Tuesday, October 11, 2022

মানৱী জীৱন:মিন্টু গোৱলা

মানৱী জীৱন:


সুন্দৰ সৃষ্টিৰ দলিচাত আমি মাটিৰ মানুহ  মায়াৱী জীৱন আমাৰ মায়াৰ এটি কাহিনী য'ত দুখ-সুখে ভৰা এই জীৱন কত পোৱা-নোপোৱা  বেদনাৰে হৃদয় ভৰাই মায়াৰ জীৱন নিৰ্বাস কৰোঁ৷
জীৱনৰ সংগ্ৰামবোৰো বৰ কষ্টসাধ্য হয়,
জীৱনৰ নৈখনিৰ সীমা নিৰ্ধাৰিত কৰিব নোৱাৰি।
জীৱনৰ পাপ পূণ্যৰ টোপাল লয় মানৱী জীৱন কৰোঁ পাৰ,  জীৱনৰ দম্ভ অহংকাৰে ভৰা এই মায়াৱী জীৱন ।
মিছা প্ৰৱঞ্ছনাই  মানৱক ঠগি সমম্ত পাপৰ বোজা মায়াৰ জীৱনত লয় ,ভুগিব লগা হয় যমপুৰীত ।
মায়াৰে পৃথিৱীত আমি এটি মাটিৰ পুতলা , পৃথিৱীৰ সৃষ্টিৰ দলিচাত আমি মাথোঁ অভিনয়ৰ অভিনেতা।
ভাও দি যাওঁ আমি সময় সুতিত যমপুৰীলৈ  । 
পাপ পূণ্য থাকে যদি মায়াৰ জীৱনত ইপুৰীতে ভূগিব লাগে সমস্ত পাপৰ বোজা।
মানৱী জীৱনটো দুদিনৰ আলহী , মায়াৰে কাহিনী বৰ্ণনা কৰা পৃথিৱী এখনি মঞ্চ ।
মাটিৰে দেহাটি মাটিতে মিলি যাব ,মায়া উৰি যাব অজান দেশ লৈ কোনেও নেদেখা অচিন দেশত । 
জীৱন থাকে মানে দম্ভ অহংকাৰো থাকিব জীৱন গ'লে সকলো যাব ।
==========================
শ্ৰী মিন্টু গোৱলা ,জিলা লখিমপুৰ
গাওঁ:কদম টেঙা বস্তি,ডাক:কদম 
পিন নং:৭৮৭০৩২
স্নাতকোত্তৰ মহলাৰ ৫ষান্মাসিকৰ ছাত্ৰ
লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...