অনুভৱৰ সুৰুঙাৰে:
✍️ ৰাজ ৰাহুল
কোনে জানে কাৰ জীৱন নাটৰ
কেতিয়া হ'ব পৰিসমাপ্তি--!
হাঁহি হাঁহি পাৰ কৰা ক্ষণবোৰ
কেতিয়া দুখৰ হয় কোনেও নাজানে।
কান্দি কান্দি জন্ম লৈ
সকলো গুছি যায় আনক কন্দোৱাই।
হয়তো অভিনয়ৰ সমাপ্তিত
যাব লাগে ঘৰা-ঘৰি--
উভতি চোৱাৰ সময়ে নাথাকে।
জীৱন কালত আপোনজনো পৰ হয়
আকাংক্ষাই সকলোকে দূৰ কৰায়--!
মৰণকালত তুমি পৰ বুলি ভবাজনেই
তোমাৰ সদগতি কামনা কৰে।
এইয়াই যে জীৱন--
হাঁহি-কান্দোন---প্ৰেম-ঘৃণাৰ !
কাৰো নাথাকে মানসিক সন্তুষ্টি
নিজৰ প্ৰাপ্তিৰ ওপৰত--
উচ্চাভিলাষে গগন চুম্বে ।
কিন্তু আদৰ্শবানজনৰ স্মৃতি
ৰৈ যায় সোঁৱৰণিৰ পাতে পাতে
চিৰ নমস্য হৈ ৰয়
জনতাৰ হৃদয়ৰ কোঁহে কোঁহে ।
সেইবাবে দেহাৱসান হ'লেও বন্ধু
জন-মানসত জীয়াই থাকিবলৈ
সৎ কাম কৰি যোৱা
জীৱন থাকোঁতে...।
No comments:
Post a Comment