাৰে জীৱনৰ
অন্তিম প্ৰতিচ্ছবি।
জীৱাত্মাই ক্ষণে ক্ষণে
বিচাৰে কেৱল
অহংকাৰৰ পৰা মুকুতি।
এই যে অমানুষিক অহংকাৰ
এই অহংকাৰে সঁচাকৈয়ে
নাশ কৰে অ'
মানৱৰ মূল্য।
তথাপিও নাই
অহংকাৰীৰ অহমিকাৰ অন্ত।
নাম: হিয়া মণি ডেকা
জিলা: কামৰূপ গ্ৰাম্য
ঘৰ: হাজো ( বাগটা)
শ্ৰেণী: একাদশ শ্ৰেণী
■*পছোৱা বতাহৰ পৰশ*
🖋️মাম্পী দাস,(চান্দিনী)
ৰানীপুখুৰী ভালুকমাৰী, (হোজাই)
গছজোপা মোৰ লগত মিচিকি-মিচিকি হাঁহি পাতিছে কথা
মই শুনি আছোঁ দুহাত মেলি।
বতাহ বৈ থকা চাৰিওফাল
দেহাটো ঠাণ্ডা হৈ বতাহৰ লগত মিলি গৈছে।
দেহা-মন চুইছে শিহৰনত
কিমান যে লাগিছে শান্তি
কাকো বুজাব পৰা নাই?
বসন্তত বৰদৈচিলাৰ কালজয়ী বতাহ
এজাক বৰষুণ আহিল বুলি
জোৰকৈ উৰিছে আৰু দৌৰিছে বৰদৈচিলা।
শীতল লাগিছে বতাহক স্পৰ্শ কৰাৰ লগে লগে
কিমান ভাল লাগিছে বুজাব পৰাই নাই।
পছোৱা বতাহত গছ-গছনিবোৰে
ইফালে সিফালে হালি-জালি নাচিছে।
সন্ধিয়া এন্ধাৰ নামিব বুলি
এক আধৰুৱা প্ৰকৃতিৰ দৃশ্য সন্মুখত থিয়।
সূৰ্য অস্তৰ সময়ত ৰঙা ৰং
মনোৰম এক নেদেখা চিত্ৰ
পশ্চিম আকাশে কঢ়িয়াই আনিছে চকুলৈ।
No comments:
Post a Comment