Tuesday, October 11, 2022

হাঁহিবোৰ বৈ যাওঁক এনেদৰেই....

হাঁহিবোৰ বৈ যাওঁক এনেদৰেই..

:- দেউতা চোৱা না, সেইটো কিমান ধুনীয়া পুতলা...
:- উম বহুত ধুনীয়া ।
:- ব’লা না কিনি দিবা...
:- মাজনী মোৰ হাতত এতিয়া ইমান পইচা নাই নহয়, মই পইচা পালেই কিনি দিম দেই...
:- না না মোক লাগিবই...নহ’লে মই নাযাওঁ ইয়াৰ পৰা।
:- সোণ অ’ মই চোৱা তোমাক pinky promise কৰিছোঁ, পৰহিলে আনি দিম দেই...বুজি পোৱা অ’ সোণ। 
:- হ’ব দিয়া বুজিছো মোক মৰমে নকৰা...বেলেগক দেউতাকবোৰে ইমান ধুনীয়া বস্তু আনি দিয়ে মোক তুমি সেই পুতলাটোও দিব নোৱাৰা...ব’লা মা ঘৰলৈ যাও।
       কেনেকৈনো বুজাই দিব সেই ৪ বছৰীয়া অকণমানি ছোৱালীজনীক কিমান কষ্টৰে তেওঁ দুটকামান ঘটিছে...সহিব নোৱাৰা হৈ পৰিছে তেওঁ...ছোৱালীজনীক সঁচাকৈ তেওঁ একো সুখ দিব পৰা নাই নেকি বাৰু? কিন্তু কি কৰিব তেওঁ যে উপায়বিহীন!!!
দুদিন পিছত...
:- সোণ ক’ত আছা...এইফালে আহা, কি আনিছো চোৱা মই...!
:- কি আনিছা? এইটো সিদিনাৰ পুতলা নহয় নে? ৱাও তুমি আনি দিলা...লগত মই ভালপোৱা মিঠাইও আনিছা...অ’ মা চোৱা দেউতাই কি আনিছে...তুমি ইমান ভাল দেউতা...!
      দেউতাকৰ গালত চুমা এটা দি তাই মাকৰ ওচৰলৈ দৌৰ মাৰিলে...!
         দুখৰ মাজতো হাঁহি এটি বিৰিঙি উঠিল তেওঁৰ দুটি ওঁঠৰ মাজেৰে...!অকণমানিজনীৰ ফূৰ্তি দেখি তেওঁ পাহৰি গ’ল যোৱাকালি গৰমত কিদৰে আনৰ ঘৰত কাম কৰি, ফুটপাথৰ কাষত বহি ধনী মানুহৰ জোতা-চেন্দেল চাফা কৰি, বহুতো ককৰ্থনা সহ্য কৰাৰ পিছত পোৱা সেই ৫০০ টকীয়াটোৰে অকণমানিজনীৰ হাঁহিৰ বাবে কিনি আনিছিল পুতলাটো...!
       *✍️অনামিকা দেৱী*
              লখিমপুৰ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...