Tuesday, November 01, 2022

গোলাপ:মিন্টু গোৱলা

গোলাপ:

কাক চাই ফুলিলি এই ফুলনিত ?

কাক চাই মাৰিলি তোৰ বেকা হাঁহিটি ?

ৰঙা হয় ফুলিলি মোৰ ফুলনিত

বেকা হাঁহিটি খোলি খাই মোৰ মন !!

কিয় ?

ফুলিলি মোৰ ফুলনিত !

তোৰ ৰঙা মুখনি চাই মোৰ মনতো বৰ ভাল

লাগে ।

সদায়ই চাওঁ মই তোৰ ৰঙা মুখনি

মোৰ মন যায় কেতিয়াবা চিঙিবলৈ

কিন্তু

তোৰ কাইঁটে চিঙিব নিদিয়ে ?

ভাবোঁ মই কেতিয়াবা চিঙিম‌ বুলি

কিন্তু

প্ৰতিবাৰে মোক কাইঁটে আৱৰি ধৰে

নোৱাৰোঁ চিঙিব তোক !!

তই ফুলি থাক মোৰ ফুলনিত

পাহি গোলাপ হয় 

চাম তোলৈ মই প্ৰতি দিনে ।

মোৰ ফুলনিত ফুলি থাকিবি

উৰে জীৱনলৈ ।।

চাম তোক মই উৰে জীৱন মোৰ চকুৰ আগত 

থাকিবি ফুলি মোৰ ফুলনিত ।।


  ‌শ্ৰী মিন্টু গোৱলা , লখিমপুৰ, কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...