Tuesday, November 01, 2022

যন্ত্ৰণাৰ উজাগৰী ৰাতি:ৰাজ ৰাহুল

 যন্ত্ৰণাৰ উজাগৰী ৰাতি:

তাই অশান্ত হ'ল

এজাক ধুমুহাৰ দৰে--!

মাতৃ তাই তেজস্বিতাৰ !

সন্তানৰ অকাল মৃত্যুৰ

অসহনীয় যন্ত্ৰণাই

তেওঁৰ  হৃদয়খন

প্ৰতিবাদী কৰি তুলিছে--!

কিন্তু প্ৰতিবাদ কৰিব কাৰ ওচৰত?

কোনে দিব ন্যায় ?

জীৱনৰ সকলো সুখ, হাঁহি হেৰুৱাই

তাই যে আজি কঙালিনী।

মাতৃৰ মমতাক কাঢ়ি নিলে

সিহঁতৰ নিৰ্বোধ কৰ্মৰাজিয়ে --!

কৰ্তব্যৰ গাফিলতিত যে

আন কাৰোবাৰ হৃদয় ভাঙিব পাৰে

সিহঁতে ভাবিছিল নে এবাৰ ?

জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ

সিহঁতে কেনেকৈ পালে ?

অক্সিজেন বিহীন চিলিণ্ডাৰ--

উস্, কিমান নিৰ্মম অত্যাচাৰ !

উপযুক্ত পাৰিশ্ৰমিক পোৱাৰ পিছতো

মানৱ সেৱাৰ নামত

সিহঁতৰ ভণ্ডামি কিহৰ?

ক'ত আছিল প্ৰশাসন ?

শুই শুই সপোন দেখিবলৈ

নিযুক্তি লৈছিল নে বিশেষ দায়িত্বৰ ?

ধিক্কাৰ---সকলোকে ধিক্কাৰ!

সন্তানক হেৰুৱাৰ জুইয়ে

শান্তিত থাকিবলৈ দিবনে সকলোকে?

বাউলী মাতৃৰ কাতৰ নিনাদত

আকাশ কঁপিছে--

তেনে নকঁপিবনে ৰজাৰ হৃদয়?

কোনে নুমুৱাব মাতৃৰ বুকুৰ জুই?

জানো, নুনুমায় কোনোদিনে।

মমতাৰ আঁচলখনেৰে দুচকু ঢাকি

তাই যে পাৰ কৰিছে

যন্ত্ৰণাৰ উজাগৰী ৰাতি...।


                                ✍️ ৰাজ ৰাহুল 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...