Tuesday, November 29, 2022

কণমানি মইনা:হাফিজুল খান

 কণমানি মইনা 

                        ✍️হাফিজুল খান

                                   (বৰপেটা)



মা অ মা...

নাখাও মই ভাত

লাগিব মোৰ পুতুলা

মা আহিব কোৱা দেউতাক,

মৰমত দিয়া চুমা দুগালত

বহু দিন দেখা নাই দেউতাক।



ও মইনা মইনা...

নাকান্দিবা আহিব দেউতা,

দুচকুৰ অশ্ৰু মচি দিয়া।

তোমাৰ অশ্ৰুয়ে হৃদয় ভাঙে

কণ কণ ৰচিত সপোন টুকুৰা

টুকুৰ হৈ পৰে.....

নাকান্দিবা মইনা..



মা ও মা....

শিকিলোঁ তোমাৰ মধুৰ ভাষা 

শব্দহীন তোমাৰ প্ৰসংশা মা,

তেজিমলাৰ কাহিনীয়ে 

নিদ্ৰা আহে মা..

মায়াময় ধৰনী দেখিছিলো

তোমাৰ প্ৰেৰণাত মা

জন্ম জন্ম প্ৰণাম কৰো

তোমাক মা...


No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...