হালধীয়া ফুলৰ হাঁহি:
সোণৰ হাঁহিক মুচি আহে
এটি নতুন হাঁহি সেউজীয়া
বনৰ ৰাণী হৈ সেউজ কৰি
তুলে উদাং পথাৰ খনক
সেউজ ৰাণীৰ মুখত আকৌ
এটি হালধীয়া বৰণ সানি দিয়ে।
মন ভৰা পথাৰ খনত সেউজীয়াৰ
মাজত যেন লুকাই থাকে,
হালধীয়া ফুলৰ এটি হাঁহি
হালধীয়াই পথাৰখন জিলিকাই ৰাখে ।
হিয়া ভৰা সুন্দৰ দৃশ্য চাই মনত পৰে
আপোনজন লৈ যেন হালধীয়া ফুলবোৰ মাজত
মোৰ আপোন লুকাই আছে ।
মই কেতিয়াবা খেদি যাওঁ হালধীয়া ফুলবোৰৰ
মাজত যেতিয়া মোলৈ চাই বতাহ হালি জালি হাউলি যায় ফুলবোৰ ,কিজানি বিচাৰি পাওঁ আপোন জনৰ মুখৰ হাঁহিটি ।
কতচোন ?দেখাই নাপাওঁ মই পুনৰ উভতি আহোঁ ।
মনৰ মাজত কিবা কথাই বৰকৈ খুন্দিয়াই থাকে,
সেই হালধীয়া ফুলবোৰ চালে ।
নাজানো কি ?কথাই বৰকৈ মোক খুন্দিয়াই মাৰে।
উওৰ বিচাৰি আপোনজনক বাৰে বাৰে বিচাৰো
কিন্তু দূৰণিৰ থকাৰ বাবে আপোনজনৰ উওৰ ও
নাপাওঁ বিচাৰি ।
হালধীয়া ফুলৰ সৈতে কথা পাতো
হালধীয়া হাঁহিত বিচাৰি পাওঁ আপোন জনক
হালধীয়াই মোৰ আপোন হাঁহি ,
হাঁহিৰ মাজত আপোন জন বিলীন হৈ আছে ।।
মিন্টু গোৱলা লখিমপুৰ (কদম)
No comments:
Post a Comment