Tuesday, October 11, 2022

যদি জুখিব পাৰিলো হয়:শান্তনু হাজৰিকা

 যদি জুখিব পাৰিলো হয়

দুখৰ পৰিসীমা জুখিব পৰা হ'লে, 

হয়টো জুখি চালো হয় !

কিমান দুখৰ পাছত 

সুখ ভোগ কৰিব পোৱা যায় ?

আৱেগৰ পৰিমান জুখিব পৰা হ'লে, 

হয়টো জুখি চালো হয় !

কিমান আৱেগিক হ'লে 

সুখৰ চকুলো দুচকুৰে নিগৰি ৰয় ?

সময়ৰ শেষ জুখিব পৰা হ'লে, 

হয়টো জুখি চালো হয় !

কিমান সময় অতিবাহিত হ'লে 

আপোনজন সলনি হৈ যায়???

                        

                  ✍️শান্তনু হাজৰিকা

                   বিশ্বনাথ চাৰিআলি

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...