শৰৎ:ৰাহুল চেতিয়া
আগমন ঘটিল ধৰা পৃষ্ঠলৈ
কঁহুৱা কোমল শৰৎ ঋতুৰ.....
শুকুলা মেঘে আৱৰি ধৰিলেহি নীলিম আকাশ...
লুকা-ভাকু খেল মেঘ-বেলিৰ মাজত।...
দুষ্ট বতাহ যাকো ক্ষন্তেকতে প্রেমিক হৈ
কঢ়িয়াই আনিলে শেৱালিৰ সুবাস.....
পৰিশ্ৰান্ত হৈ পৰা দেহৰ সকলো অৱসাদ আঁতৰাই
শ্ৰমজীৱি মানুহৰ মনলৈ কঢ়িয়াই আনিলে
প্ৰতিশ্ৰুতিৰ অযুত সম্ভাৰ......
আহিনৰ জাৰত ধৰাপৃষ্ঠই মেৰিয়াই ললে
কুঁৱলীৰ এখনি বগা চাদৰ,
ওৰে নিশা নিয়ৰত তিতি থকা শেৱালিয়েও
উপচাই পেলালে চোতাল।
জোনাকী নিশা ভাঁহি আহে
সুদূৰ কোনোবা বাগিচাৰ কৰম থলীত
বাজি থকা মাদল.....
মাদলৰ চেৱে চেৱে নাচি উঠে বিৰচা হতৰ মন বোৰ...
বানে গৰকা সৰ্বশ্ৰান্ত কৃষকৰ দুনয়নত
আশাৰ ৰেঙনি কঢ়িয়াই শস্যৰ পথাৰ
আকৌ শ্যামল হৈ উঠিল....
আৰম্ভ হল ধূপ -ধূণা,দীপ,পুষ্প,নৈবদ্যৰে দেৱী পূজন
চৌদিশে বিয়পি পৰিল আধ্যাত্মিক ভাৱনাৰ পবিত্ৰতা।
✍️ৰাহুল চেতিয়া,নিলখপুৰ ধেমাজি
No comments:
Post a Comment