Showing posts with label মতিউৰ ৰহমান. Show all posts
Showing posts with label মতিউৰ ৰহমান. Show all posts

Friday, October 07, 2022

মা:-মতিউৰ ৰহমান

মা:

তুমি সৃষ্টি জগতৰ
শ্ৰেষ্ঠ মমতাময়ী
তোমাৰ  বাবেই
জয় জয়কাৰ মানৱতাৰ। 
তুমি ধৈর্য্যৰ প্ৰতীক
ভালপোৱাৰ নিদৰ্শন
তোমাৰ শীতল ছাঁয়াতে
ধন্য হয় সন্তানৰ জীৱন।
 যিমানে বিষাদে আৱৰি লয়
তোমাৰ মুখখনি দেখিলেই 
সকলো  ক্ষান্ত হয়, 
তোমাৰ মিঠা, সুৰীয়া মাতে
শান্তি দিয়ে, শক্তি যোগায়। 
পৰম শান্তি অনুভৱ হয়
বেদনাত অস্থিৰ হ'লে, 
বেমাৰত পতিত হ'লে
হাত বোলাই দিয়া সহাঁৰিয়ে, 
এক অনাবিল সুখ দিয়ে
যেতিয়া জীয়াই থকাৰ আশা নোহোৱা হয়
তেতিয়া মা বুলি কৈ 
কোলাতে মূৰ থৈ
এক দীৰ্ঘ নিশ্বাস এৰিলে
দুঃখ যন্ত্রণাবোৰ পাহৰি যাওঁ। 
তেতিয়া নতুন উদ্যমেৰে
অগ্ৰগামি হ'বলৈ প্ৰেৰণা পাওঁ
মা তুমি পৃথিৱীৰ শ্ৰেষ্ঠ ছবি
তুমি জীৱন বাটৰ উৎকৃষ্ট লগৰী।


            ✍ মতিউৰ_ৰহমান

                      উদমাৰী (নগাঁও)

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...