Tuesday, October 11, 2022

মায়াৰ পৃথিৱী:মিন্টু গোৱলা

 মায়াৰ পৃথিৱী:

মায়াৰ পৃথিৱী খনত মই 

এটি ক্লান্ত মানৱ ,

জীৱন সাগৰৰ সৰ্ব  অধিষ্ঠিত ক্লান্তিহীন

এখনি নাওঁ হৈ পৰিছোঁ

এই মায়াৰ পৃথিৱীত।

 কোনো নাই মোৰ আপোন বুলিব

আছে মাথোঁ আপোন বুলিব

 মোৰ মা, দেউতা (!)

কেতিয়াবা কোনোবাই মোক জীৱন সাগৰৰ 

সিপাৰৰ পৰা  চিঞৰি কৈ 

         মই তোমাৰ আপোন 

কিন্তু মোৰ মনতোৱে বাৰে বাৰে প্ৰশ্ন সুধে

 যদি তুমি মোৰ আপোন

তেন্তে তুমি কিয় মোৰ পৰা আতঁৰি থকা (?)

 মই জানো  মা, দেউতাৰ বাহিৰে 

মোৰ আপোন কোনো নাই।

তথাপিও জীৱন সাগৰৰ সিপাৰৰ পৰা 

চিঞৰি থকা আপোন

মানুহজনক বিচাৰিছোঁ ,

এই ক্লান্তিহীন জীৱনৰ অপ্ৰাপ্তিৰ

টোপোলা লৈ ফুৰিছোঁ ।

ক্লান্ত জীৱনৰ ব্যায়াকুলতাৰ

 পৃথিৱীত  আজি মই অক্লান্ত 

মানৱ হৈ পৰি আছোঁ।

যাব লাগিব সেই বাটত

 যি বাটে গ'লে আৰু

 কাহানীও উভতি নাহো

 এই মায়াৰ পৃথিৱীত।

•••••••••••••••••••••••••••••

 মিন্টু গোৱলা, লখিমপুৰ কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...