Tuesday, November 01, 2022

গোলাপ:মিন্টু গোৱলা

গোলাপ:

কাক চাই ফুলিলি এই ফুলনিত ?

কাক চাই মাৰিলি তোৰ বেকা হাঁহিটি ?

ৰঙা হয় ফুলিলি মোৰ ফুলনিত

বেকা হাঁহিটি খোলি খাই মোৰ মন !!

কিয় ?

ফুলিলি মোৰ ফুলনিত !

তোৰ ৰঙা মুখনি চাই মোৰ মনতো বৰ ভাল

লাগে ।

সদায়ই চাওঁ মই তোৰ ৰঙা মুখনি

মোৰ মন যায় কেতিয়াবা চিঙিবলৈ

কিন্তু

তোৰ কাইঁটে চিঙিব নিদিয়ে ?

ভাবোঁ মই কেতিয়াবা চিঙিম‌ বুলি

কিন্তু

প্ৰতিবাৰে মোক কাইঁটে আৱৰি ধৰে

নোৱাৰোঁ চিঙিব তোক !!

তই ফুলি থাক মোৰ ফুলনিত

পাহি গোলাপ হয় 

চাম তোলৈ মই প্ৰতি দিনে ।

মোৰ ফুলনিত ফুলি থাকিবি

উৰে জীৱনলৈ ।।

চাম তোক মই উৰে জীৱন মোৰ চকুৰ আগত 

থাকিবি ফুলি মোৰ ফুলনিত ।।


  ‌শ্ৰী মিন্টু গোৱলা , লখিমপুৰ, কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...