Saturday, October 08, 2022

শেৱালি:দুলাল বৰা

 শেৱালী:


নদীৰ পাৰৰ কহুঁৱাবোৰ 
মলয়া জাকৰ লগত চগাতোৰ দৰে দুপাখি মেলি 
উৰিল চৌপাশে শৰতৰ বতৰা সিঁচি
নিয়ৰ টোপালবোৰো এটোপ এটোপ
কৈ সৰিল ধৰাৰ বুকুলৈ সেউজী আঁচল তিয়াই
দুপৰ নিশা তুলিলে প্ৰেমৰ ৰাগি প্ৰেমিক-প্ৰেমিকাৰ দুৱাৰে দুৱাৰে প্ৰেমাশিক্ত সুৰসুৰীয়া এটি সুগন্ধি সিঁচি বগা আঁচল খহাই উম্মক্ত হৈ ।
এই যে প্ৰেমৰ সুগন্ধি ইয়াৰ সৌন্দৰ্য্যতা মাথো ৰাতিৰ বাবে হে ঢলপুৱাতে  এই উম্মোক্ততাৰ
বেহাখনি ,যেন নিৰস হৈ পৰি ৰ'ব চোতাল অথবা পথৰ কাষত কাৰোবাৰ ভৰি গচকত কাৰোবাৰ ঝাড়ুৰ আগত নিজৰ সুকোমল সুগন্ধি দেহাটো কদৰ্য কৰিলৈ পুনৰ আকৌ অন‍্য এটি নিশাৰ বাবে নিজক সাজু কৰি একেই সুগন্ধিলৈ
এইটো নিয়ৰ আৰু আন্ধৰৰ
প্ৰেয়সী নাম যাৰ শেৱালি 
যুগ যুগ বাগৰি অহা।


দুলাল বৰা

বিশ্বনাথ চাৰিআলি।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...