মই বিহীন-ৰাহুল চেতিয়া
মই যেতিয়া এই সংসাৰ
এৰি গুচি যাম
হয়তো কোনেও
মোৰ অনুপস্থিত অনুভৱ নকৰিব,
আহিছে মানুহ গৈছে মানুহ
কোনে হিচাব ৰাখিব ।
মই নাথাকিলেই
কোনো ক্ষতি নহব
জীৱন যাত্ৰাৰ গতিপথ
শিথিল হৈ নপৰিব।
মই নাথাকিলেও দিন ৰাতি হ’ব
জোন বেলি তৰা ওলাই থাকিব,
বৃষ্টি হব, গছে পাত সলাব,
ঋতু, বছৰ সলনি হব
ঠঙাল গছবোৰত
কুমলীয়া পাত ধৰিব,
গছত বহি চৰাইয়ে গীত জুৰিব
আৰু ক'ত কি যে হব!
আহিছিলোঁ নিবস্ত হৈ
যামগৈ নিবস্ত হৈ
থাকি যাব মাথোঁ কিছু কৰ্ম-কীৰ্তি...
হয়তো কোনোৱে ভাল বুলিব
কোনোৱে বদনাম কৰিব
শত্ৰু বোৰে মৃত্যুত জয়গান গাব
এই বোৰ শুনিবলৈ মোৰ সময় নাথাকিব।
ৰাহুল চেতিয়া,ধেমাজি
No comments:
Post a Comment