Tuesday, November 29, 2022

অনুভব:দীপাংকৰ দাস

 অনুভব:দীপাংকৰ দাস

এতিয়া প্ৰশ্ন উঠে হৃদয়ত 

তুমি কোন ?

মৌণ উঠ আজি কপি নুঠে

তোমাৰ সমুখত

আবেগ আৰু হেপাহৰ সেই

ৰঙীন ডেউকা চিঙিল

তুমি সুখী ন ?

এৰা, নহ'বানো কিয় !

আমনি দিবলৈ বেয়া লাগে,

নিজৰ স্বভিমানত জীয়াও ।

অপৰিপক্ক জীৱন পিঞ্জৰাত

তোমাক বন্দী কৰাৰ 

কাহানিও হাবিয়াস নাছিল ।

আজিও নাই ।

সেয়েহে ...

সুখী হোৱা তুমি 

মোৰ বুলিবলৈ একো নাই

তথাপিও আছে

অৱশ্যে মোৰ বাবে নহয় অ

মোৰ হেজাৰ সতীৰ্থৰ বাবে

কিজানি তুমিও আছা 

সেই হেজাৰ সতীৰ্থৰ মাজত

তথাপিও খুচৰি নুফুৰো 

তুমি এটি উজ্বল তৰা হোৱা

মোৰ এই মন আকাশত 

জিলিকি ৰোৱা 

এটি জ্যোতিষ্ক হৈ

আজীৱন আজীৱন আজীৱন  ।


দীপাংকৰ দাস

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...