Sunday, September 25, 2022

মই বিহীন-ৰাহুল চেতিয়া

 মই বিহীন-ৰাহুল চেতিয়া
মই যেতিয়া এই সংসাৰ
এৰি গুচি যাম
হয়তো কোনেও 
মোৰ অনুপস্থিত অনুভৱ নকৰিব,
আহিছে মানুহ গৈছে মানুহ 
কোনে  হিচাব ৰাখিব ।
মই নাথাকিলেই 
কোনো ক্ষতি নহব
জীৱন যাত্ৰাৰ গতিপথ
শিথিল হৈ নপৰিব।

মই নাথাকিলেও দিন ৰাতি হ’ব 
জোন বেলি তৰা ওলাই থাকিব, 
বৃষ্টি হব, গছে পাত সলাব,
ঋতু, বছৰ সলনি হব
ঠঙাল গছবোৰত
কুমলীয়া পাত ধৰিব,
গছত বহি চৰাইয়ে গীত জুৰিব
আৰু ক'ত কি যে হব!
আহিছিলোঁ নিবস্ত হৈ
যামগৈ নিবস্ত হৈ
থাকি যাব মাথোঁ কিছু কৰ্ম-কীৰ্তি...
হয়তো কোনোৱে ভাল বুলিব
কোনোৱে বদনাম কৰিব
শত্ৰু বোৰে মৃত্যুত জয়গান গাব
এই বোৰ শুনিবলৈ মোৰ সময় নাথাকিব।

ৰাহুল চেতিয়া,ধেমাজি

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...