🔴তোমাৰ মৰমবোৰ
✍️ নিবেদিতা ডিম্পল
তোমাৰ মৰমবোৰে জীপাল কৰে
মোৰ হ্নদয়ত সংগোপনে
অংকুৰিত হোৱা সপোনবোৰ
যিবোৰ সপোন লৈ
বিচৰণ কৰো মই
এখন কল্পনা ৰাজ্যত
সেই কল্পনা ৰাজ্যত কোনো নাথাকে
থাকো মাথোঁ তুমি আৰু মই ।
মই জানো তুমি মাথোঁ
মোৰ সপোন কোঁৱৰহে
বাস্তৱত খেপিয়াই ফুৰিলেও
কাহানিও নেপাম তোমাক ।
হে মোৰ সপোন কোঁৱৰ
কাহানিও তুমি আহিব নালাগে
মোৰ ওচৰত ।
তুমি যত আছা তাতেই থাকা
কুশলে সদায় ।
লেখিকাৰ পৰিচয় -
নিবেদিতা ডিম্পল নলবাৰী জিলাৰ এগৰাকী বিশিষ্ট কবি , সাহিত্যিক , উপন্যাসিক অভিনেত্ৰী , সমাজসেৱিকা । তেখেতে ইতিমধ্যে " হ্নদয়ৰ স্পন্দন " আৰু " বুঢ়াদিয়া নৈৰ বুকুত এজাক তৰাৰ তিৰবিৰণি " নামৰ দুখন কাব্য গ্ৰন্থ আৰু " কৃষ্ণচূড়াৰ ৰক্ত আভাষত তোমাৰ হাহি " নামৰ এখন উপন্যাস প্ৰকাশ কৰিছে । তেখেতে প্ৰায় ৩০ টা মান গাণৰ এলবামত অভিনয় কৰিছে । অসমীয়া গান " বহাগে পালে " " এই মজা " " মহাধুৰন্ধৰ " " এই আবেলিতে এই গধুলীতে ইত্যাদি বহুতো এলবামত তেখেতে সুন্দৰ অভিনয় কৰিছে ।
গুৱাহাটী আৰোহণ আৰ্টিষ্ট গীল্ডৰ পৰা নিবেদিতা ডিম্পলে " আৰোহণ কবি - সাহিত্যিক বঁটা " লাভ কৰে । তেখেতৰ কবিতা , গল্প , প্ৰৱন্ধ , ভুতৰ কাহিনী অসমৰ আগশাৰীৰ গোটেই কেইখন বাতৰি কাকতত , আলোচনীত প্ৰকাশ পাইছে । তাৰোপৰি নিবেদিতা ডিম্পলে অসমৰ বহু কেইটা সাহিত্য - সংস্কৃতিৰ গ্ৰুপত জড়িত হৈ আছে । সেইবোৰৰ ভিতৰত উল্লেখযোগ্য গ্ৰুপ কেইটা হ'ল -
১/ নলবাৰী জিলা সাহিত্য সভাৰ সদস্যা
২/ নলবাৰী জিলাৰ লেখিকা সমাৰোহ সমিতিৰ সদস্যা
৩/চামতা শাখা সাহিত্য সভাৰ সদস্যা
৪/ চামতা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিস্থাপক সম্পাদিকা
৫/ শব্দ - কেকুৰি
৬/ সাহিত্য অনুসন্ধান অসম
৭/নলবাৰী জিলা কবি সন্মিলন
৮/সাহিত্যৰ প্ৰেয়সী
৯/সাহিত্য অনুসন্ধান অসম - ২
১০/ জোনাকী সাপ্তাহিক ই - আলোচনী
১১/ আৰাধনা , এক অনন্য প্ৰয়াস
১২/ সদৌ অসম সাংস্কৃতিক সংস্থা - ২
১৩/ অসমীয়া সাহিত্যৰ চানেকি - 4
১৪/ কাব্যলাপ , অসম
১৫/NEN NEWS UPDATE GROUP .
১৬/ পশ্চিম নলবাৰী কবি সন্মিলন
১৭/ অসম কবি সন্মিলন
১৮/ অসমীয়া সাহিত্য - সংস্কৃত
১৯/ সাংস্কৃতিক বৰভেটি , নলবাৰী
২০/ " চিয়াঁহী " - ই - আলোচনী
২১/ মুকুতা মালা
২২/ সাহিত্য অনুসন্ধান অসম - ১
২৩/ ন - সংযোগ পুৱাৰ চিন্তা
২৪/ সৰগৰ বেলকনি ইত্যাদি
আৰু বহুতো গ্ৰুপত সাহিত্য সেৱা কৰি আছে তেখেতে ।
যি কি নহওঁক ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নিবেদিতা ডিম্পলে এনেদৰে সাহিত্য সেৱাৰে আগবাঢ়ি গৈ এদিন সমাজৰ উচ্চ শিখৰ আৰোহণ কৰা ।
চিৰ চেনেহী মোৰ ভাষা জননী ।
No comments:
Post a Comment