Showing posts with label দীপাংকৰ দাস. Show all posts
Showing posts with label দীপাংকৰ দাস. Show all posts

Tuesday, November 29, 2022

অনুভব:দীপাংকৰ দাস

 অনুভব:দীপাংকৰ দাস

এতিয়া প্ৰশ্ন উঠে হৃদয়ত 

তুমি কোন ?

মৌণ উঠ আজি কপি নুঠে

তোমাৰ সমুখত

আবেগ আৰু হেপাহৰ সেই

ৰঙীন ডেউকা চিঙিল

তুমি সুখী ন ?

এৰা, নহ'বানো কিয় !

আমনি দিবলৈ বেয়া লাগে,

নিজৰ স্বভিমানত জীয়াও ।

অপৰিপক্ক জীৱন পিঞ্জৰাত

তোমাক বন্দী কৰাৰ 

কাহানিও হাবিয়াস নাছিল ।

আজিও নাই ।

সেয়েহে ...

সুখী হোৱা তুমি 

মোৰ বুলিবলৈ একো নাই

তথাপিও আছে

অৱশ্যে মোৰ বাবে নহয় অ

মোৰ হেজাৰ সতীৰ্থৰ বাবে

কিজানি তুমিও আছা 

সেই হেজাৰ সতীৰ্থৰ মাজত

তথাপিও খুচৰি নুফুৰো 

তুমি এটি উজ্বল তৰা হোৱা

মোৰ এই মন আকাশত 

জিলিকি ৰোৱা 

এটি জ্যোতিষ্ক হৈ

আজীৱন আজীৱন আজীৱন  ।


দীপাংকৰ দাস

Tuesday, October 25, 2022

হে মানৱ:দীপাংকৰ দাস

হে মানৱ:           

একবিংশ শতিকাৰ হে মানৱ,

তুমি ধন্য, তোমাৰ আত্মা ধন্য

এই জীৱন লাভ কৰি ।

পিছে, তোমাৰ এই কৰ্মৰ বিষয়ে

আছে নে জ্ঞান ?

পাঠ্যপুথিৰ জ্ঞানেৰে জ্ঞানী

হে মানৱ,

তোমাৰ যে আছে কৰ্ম 

মানৱতাৰ উপৰত । 

তুমি যে পালন কৰিব লাগিব 

মনাৱ ধৰ্ম ।

তেন্তে ত্যাগ কৰা এই দানৱ ধৰ্ম ।

ত্যাগ কৰা ভ্ৰষ্টাচাৰ বেবিচাৰ

কিয় মানৱতাৰ মুখ পিন্ধি 

কৰা অভিনয়

এতিয়া আহিছে সময় 

নিজক পৰিবৰ্তন কৰাৰ

এতিয়া আহিছে সময়

নিজক সংশোধন কৰাৰ

তেন্তে নকৰা বিলম্বন

প্ৰমাণপত্ৰৰে নহয়

মানৱতাৰ জ্ঞান কৰা নিজক 

আঁকোৱালি লোৱা

চিনাকি অচিনাকি সকলোকে 

তেহে হব মানৱ জীৱন সফল ।


 ✍️দীপাংকৰ দাস,হোজাই

স্বাধীনতা খৰ্গহস্ত:দীপাংকৰ দাস

 স্বাধীনতা খৰ্গহস্ত:

স্বাধীন ভাৰতৰ পৰাধীন কবি,

এইয়া নতুন খোজ স্বাধীনতা বিচাৰি।

মৌলিক অধিকাৰৰ আমি অধিকাৰী,

পিছে বাকস্বাধীনতাক গল পাহৰি।

কৰি দিয়ক ভোটাধিকাৰ জন্মাধীকাৰ, 

এইয়াহে আপোনালোকক দৰকাৰ ।

কৰি থাকে জনাহিত চৌদিশে কালপ্ৰিট,

ছাত্ৰক বিনাহকত কৰিছিল মাৰপিট ।

কবিৰ কলম যে কাৰাগাৰতো চলে,

পাহৰিলে চাগে আমাৰ ছাৰজনে ।

সলনি কৰি কলমৰ ৰিফিল,

লিখি যাম এখনি নতুন দলিল ।

ভাগৰা নাই নপৰো ভাগৰি,

সমাজৰ কামত নাই যে জিৰণি ।

শিক্ষাৰ্থীক পৰীক্ষাৰ পৰা নকৰিব বঞ্চিত,

নহলে হব লাগিব হাজাৰ কবিৰ লঞ্চিত ।

 

                    দীপাংকৰ দাস,হোজাই

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...