Tuesday, October 25, 2022

দিপাৱলী:ৰাজ ৰাহুল

অণুগল্প:দীপাৱলী

                                  ✍️ ৰাজ ৰাহুল

       দীপাৱলীৰ বাবে সাঁচি ৰখা টকাকেইটাৰে ৰন্তুৱে মিঠাই অলপ আনি মাকৰ হাতত তুলি দিয়াত মাকে আচৰিত হৈ সুধিলে:--"ৰন্তু, তুমি ফটকা আৰু ফুলজাৰীৰ বাবে ইমান দিনে সাঁচি ৰখা টকাকেইটাৰে মিঠাই কিয় আনিলা ?"

        "মা, তুমি দেখোন মাটিৰ চাকিৰ পোহৰেৰে আমাৰ ঘৰখন আলোকিত কৰিবাই। মইনো ফটকা আৰু ফুলজাৰীৰে কিয় প্ৰদূষণ কৰোঁ ? কালি বিদ্যালয়ত ৰমণী মহাশয়ে দিয়া উপদেশ ৰক্ষা কৰিলোঁ মা ।" --পুতেকৰ কথাত মাক কমলাৰ মনটো দীপাৱলীৰ পোহৰতকৈ উজ্জ্বল হৈ উঠিল...।

        

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...