Monday, November 07, 2022

হালধীয়া ফুলৰ হাঁহি

হালধীয়া ফুলৰ হাঁহি:




সোণৰ হাঁহিক মুচি আহে 

এটি নতুন হাঁহি সেউজীয়া

বনৰ ৰাণী হৈ সেউজ কৰি 

তুলে উদাং পথাৰ খনক 

সেউজ ৰাণীৰ মুখত আকৌ

এটি হালধীয়া বৰণ সানি দিয়ে।

মন ভৰা পথাৰ খনত সেউজীয়াৰ

মাজত যেন লুকাই থাকে,

হালধীয়া ফুলৰ এটি হাঁহি

হালধীয়াই পথাৰখন জিলিকাই ৰাখে ।

হিয়া ভৰা সুন্দৰ দৃশ্য চাই মনত পৰে 

আপোনজন লৈ যেন হালধীয়া ফুলবোৰ মাজত

মোৰ আপোন লুকাই আছে ।

মই কেতিয়াবা খেদি যাওঁ হালধীয়া ফুলবোৰৰ

মাজত যেতিয়া মোলৈ চাই বতাহ হালি জালি হাউলি যায় ফুলবোৰ ,কিজানি বিচাৰি পাওঁ আপোন জনৰ মুখৰ হাঁহিটি ।

কতচোন ?দেখাই নাপাওঁ মই পুনৰ উভতি আহোঁ ।

মনৰ মাজত কিবা কথাই বৰকৈ খুন্দিয়াই থাকে,

সেই হালধীয়া ফুলবোৰ চালে ।

নাজানো কি ?কথাই  বৰকৈ  মোক খুন্দিয়াই মাৰে।

উওৰ বিচাৰি আপোনজনক বাৰে বাৰে  বিচাৰো 

কিন্তু দূৰণিৰ থকাৰ বাবে আপোনজনৰ উওৰ ও

নাপাওঁ বিচাৰি ।

হালধীয়া ফুলৰ সৈতে কথা পাতো 

হালধীয়া হাঁহিত  বিচাৰি পাওঁ আপোন জনক

হালধীয়াই  মোৰ আপোন হাঁহি ,

হাঁহিৰ মাজত আপোন জন বিলীন হৈ আছে ।।


মিন্টু গোৱলা লখিমপুৰ (কদম)

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...