Tuesday, October 11, 2022

যদি জুখিব পাৰিলো হয়:শান্তনু হাজৰিকা

 যদি জুখিব পাৰিলো হয়

দুখৰ পৰিসীমা জুখিব পৰা হ'লে, 

হয়টো জুখি চালো হয় !

কিমান দুখৰ পাছত 

সুখ ভোগ কৰিব পোৱা যায় ?

আৱেগৰ পৰিমান জুখিব পৰা হ'লে, 

হয়টো জুখি চালো হয় !

কিমান আৱেগিক হ'লে 

সুখৰ চকুলো দুচকুৰে নিগৰি ৰয় ?

সময়ৰ শেষ জুখিব পৰা হ'লে, 

হয়টো জুখি চালো হয় !

কিমান সময় অতিবাহিত হ'লে 

আপোনজন সলনি হৈ যায়???

                        

                  ✍️শান্তনু হাজৰিকা

                   বিশ্বনাথ চাৰিআলি

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...