সোণত সুৱগা মোৰ এই গাওঁ খনি
কত লʼৰালি কতালো
এই মোৰ কদমজোপি কত ধেমালিৰে পাৰ
কৰিলোঁ মোৰ শৈশৱ
কত বন্ধুৰ সৈতে কত ধেমালি কৰিলোঁ।
কত বন্ধুক কৰিলে
মানুহ মোৰ এই গাওঁখনিয়ে কত জীৱন-যৌৱনক
দেখুৱালে সোণোৱালী বাট ।
মোকো দেখুৱালে সোণোৱালী বাট জীৱন পথত ।
ময়ো এদিন এই গাওঁতে পাৰ
কৰিলোঁ লʼৰালি ভৰি দিলোঁ যৌৱনত
প্ৰেমাহীত যৌৱনত মগ্ন হয়
পাৰ কৰিলোঁ কত প্ৰেমৰ লীলা এই মোৰ গাওঁখনিত
কত প্ৰেয়সী হ'ল ভুল ।
কত বন্ধু বিলিন হল সুন্দৰী নৈৰ পাৰত
মিলি গল সুন্দৰীৰ বালিত ।
শুৱনি মোৰ গাওঁ খনি কত সুখ-দুখেৰে ভৰা
পাৰ কৰিলোঁ কত জীৱন-যৌৱন ।
অনন্ত কালৰ সজাত পৰি সোঁৱৰিছো কদমজোপিক
স্মৃতিৰ পৰশ ঢালি মনৰ মাজত।
কত জীৱন দিলা কত যৌৱন গঢ়ালা সোণৰ চৰাৰে
সেই মোৰ শুৱনি কদম জোপি ।
আহিব এদিন কোনোবাই তোমাৰ কোলাত আদৰি
লবা তুমি তোমাৰ কোলাত ।
তুমিও দিবা তেওঁক মোৰ দৰে জীৱন জীয়াৰ বাট
সোণেৰে জিলিকাই তুলিবা
তেওঁৰ জীৱন-যৌৱন তেওঁৰ প্ৰতিটো পুৱাত
মইতো নাথাকোঁ এই গাওঁত ।
বিলিন হ'ম এদিন সুন্দৰী নৈৰ পাৰত মিলি যাম বালিত
উৰে জীৱন লৈ মুক্তি হ'ম ।
তুমি থাকিবা সদায় নতুনক আদৰি উৰে
জীৱন লৈ কদম জোপিত ।
শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম
No comments:
Post a Comment