Monday, December 05, 2022

অপেক্ষা:হীৰামনি লাহন

 অপেক্ষা,                        

আঘোণৰ হিম চেঁচা নিথৰ 

নিস্তব্ধ কুঁৱলীৰে  ধকা 

আন্ধাৰ  ৰাতি ,

মই  সাৰে আছো  আজি 

পোহৰ  প্ৰত্যাশী  এজাক 

চৰাইৰ  মাতৰ  অপেক্ষাত  ,

আৰু

একাঁজলি উদ্ভাসিত  

জোনাকীৰ জিলমিল 

পোহৰৰ সন্ধানত  ।

নিয়ঁৰৰ  টোপাল  বোৰ  

ওৰে ৰাতি  পৰি  আছিল,

যেন  এটি  সুৰীয়া গীতৰ  কলি  হৈ 

মোৰ  সেমেকা কলিজাখন 

বুৰাই  পেলাইছিল  । 

আৰু মুঠি মুঠি দুবৰিত 

মোৰ অতৃপ্ত হুমুনিয়াহ বোৰে  

নিয়ৰসিক্ত  বেদনাৰে

 দুখৰ সংলাপ লিখিছিল  ।

তুমি   এৰি  থৈ যোৱা  হৃদয়খন 

আজি  চোন  এজাক 

উশৃংখল  মানবতাৰ  বৈধ্যভূমি  ,

তথাপিও  এবাৰো চোৱা নাই  

কাৰোৰে  গোপন  ঠিকনা  খুচৰি  ।

তুমি এৰি যোৱাৰ বাটত ,

এতিয়াও তোমাৰ উশাহ কোমল মৰম বোৰত 

পাহৰণিৰ ৰিমঝিম  বৰষুণ  সৰে ।

এৰি অহা সপোনবোৰ জুকিয়াই চালে

আধৰুৱা ৰাতি বোৰত 

আকাশীতৰা এটাই ভুমুকি মাৰে ।

 বিশ্বাস আৰু আশ্বাসত মুৰ থৈ 

এতিয়া, 

এজাক পোহৰ প্ৰত্যাশী 

চৰাইৰ মাতৰ অপেক্ষাত 

সাৰে আছো মই  ।


হীৰামনি লাহন  ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...