Saturday, October 08, 2022

শেৱালি:দুলাল বৰা

 শেৱালী:


নদীৰ পাৰৰ কহুঁৱাবোৰ 
মলয়া জাকৰ লগত চগাতোৰ দৰে দুপাখি মেলি 
উৰিল চৌপাশে শৰতৰ বতৰা সিঁচি
নিয়ৰ টোপালবোৰো এটোপ এটোপ
কৈ সৰিল ধৰাৰ বুকুলৈ সেউজী আঁচল তিয়াই
দুপৰ নিশা তুলিলে প্ৰেমৰ ৰাগি প্ৰেমিক-প্ৰেমিকাৰ দুৱাৰে দুৱাৰে প্ৰেমাশিক্ত সুৰসুৰীয়া এটি সুগন্ধি সিঁচি বগা আঁচল খহাই উম্মক্ত হৈ ।
এই যে প্ৰেমৰ সুগন্ধি ইয়াৰ সৌন্দৰ্য্যতা মাথো ৰাতিৰ বাবে হে ঢলপুৱাতে  এই উম্মোক্ততাৰ
বেহাখনি ,যেন নিৰস হৈ পৰি ৰ'ব চোতাল অথবা পথৰ কাষত কাৰোবাৰ ভৰি গচকত কাৰোবাৰ ঝাড়ুৰ আগত নিজৰ সুকোমল সুগন্ধি দেহাটো কদৰ্য কৰিলৈ পুনৰ আকৌ অন‍্য এটি নিশাৰ বাবে নিজক সাজু কৰি একেই সুগন্ধিলৈ
এইটো নিয়ৰ আৰু আন্ধৰৰ
প্ৰেয়সী নাম যাৰ শেৱালি 
যুগ যুগ বাগৰি অহা।


দুলাল বৰা

বিশ্বনাথ চাৰিআলি।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...