কিমান বিশ্বাস থাকিলে...কিমান বেছি ভালপোৱা থাকিলে....এজনী ছোৱালী এটা ল'ৰাৰ লগত এখন অচিনাকী চহৰলৈ গুচি আহিব বাৰু....???
কিমান ধৈৰ্য্য থাকিলে এজনী ছোৱালীয়ে সহ্য কৰিব পাৰিব হাজাৰটা মিছা অপবাদ...???
আৰু কিমান ভালপোৱা থাকিলে...সমাজৰ চকুত বেয়া,কুলক্ষনী বুলি পৰিচিত এজনী ছোৱালীক বিশ্বাস কৰি লৈ নিজৰ পত্নীৰ মৰ্য্যাদা দিব পাৰিব...???
এই সকলো প্ৰশ্নৰ উত্তৰ পাব এই ময়ূৰপংখীত...! আশা কৰিছোঁ সকলোৱে পঢ়ি ভাল পাব...!
#ময়ূৰপংখী
এটা শান্ত পৰিৱেশ... এখন নৈ বৈ গৈ আছে,শান্তভাৱে বলি আছে এজাক বতাহ... সন্ধিয়াৰ অস্ত যাবলৈ ধৰা সূৰুযৰ সোণোৱালী আভা বিয়পি পৰিছে বহু দূৰ-দিগন্তলৈ... সিহঁতৰ গাতো পৰিছেহি সেই আভা...অহ্...সিহঁত বুলি ক'লে আকৌ বুজি নাপাব নহয়... সিহঁত মানে ময়ূৰ আৰু পংখী...
নদীখনৰ এটা পাৰত থকা দলংখনত বহি আছে সিহঁত...কাষতে ফুলি থকা খৰিকাজাঁইজোপাৰ পৰা আহি থকা সেই সুগন্ধ...ময়ূৰৰ কান্ধত মূৰ থৈ চাই আছে পংখীয়ে সন্ধিয়াৰ অস্ত যাব ধৰা সূৰুজৰ সেই নান্দনিক দৃশ্য...
ময়ূৰ:- এনেকৈ আৰু কিমান দিন পংখী...
পংখী:- কি,কিমান দিন...?
:- কিমান দিন আৰু নিজৰ কষ্টবোৰ লুকুৱাই ৰাখিবি?
:- তই থাকোঁতে মোৰ আকৌ কিহৰ কষ্ট?
:- কিয়...? মই তোক বুজি নাপাওঁ নেকি হা ছোৱালী...! কিমান দিন সহ্য কৰি থাকিবি আৰু...?
:- অহ; একো নাই দে তই আছ নহয় বুজি পাবলৈ মোক... গোটেই সমাজে মোক বুজি নাপালেও... তইটো থাকিবি ন মোৰ লগত! নে তইও আঁতৰি...!
(তাইৰ কথা সম্পূৰ্ণ হবলৈ নিদি আঙুলিৰে তাইৰ ওঁঠ স্পৰ্শ কৰি কৈ উঠিল সি)
:- চুপ..! তোৰ পৰা আঁতৰি মই কাৰ লগত থাকিম হা? তোৰ বাহিৰে আছেনো কোন মোৰ... সদায় আছোঁ মই তোৰ লগত,তোৰ সাহস হৈ।
:- ব'ল যাওঁ কাম আছে ঘৰত... নহলে আকৌ সেই একেই...!
:- ওম,ব'ল যাওঁ।
বহাৰ পৰা উঠে দুয়োটা...যাব লওঁতেই ময়ূৰে পংখীক টানি বুকুৰ মাজত সোমোৱাই ললে... পংখীয়েও যেন এই মূহুৰ্তৰ বাবেই ৰৈ আছিল... তাইও জোৰেৰে সাৱটি ধৰিলে তাক... যেন কেতিয়াও এৰি নিদিব... উফ্... নিজৰ প্ৰিয় মানু্হজনৰ বুকুৰ মাজত সোমাই কিমান শান্তি অনুভৱ কৰা হয় সেয়া শব্দৰে প্ৰকাশ কৰা কঠিন... বাহুবন্ধনৰ পৰা ওলাই দুয়োটা যাব ধৰিলে...
এয়াই ময়ূৰপংখী... ময়ূৰৰ অবিহনে আজি চাগে পংখী আমাৰ মাজত নাথাকিলহেঁতেন... আৰু আপোনালোকেও চাগে এই কাহিনী পঢ়িবলৈ নাপালে হয়...!
অনামিকা দেৱী
উত্তৰ লখিমপুৰ
যোগাযোগ নম্বৰ: ৮৪৭১৮৬৫১৮৯
আগলৈ...........!
#ময়ূৰপংখী
খণ্ড:-২
গাঁওখনৰ মাজতে নামঘৰভাগ আছে, কাষতে বকুল গছজোপা... ময়ূৰৰ কোনো নাই বুলি ক'লে ভুল হ'ব... হয় তাৰ মাক-দেউতাক কোনো নাই... তথাপি নিজৰ নহ’লেও গাঁৱৰে পেহীয়েক এজনীৰ ঘৰত থাকে... সৰুতেই মাক-দেউতাকক হেৰুওৱা ময়ূৰে পেহীয়েকৰ পৰাই বহুত মৰম পাইছে... দেখিবলৈ ধুনীয়া ল'ৰাটোক গাঁৱৰ সকলোৱেই ভালপায় ।
"পংখী"...গাঁৱৰ একমাত্ৰ স্কুলখনৰ প্ৰধান শিক্ষক হৰেশ্বৰ শইকীয়াৰ একমাত্ৰ জীয়েক...তাইৰ মাক নাই...তাইৰ জন্মৰ ১বছৰৰ পিছতেই ঢুকাল... সৰুৰে পৰাই কষ্ট নাপাওঁক বুলিয়েই শইকীয়াই আকৌ বিয়া পাতিলে...কিন্তু... মাহীমাক সদায় মাহীমাকেই... প্ৰথম ঠিকেই আছিল... কিন্তু সময়ৰ লগে-লগে যেন সকলো সলনি হৈ আহিল... মাহীমাকৰ কোলা শুৱনি কৰিবলৈ আহিল এটি ল'ৰা... এইবাৰ যেন শইকীয়াৰো মন ঘুৰিলে... ল'ৰাটো জন্মৰ কেইমাহমান পিছতে শইকীয়াও অচিন ৰোগত পংখীৰ মাকৰ ওচৰলৈ গুচি গ'ল... অকলশৰীয়া হৈ পৰিল তাই... বয়সে ঢুকি নোপোৱা কামো তাই সৰুৰে পৰা কৰিব লগা হৈছে...কোনে বুজিব তাইৰ দুখৰ কথা... তাই এতিয়া ১৭ বছৰীয়া...
ময়ূৰ আৰু পংখী সৰুৰে পৰাই একেলগে খেলি ডাঙৰ হোৱা... সি বুজি পায় তাইৰ কথা... তাইৰ দুখবোৰ সি ভগাই ল'ব খোজে... তাইৰ বাবে আজুৰি আনিব খোজে সমস্ত সুখ... কিন্তু...তাই যেন একো বুজিয়ে নাপায় তাৰ মনৰ কথা...নহয়... তাইয়ো বুজি পাই ময়ূৰে তাইক বহুত ভাল পায়... তাইও পায়...কিন্তু অপেক্ষা কৰিছে তাই, সি ক'ব লাগিব প্ৰথম... তাইৰ ভয় হয় যদি মাক-দেউতাকৰ দৰেই সিও আঁতৰি... নাই,নাই,তাই ভাবিব নোৱাৰে এইটো কথা... সি গুচি গ'লে তাইৰ কোনো অস্তিত্বই নাথাকিব জীয়াই থকাৰ...!
আবেলি সময়... খিৰিকীৰ ওচৰত বহি ভাবি আছে তাই আকাশলৈ চাই...বহুত ধুনীয়া বতাহ এছাতি মাৰি আছে মাজে মাজে... এনেতে....!
:- অই,ছোৱালী...তোৰ নিজৰ লগত কথা পতা হ'ল যদি এইফালে আহ... এনেকৈ বহি থাকিলে নহ'ব। আগত বিহু আহি আছে আৰু আমাৰ আইদেউ মন মাৰি বহি আছে...
:- গৈছোঁ ৰ’ব।.....(দুখৰ হুমুনিয়াহ এটি ওলাই আহে আপোনা-আপুনি)
ওলাই গৈ দেখে...বাচন এসোপা থৈ দিছে কুঁৱাৰ পাৰত...! উফ্ এনেই গৰম তাতে আকৌ এইসোপা ধুব লাগিব এতিয়া...! উপাই নাই মাক নথকা ছোৱালী... ধুব লৈছেহে তেনেতে আহিল আমাৰ ময়ূৰ..আহিয়েই.....!
:- অ' বৰমা...কি কৰি আছেনো?
:- নাই অ’ এনেই শুই আছোঁ... তই নো এই আবেলিখন কিয় আহিছ হয়নে?
:- এইক নিবলৈ আহিছোঁ... মই বোলো বিহু পাইছেহি তাৰে আমি ডেকা গাভৰুখিনিয়ে আলোচনা কৰিছোঁ আজি সেই বকুলজোপাৰ তলত...!তাকে এই ধুনীয়া নাচে যে নিবলৈ আহিছোঁ সেইবাবে...!
:- অহ.. ৰ’ এই আকৌ কিবা কৰিব লৈছে...মই কৈছিলোৱে নালাগে মই কৰিম তাই আকৌ নুশুনে নহয়... হেঃহে কৈছে কি তাই থাকোঁতে মাকে কিয় কাম কৰিব লাগে...! ৰ’ মই তাইক পঠিয়াই দিও...!
একেই শান্ত পৰিৱেশ...দেহ-মন জুৰ পেলাই যোৱা এজাক বতাহ বলি আছে... গাঁৱৰ ৰাস্তাটোত এতিয়া কোনো মানুহ নাই...! পংখীহঁতৰ ঘৰৰ পৰা নামঘৰলৈ অলপ দূৰ আছে... ময়ূৰে তাইক চাইকেলত লৈ আহি আছে...আগত বহিছে তাই... বতাহৰ বাবে মাজে মাজে তাইৰ চুলিয়ে তাক আমনি কৰি গৈ আছে...তথাপি সি একো কোৱা নাই...ভাল লাগে তাৰ যেতিয়া তাই তাৰ কাষত থাকে... কেতিয়াবা ভাবে কৈ দিব নেকি মনৰ কথা..কিন্তু, আকৌ মনলে আহে ভাল লগাবোৰ এনেকৈয়ে থাকক... সময় আহক সকলো খুলি ক'ব...
:- ঐ,কি ভাবি আছ... অথনিৰ পৰা মাতি আছোঁ শুনা নাই নেকি?
:- অহ..নাই এনেই কিবা-কিবি... ক'ছোন...
:- পালোহি দেখোন এতিয়ালৈকে কোনো নাই অহা যে...!(সিহঁত আহি বকুলজোপাৰ তলত পালেহি)
:- উম...আৰু অলপ সময় আছে...! তই ঘৰত থাকিলে কামহে কৰি থাকিবি, সেইবাবে অলপ সোনকালে আনিলো...
এৰা তাই ভাবিছিল কিমাননো কাম কৰি থাকিব...কিন্তু সি যে ওচৰত নাথাকিলেও বুজি পাব ভবা নাছিল তাই... কিবা এটা ভাল লাগি আপোনা আপুনি হাঁহি এটা ওলাই আহিল তাইৰ...
:- অই পাগলী...অকলে অকলে হাঁহি আছ যে? ভূতে পাইছে নি অ'..?
:- নাই এনেই... ব'লছোন অকণমান কথা পাতো...
:- উম ব'ল...!
দুয়োটা বকুলজোপাৰ তলতে বহিলে... ময়ূৰৰ কাষত থাকিলে তাই যেন অলপ বেছি সাহস পাই তেনেকুৱা অনুভৱ হয় তাইৰ....
আগলৈ...................................!
No comments:
Post a Comment