Tuesday, October 25, 2022

স্বাধীনতা খৰ্গহস্ত:দীপাংকৰ দাস

 স্বাধীনতা খৰ্গহস্ত:

স্বাধীন ভাৰতৰ পৰাধীন কবি,

এইয়া নতুন খোজ স্বাধীনতা বিচাৰি।

মৌলিক অধিকাৰৰ আমি অধিকাৰী,

পিছে বাকস্বাধীনতাক গল পাহৰি।

কৰি দিয়ক ভোটাধিকাৰ জন্মাধীকাৰ, 

এইয়াহে আপোনালোকক দৰকাৰ ।

কৰি থাকে জনাহিত চৌদিশে কালপ্ৰিট,

ছাত্ৰক বিনাহকত কৰিছিল মাৰপিট ।

কবিৰ কলম যে কাৰাগাৰতো চলে,

পাহৰিলে চাগে আমাৰ ছাৰজনে ।

সলনি কৰি কলমৰ ৰিফিল,

লিখি যাম এখনি নতুন দলিল ।

ভাগৰা নাই নপৰো ভাগৰি,

সমাজৰ কামত নাই যে জিৰণি ।

শিক্ষাৰ্থীক পৰীক্ষাৰ পৰা নকৰিব বঞ্চিত,

নহলে হব লাগিব হাজাৰ কবিৰ লঞ্চিত ।

 

                    দীপাংকৰ দাস,হোজাই

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...