Friday, October 07, 2022

মা:-মতিউৰ ৰহমান

মা:

তুমি সৃষ্টি জগতৰ
শ্ৰেষ্ঠ মমতাময়ী
তোমাৰ  বাবেই
জয় জয়কাৰ মানৱতাৰ। 
তুমি ধৈর্য্যৰ প্ৰতীক
ভালপোৱাৰ নিদৰ্শন
তোমাৰ শীতল ছাঁয়াতে
ধন্য হয় সন্তানৰ জীৱন।
 যিমানে বিষাদে আৱৰি লয়
তোমাৰ মুখখনি দেখিলেই 
সকলো  ক্ষান্ত হয়, 
তোমাৰ মিঠা, সুৰীয়া মাতে
শান্তি দিয়ে, শক্তি যোগায়। 
পৰম শান্তি অনুভৱ হয়
বেদনাত অস্থিৰ হ'লে, 
বেমাৰত পতিত হ'লে
হাত বোলাই দিয়া সহাঁৰিয়ে, 
এক অনাবিল সুখ দিয়ে
যেতিয়া জীয়াই থকাৰ আশা নোহোৱা হয়
তেতিয়া মা বুলি কৈ 
কোলাতে মূৰ থৈ
এক দীৰ্ঘ নিশ্বাস এৰিলে
দুঃখ যন্ত্রণাবোৰ পাহৰি যাওঁ। 
তেতিয়া নতুন উদ্যমেৰে
অগ্ৰগামি হ'বলৈ প্ৰেৰণা পাওঁ
মা তুমি পৃথিৱীৰ শ্ৰেষ্ঠ ছবি
তুমি জীৱন বাটৰ উৎকৃষ্ট লগৰী।


            ✍ মতিউৰ_ৰহমান

                      উদমাৰী (নগাঁও)

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...