অপেক্ষা,
আঘোণৰ হিম চেঁচা নিথৰ
নিস্তব্ধ কুঁৱলীৰে ধকা
আন্ধাৰ ৰাতি ,
মই সাৰে আছো আজি
পোহৰ প্ৰত্যাশী এজাক
চৰাইৰ মাতৰ অপেক্ষাত ,
আৰু
একাঁজলি উদ্ভাসিত
জোনাকীৰ জিলমিল
পোহৰৰ সন্ধানত ।
নিয়ঁৰৰ টোপাল বোৰ
ওৰে ৰাতি পৰি আছিল,
যেন এটি সুৰীয়া গীতৰ কলি হৈ
মোৰ সেমেকা কলিজাখন
বুৰাই পেলাইছিল ।
আৰু মুঠি মুঠি দুবৰিত
মোৰ অতৃপ্ত হুমুনিয়াহ বোৰে
নিয়ৰসিক্ত বেদনাৰে
দুখৰ সংলাপ লিখিছিল ।
তুমি এৰি থৈ যোৱা হৃদয়খন
আজি চোন এজাক
উশৃংখল মানবতাৰ বৈধ্যভূমি ,
তথাপিও এবাৰো চোৱা নাই
কাৰোৰে গোপন ঠিকনা খুচৰি ।
তুমি এৰি যোৱাৰ বাটত ,
এতিয়াও তোমাৰ উশাহ কোমল মৰম বোৰত
পাহৰণিৰ ৰিমঝিম বৰষুণ সৰে ।
এৰি অহা সপোনবোৰ জুকিয়াই চালে
আধৰুৱা ৰাতি বোৰত
আকাশীতৰা এটাই ভুমুকি মাৰে ।
বিশ্বাস আৰু আশ্বাসত মুৰ থৈ
এতিয়া,
এজাক পোহৰ প্ৰত্যাশী
চৰাইৰ মাতৰ অপেক্ষাত
সাৰে আছো মই ।
হীৰামনি লাহন ।
No comments:
Post a Comment