জোনাকী সাপ্তাহিক ই আলোচনী
দ্বিতীয় বছৰ■জুলাই মাহ■দ্বিতীয় সংখ্যা
■এই সপ্তাহৰ নিয়মীয়া কবিতা শিতানৰ কবি সকল:
ৰাতুল চেতিয়া ফুকন,ৰাহুল চেতিয়া,আৰতি শৰ্মা,ৰঞ্জন বৰা, এছ ইছলাম,লখিমী শৰ্মা, গকুল চৌধুৰী,ৰুম্পী দাস, শিল্পী দাস, নাছিৰ আহমেদ, আয়নাল হক, সূৰজ বৰগোঁহাই, ঋতুৰাজ বৰগোঁহাই, শ্রী পৰীস্মিতা দত্ত,ৰাজ দ্বীপ মৰাং,শান্তা দাস,দেইজী কাৰ্খ বৰদলৈ,কুকী মহন্ত,অনন্ত কুমাৰ ভূঞা,সবিতা বেগম,উৰিস্মা নাথ,সান্নিধ্য,গতি গগৈ চাংমাই, শ্ৰী সুৰজিৎ ভূঞা,সঙ্গীতা ডেকা,অপৰূপা দত্ত, ছেলিমা বেগম, সংগীতা দেৱী (ৰজনীগন্ধা),মিন্টু গোৱলা,
🟫কবিতা
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।
কাৰো সতে সহবাস নকৰাকৈ
মই অন্তসত্বা হ'লো
নিৰলে লালন কৰিলোঁ
মোৰ গৰ্ভস্থ সন্তানক
সমালোচকৰ দৃষ্টিৰ পৰা
পলাই ফুৰিবলৈ
আত্মগোপন কৰিলোঁ নিজকে
এদিন সি জন্ম হ'ল
নাম থলো তাৰ
কবিতা ।
============◆◆◆============
🟧 শান্তি বিচাৰি
ৰাহুল চেতিয়া,চিলাপথাৰ,৬০০৩০৯৮২৩৩
মোৰ দুচকুত
গভীৰ নিদ্ৰাৰ ভাৱ
যদিও
আপ্ৰাণ চেষ্টা কৰিছো
নিদ্ৰাদেৱীৰ কোলাত শুবলৈ
কিয় জানো
বুকুত অজান আশংকাই
বাৰে বাৰে হেঁচা মাৰি ধৰিছে,
ভয়ত উশাহ-নিশাহবোৰ
চুটি হৈ আহিছে
মাতৃৰ আকুল বিননিত
মোক বাৰে বাৰে
বাধা দিছে
ভয়াতুৰ হবলৈ।।
সময়ৰ শৰত
শৰবিদ্ধ হৈ
শান্তিকামী মাতৃভূমি আজি
হিংসা, সন্তাসত জৰ্জৰিত হৈ
নিষ্পড়িত শোষিতা,ধৰ্ষিতাৰ
কাতৰ বিননিত সৃষ্ট এই বিচিত্ৰ পৰিৱেশ।।
হে শান্তিদেৱী,
কৰুনাময়ী,মাতৃ তুমি
বোৱাই লৈ আহাঁ
শান্তিৰ নিজৰা
এই ধৰাপৃষ্ঠলৈ,
তোমাৰ কোলাতেই বিচাৰি পাওঁক পৰম শান্তি
শেষ হওঁক
এই অজান বিধ্বংসী বতাহজাক,
নাথাকক অজান আশংকা
আৰু......................
মাতৃহীন, পুত্ৰহীন, হৃদয়ৰ আকুল আহ্বান।।
===========◆◆◆============
⬛কবিতা:-গকুল চৌধুৰী
অলেখ শব্দৰে অযুত বাক্যৰে
বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত কথাৰে
আদিৰ পৰা অন্তলৈ
আৰম্ভণিৰ পৰা সমাপ্তিলৈ
এটি দুটি কৰি প্ৰতিটো শাৰীতে
আঁকি লিখি থোৱা থাকে
প্ৰেম , প্ৰকৃতি আৰু মানুহৰ কতকথা
আঁকি লিখি থোৱা থাকে
দুখ , কষ্ট আৰু যন্ত্ৰণাৰ বিষাদগাঁথা
আঁকি লিখি থোৱা থাকে
খং , ক্ষোভ আৰু প্ৰতিবাদৰ বিদ্ৰোহগাঁথা ৷
অন্তৰ - আত্মাৰ কোলাহলত
মন - হৃদয়ৰ আবেগ , অনুৰাগ
মৰম , মানৱতাৰ সংমিশ্ৰণত
কলাৰ খনিকৰৰ কলাশৈলিত
গুঞ্জিত হয়
মন জুৰুৱা , ভাগৰ জুৰুৱা
কথাবাৰ্তা ৷
কোনো নিঃসংগ নিশা
নিৰবে নিশব্দে এখিলা সাঁচিপাতত
কবিৰ পাখিকলমে তুলে ভাষাৰ ফুলপাহ ৷
সাধনাৰ ভেটিত
কল্পনাৰ সাগৰত
ছন্দৰ লহৰত
প্ৰাণ পায় সৃষ্টিৰ মননশীল কাব্যকলা ৷
সুখত ফুলি
দুখত সৰে
দুখত ফুলি
সুখত সৰে
কবি মনত ফুলি সৰা
অনুভব - অনুভূতিৰ ফুলপাহেৰে
কবিয়ে গাথে শব্দৰ মালিতা
যাৰ নাম কবিতা ৷
============◆◆◆============
⬜"হীৰুদা তোমাৰ জন্ম দিনত স্মৰণ কৰো "
ছেলিমা বেগম
হীৰুদা তোমাৰ কবিতা বিচাৰি
সুঘ্নাণ পাওঁ কবিতাৰ মাজত,
কবিতাৰ জগতখন চহকী কৰি থৈ
চিৰনিদ্ৰাত শুই আছা হীৰুদা।
সুগন্ধি পখিলা হৈ আকৌ এবাৰ
আহা না সাহিত্য জগতত।
তোমাৰ সৃষ্টি আজি সাহিত্যিক
সকলৰ মাজত জিলিকি আছে
তোমাৰ প্ৰাণৰো প্ৰাণ কবিতা
এৰি থৈ ক'ত হেৰাই আছা।
সুগন্ধি পখিলা হৈ তোমাৰ আত্মাক
পঠিয়াই দিয়া সাহিত্য জগতত।
তোমাৰ সেই সৃষ্টি ৰাজি নৰীয়াত
পৰি কান্দি আছে তুমি বিহীন
কবিতাৰ ছন্দ নিমিলে তোমাৰ
কবিতাৰ ছন্দ বিচাৰি ফুৰিছো
শব্দৰ মাজত আজি তোমাৰ জন্ম
দিনটোত তোমাৰ সেই কলমৰ
চিয়াঁহীৰ দাগ বিচাৰি জন্ম দিনৰ
শুভেচ্ছা জনালোঁ।
============◆◆◆============
⬛️অপেক্ষা
🖊️ লখিমী শৰ্মা
বহুদিন বাট চালোঁ পদূলিলৈ চাই
মাত্ৰ তুমি অহাৰ আপাহতে
কিন্তু নাহিলা তুমি
পিছত মোক নক'বা কিন্তু
মোৰ গাত দুখ আছিল বুলি
এদিন হয়টো
এই অপেক্ষাৰ
অন্ত পৰিব !!!!
কিন্তু বহুত দেৰি হৈ যাব
শ্মশানৰ চিতাৰ জুইত
মিলি ৰ'ম মই এদিন
বহুত পলম কৰাৰ পৰিণতি
কিন্তু হাতে হাতে পাই ৰ'বা তুমি
তেতিয়া দুচকুৰে অশ্ৰু নিগৰাই
কান্দি কান্দি ভাগৰি পৰিলেও
যেন আৰু একো উপায় নাই
হোৱাটো আৰু হৈয়ে যাব
অহাটো আহিব
যোৱাটো যাব
না তুমি ধৰি ৰাখিব পাৰিবা
না মই ধৰি ৰাখিব পাৰিম
এই সময় ........
জীয়াই থকাৰ প্ৰাকক্ষণত
নুবুজিলা মোৰ পৰিভাষা
আঁতৰি যোৱাৰ পিছত
বুজি উঠিবা
জীৱনটোৰ সুকীয়া মাদকতাৰ
এক সুন্দৰ সৃষ্টিৰাজিৰ
অদ্ভুত অবিকল্পিত ভাৱধাৰা ।
============◆◆◆============
🟨সোণৰ পথাৰত কৃষকৰ কষ্ট
✍️ আৰতি শৰ্মা।
বাইহাটা চাৰিআলি।
বিশাল বিস্তৃত সোণৰ পথাৰত,
এজন অটল, কঠোৰ পৰিশ্ৰমী কৃষকে কষ্ট কৰে।
পুৱাৰ পৰা গধূলিলৈকে,
সূৰ্য্যৰ উষ্ণ জিলিকনিৰ তলত ঘামৰ বৰষূণ পৰে,
হাত দুখনেৰে পৃথিৱীৰ আলিংগনত
পথাৰত বীজ সিঁচে।
ঘাম আৰু পৰিশ্ৰমৰ দ্বাৰা মাটিত আঁঠু লৈ থাকে,
শ্ৰম দৈনন্দিন পৰিশ্ৰমৰ প্ৰমাণ হৈ পৰে ;
আশাৰ বীজ বোৰ যত্নপূৰ্বক ভাৱে ছটিয়াই,
প্ৰতিটো অংকুৰক লালন-পালন হোৱালৈ,
সিহঁতৰ বৃদ্ধি চাই থাকে।
ইমান সাহসী হৃদয়েৰে,
প্ৰকৃতিৰ প্ৰতি প্ৰৱল মনোভাৱ'ৰে,
গম্ভীৰ একো একোজন অভিভাৱক।
মাটিৰ লগত সুৰ মিলাই কৃষকৰ হৃদয় স্পন্দন কৰে,
তেওঁলোকৰ ভক্তি অদম্য,
বালিৰ শিপাৰ দৰে।
বৰষুণ আৰু খৰাঙৰ মাজেৰে
তেওঁলোকে অধ্যৱসায় কৰে,
প্ৰতিটো ঋতু পৰিচালিত কৰি
প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হব ধৰে।
ভাবুকি অহা প্ৰতিটো ধুমুহাৰ বাবেই
তেওঁলোকে ওখকৈ থিয় হয়,
তেওঁলোকৰ দৃঢ়তা, এক অটল দেৱাল।
মৰম আৰু ধৈৰ্য্যৰে তেওঁলোকে যত্ন লয়
আৰু খেতি কৰে,
জীৱনৰ কোমল দক্ষতাৰ ছন্দক
অতি মৰমেৰে আকোঁৱালি লব ধৰে।
দূৰ-দূৰণিৰ পুষ্টিৰ বীজ ৰোপণ কৰে,
ভোকাতুৰ পৃথিৱী এখনক অন্তহীন গৌৰৱেৰে খুৱাই।
খেতিয়কৰ আত্মা মাটিৰ লগত বান্ধ খাই থাকে
প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত,
গভীৰভাৱে শিপাই থকা হাত দুখনত।
প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা ভক্তি তেওঁলোকে বুজে,
কষ্ট আৰু মাটিৰ মাজৰ থকা ভাৰসাম্যতা।
হে কৰ্মঠ কৃষক ! সন্মান জনাওঁ আপোনাক,
যাৰ শ্ৰমে আমাক জীয়াই ৰাখিছে,
পৱিত্ৰ কৱচৰ দৰে।
হে কৰ্মঠ কৃষক ! সন্মান জনাওঁ আপোনাৰ
পৰিশ্ৰমত আমি পুষ্টি আৰু অনুগ্ৰহ পাওঁ;
দেখিবলৈ পাওঁ শস্য পৃথিৱীৰ আলিংগনৰ প্ৰমাণ।
============◆◆◆============
🟩 সৃষ্টিৰ গৰিমা:ৰঞ্জন বৰা
শব্দেৰে সেউজীয়া
সৃষ্টিৰ বিকশিত ৰং
মনৰ তুলিকাত
ভ্ৰমৰ উৰাই
সুগন্ধি পিখাই
তুমি মৌকোঁহ
তুমি মৌমাখি
তুমি মৌচুমী
তুমি মৌখাপ
আজি বিশালতাৰ প’টত
তুমি তৃষিত হৃদয়ৰ আচ্ছাদন
শব্দৰ মণিষী
জাকত জিলিকা
দীপ্ত আভা
যেন
প্ৰাচুৰ্যৰ সেউজ আলয় ___
============◆◆◆============
🟦মানৱতা
এছ ইছলাম, শিক্ষক
পঃমইনবৰী,বৰপেটা
সেইটো আছিল ফাগুনৰ বতৰ
বাটপথ তেনেই ধুলিময়
থিয় দি আছোঁ বাটৰ কাষত,
এগৰাকী হাড়-ছাল ওলোৱা ভিকহু
হাতখন দাঙি দিলে মোৰ কাষলৈ।
জীৰ্ণকায় গঠন শৰীৰৰ
গাত ফটা-ছিটা মলিয়ন কাপোৰ
ভোকত কঁপিছে শৰীৰখন তেওঁৰ,
নাই নাই! সি এনদৰে ৰখি থাকিব নে?
কামিজৰ পকেটৰ ভিতৰত মোৰ
হাতখন দিলোঁ সুমুৱাই
এটি ফুটা কড়িও নাই
কি কৰোঁ উপায়?
হাতত ধৰি ক্ষমা খুজিলোঁ
আপোনাক সহায় কৰিব নোৱাৰিলোঁ
তেৱোঁ মিছিকিয়া হাঁহিৰে
গুচি গ'ল ।
ময়ো কিজানি এটা
দান পালোঁ তেওঁৰ পৰা।
============◆◆◆===========
🟧কাপুৰুষ জাতি
শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)
কাপুৰুষ জাতি তই
জীয়াই থাকি কি কৰিবি
আমাৰ বাবে আবৰ্জনা হয়।
বিষাক্ত কাপুৰুষ জাত
মৃত্যু হোক তোৰ
আঘাত,প্ৰতিঘাতৰ যন্ত্ৰণাই।
নাই তোৰ ঠাই এই পৃথিৱীত
য'ত পাপেৰে পৰিপূৰ্ণ হৈ
অসুৰৰ ৰূপ ধাৰণ কৰিলি তই।
পুৰুষ হ'লে পুৰুষৰ পৰিচয় লৈ
নাৰীজাতিক সন্মান কৰ
নালাগে পূজা মুৰ্তিক কৰিব।
মাতৃৰ গৰ্ভৰ সন্তান হৈ
মাতৃৰ অংশক ধৰ্ষণ কৰা
এবাৰও লজ্জিতবোধ নকৰা।
কিনো পুৰুষ তই
নাৰীৰ বাবে জীৱন
আকৌ নাৰীকে কৰিলি অপহৰণ।
ছিঃ ছিঃ লজ্জিত মই
কিয় জীয়াই আছত তই
কাপুৰুষ নালাগে নহয়।
কাপুৰুষ জাতি
আজিও নুবুজিলি নাৰীৰ মহিমা
কেতিয়া বুজিবি তই।
সকলো ভুলৰ ক্ষমা আছে
নাৰীজাতিক ধৰ্ষণ কৰাৰ
কেতিয়াও নহয় ক্ষমা।
কাপুৰুষ জাতি তই
জীয়াই থকাৰ অধিকাৰ নাই নহয়
পাপৰ শাস্তি পাবি মনত ৰাখিবি।
============◆◆◆============
🟨মানুহৰ মনোভাৱ
ৰঞ্জন বৰা
সৃষ্টি স্থিতিত
কৰ্মবিকাশ আৰু সভ্যতাৰ বাটত
অমানুহৰ পৰা মানুহ হোৱাৰ বাসনাত
শ্ৰম আৰু মানসিক চিন্তা চেতনা ধ্যান ধাৰণা
জীৱনবোধৰ এক নিৰৱকাশ গতি __ !!
বিহংগম দৃষ্টিত পৃথিৱীখন
ধুনীয়া __ !
শাৰী শাৰী পাহাৰৰ এডালি মালা
ওখ চাপৰ হিমনাত বৰফৰ আবিৰ
তলত বৈ গৈছে শ্ৰীলুইত
যেন এইয়া চিৰ চেনেহী অসম ভূমি __ !!
ক্ৰমে
পৃথিৱীখনৰ বুকুত
আৰ্তনাদৰ ছাঁ
সভ্যতাৰ অসহায় ৰেঙণি __ !!
সংস্কৃতি বিহীন দৰ্শন
তেজৰ চেকুৰাত জহিখহি যায়__ !
মানুহৰ পৰা মানুহ হোৱাৰ পথত
এখন শুভ্ৰ সমাজে কথা কই
শোষণ __
নিস্পেষণ __
পতন __
স্খলন __
ত্যাগী
মানুহৰ মনোভাৱ জাগে
পৃথিৱীখন ধুনীয়া
পৃথিৱীখন সেউজীয়া __
===========◆◆◆============
🟩আশা
শ্ৰী পৰিস্মিতা দত্ত, শিৱসাগৰ।
বুকুৰ ভিতৰখন খহি যোৱাৰ পিছতো
ভাগি নপৰিবলৈ হেঁপাহ অলপ জাগে,
ভিৰৰ মাজত হেৰাই থাকিলেও
নিজস্ব বুলি কিবা এটা লাগে
আশা তাকেই কয় চাগে!
আশাবোৰ আছে বাবেইতো
ভাগৰি নপৰওঁ
তমসাচ্ছন্ন কাঁইটীয়া পথেৰে
আগবাঢ়ি যাওঁ....
সন্ধান কৰোঁ এক নতুন পথৰ ।
আশাবোৰ আছে বাবেইতো
যন্ত্ৰনাত ক্ষত - বিক্ষত ভাৱনাবোৰক
উশাহেৰে সামৰি থওঁ
হৃদয়ৰ নিভাজ কোণত
সন্ধান কৰোঁ নতুন আলোকৰ ...।
আশাবোৰ আছে বাবেইতো
যন্ত্ৰনাকাতৰ জীৱনটোক
ন ৰূপেৰে বজাবলৈ চেষ্টা কৰোঁ
পুৰণিক নেওচি নবীনৰ সন্ধানত ...।।
============◆◆◆============
🟦নাৰী
ৰাহুল চেতিয়া,চিলাপথাৰ,৬০০৩০৯৮২৩৩
আমি নাৰী,
মানুহে কয় হেনো আমি দুৰ্বলী,
কিন্তু নাজানে মানুহে
আমি কিমান গুণৰ অধিকাৰী।
সকলোৰে জীৱনক অগ্ৰধিকাৰ দিওঁ
তাৰ পৰিপ্ৰেক্ষিতটো বাৰে বাৰে
নিৰ্যাতন, নিপীড়িত,ধৰ্ষিতা হওঁ।
নিদিয়ে আমাক পুৰুষৰ দৰে সন্মান,
সুবিধাবাদীয়ে বিচাৰি ফুৰে কৰিব অপমান।
কিছুৱে কৰিব নিবিচাৰে স্বীকাৰ,
দিব নিবিচাৰে আমাক প্ৰাপ্য অধিকাৰ।
আমাৰ সুখ-দুখৰ
কোনো মূল্য নাই,
নাৰীৰ মাতৃত্বৰ অবিহনে
এই ধৰাত পুৰুষত্বৰ
কোনো স্বকীয়তা নাই।
নাৰীক সদায় দিব পুৰস্কাৰ,
তেতিয়াহে জীৱন হ'ব জাতিষ্কাৰ।।
============◆◆◆============
🟪শব্দৰ খনিকৰ
মেঘালী বৰা,শ্ৰী পৰিস্মিতা দত্ত,
গুৱাহাটী ,হেঙেৰাবাৰী ।
তোমাৰ প্ৰতিটো শব্দত বিচাৰি পাওঁ
কেঁচা মাটিৰ গোন্ধ
কৃষিজীৱীৰ শ্ৰমৰ ময্যদা
ৰ'দ বৰষুণৰ মাদকতা ।
তোমাৰ প্ৰিয় ফুল কাঁইটীয়া
গোলাপৰ সুগন্ধি।
এজাক উৰি যোৱা সুগন্ধি পখিলাৰ
বিচৰণ।
প্ৰকৃতি প্ৰেম দেশ প্ৰেম ভাষা প্ৰেম
মাটি -পানী, আকাশ বায়ু
সকলোতে থিতাপি তোমাৰ।
সুন্দৰ শব্দৰে সজালা কবিতাৰ ধাৰা
তুমি ক'ত বিচৰণ কৰা নাই ,
তোমাৰ কবিতাত আছে
শইচ- সোণোৱালী ভবিষ্যতৰ সপোন।
যেনিয়েই চকু দিওঁ তেনিয়েই
বিৰাজমান তুমি ।
তুমি আছিলা শব্দৰ খনিকৰ।
তোমাৰ শব্দৰ ঝংকাৰত পৃথিৱী
সাৰপায় উঠে ।
তুমি শয়নে -সপোনে শুনিছা
দেশৰ আহ্বান।
"দেশ বুলি ক'লে আদেশ নেলাগে "
এয়াই যেন স্বদেশ - স্বজাতিৰ প্ৰতি থকা
তোমাৰ ভাল পোৱাৰ অমোঘ বাণী ।
===========◆◆◆============
⬛বৌটি, তই যে কৈছিলি সেউতীৰ কথা
নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা।
বৌটি, তই যে কৈছিলি সেউতীৰ কথা
মোৰ কথা কৈছিলি নে?
তাই বাৰু গ'ল কলৈ?
এয়াতো নহয় আঘোণৰ পথাৰ
কুঁৱলীয়ে বাট-পথ ধৰিছে আগুচি ,
একোৱেই নমনি ;
এয়া তো শাওনৰ পথাৰ
ৰিমজিম বৰষুণত চিপ্ চিপীয়া পানীত একাঠু বোকা! !
লিহিৰি লিহিৰি ঢেৰ আঙুলিৰ মূৰত
এগছি দুগছি কৈ ভুঁই ৰুই থকা ৰোৱনীৰ
ওপৰলৈ মূৰ তুলি চোৱাৰ সময়কে নাই!
বৌটি, এইজাক ৰোৱনীৰ মাজত আছে নে সেউতী মোৰ?
কেতিয়া নো চাব পাৰিম
তামোলৰ পিক সনা ৰঙা ওঁঠ দুটা,
গাল দুখন কোমল গোলাপৰ পাহি!
কেতিয়া নো শুনিবলৈ পাম
ওঠৰ বছৰীয়া হলো যে কৈ
যাঃ বুলি ঠেলা মৰা ধেক ধেক হাঁহি মাথো হাঁহি!
কেতিয়া নো হিয়া পৰিব শাঁত
উদঙাই ঢাকি থোৱা ৰোৱনীৰ বুকুৱেদি
বাগৰি যোৱা ৰসো বৈ সঃ নদীৰ তৰঙ্গ মালা!
বৌটি তই যে কৈছিলি সেউতীৰ কথা
মোৰ কথা কৈছিলি নে?
তাই বাৰু কলৈ হেৰাল?
নে দেই পুৰি ছাই কৰা শাওনৰ ৰ'দৰ তাপত
কেঁচা সোণ -হালধীয়া সেউতী জনী মোৰ
লুকাল কাৰোবাৰ শীতল বুকুৰ ছাঁত ??
============◆◆◆============
⬜শাওনৰ পথাৰত
✍️ঋতুৰাজ বৰগোহাঁই, শিৱসাগৰ
শাওনৰ পথাৰত
হালোৱা ৰোৱনীয়ে ঘাম পেলাই
প্ৰখৰ ৰ'দত,
সপোন সিঁচে
বসুন্ধৰা বুকুত ।
শাওনৰ পথাৰত
হালোৱাই যুতিছে হাল ,
গৰু খোজত ,নাঙলৰ ফালত
ধৰা হৈছে ফাল ফাল ।।
শাওনৰ পথাৰৰ
ৰাংঢালি ৰোৱনী
ৰদত জিলিকে প্ৰাণোচ্ছল হাঁহিটি।
শাওনৰ পথাৰত
খেতিয়কে সপোন সিচে
বুকুত অযুত আশা ৰাখি ,
এক আঁঠু বোকাত
কঁকালক যাতনা দি
ভূঁই ৰুই ৰোৱনীয়ে
সেউজ কৰে বসুন্ধৰা বুকু ।।
শাওনৰ পথাৰৰ
বুকুৱে বুকুৱে
লিহিৰি লিহিৰি আলি
হালোৱাই ককাই গঢ়ে
মাটি থেপি থেপি
মনৰ আশা মনত লৈ
আঘোণলৈ চাই বাট,
খেতি ভাল হলে
আঘোণত সোণগুটিয়ে
ভঁৰাল উপচায়।
============◆◆◆============
⬛মোৰ মন
শান্তা দাস।
লংকা, হোজাই, অসম
ফোন নম্বৰ :- 7099457179
মোৰ মন শূণ্য, যদিও অন্তৰ,
চিৰদিনৰ বাবে উজ্জ্বল।
দৃশ্যহীন,যদিও সময়ৰ বিধি বুজি,
সময়ৰ কঠিনতা জানি সময়তে সুচল।
অধিক কল্পনাতে কেতিয়াবা,
অথৈ আত্মহাৰা মোৰ মন।
কেতিয়াবা আকৌ শত,
আত্মহাৰাতে দিশহাৰা এই মন।
কেতিয়াবা ৰামধেনুৰ শব্দভেদী,
ৰঙেৰে ৰঙিয়াল কৰি তুলে।
আকৌ কেতিয়াবা লুকাই,
ফুৰে নীল অম্বৰৰ মাজলে।
কেতিয়াবা মনত জাগি উঠে,
ভোগ বিলাসীকতাৰ শিৰোমণি।
কেতিয়াবা আকৌ বিস্ময়াম্বিত,
হৃদয় কম্পিত ধ্বনি।
কেতিয়াবা নিষ্ঠুৰ কঠুৰতা,
কেতিয়াবা আকৌ সীমাহীন উদাৰতা।
নাজানো মনৰ সঠিক অবস্থা,
চৌদিশে কেবল ভয়ৰে প্রবলতা।
কেতিয়াবা আবেগী ভাৱনাৰ,
উচ্ছভেদী স্পর্শকতা।
কেতিয়াবা সমস্ত সাফল্যতাৰ, অন্তিম ফলাফল ব্যর্থতা।
কেতিয়াবা স্মৰণীয় হৈ, ইতিহাস গঢ়িব বিচাৰো।
কেতিয়াবা নির্বাক শ্রোতা হৈ,
কেবল জীয়াই থাকিব বিচাৰো।।
এয়াই ছাগে মন,
মনৰ আকৌ নালাগে কোনো ধন।
মন মতলীয়া মন আত্মহাৰা,
দুৱাৰে দুৱাৰে ভ্রমি ফুৰা এক অভিধাৰা।
মনৰ নো কোন আছে!
কালিও শূন্য আছিল আৰু আজিও শূন্য।
ব্যৰ্থতাৰ শিকলিৰে বন্দী,
মুক্ত হৈও যেন বন্দীত্ব মোৰ এই মন।
============◆◆◆============
🟪ধুমুহাজাক আহিছিল
আয়নাল হক ,ধুবুৰী
হঠাতে আহিছিল ধুমুহাজাক
ঠান-বান হৈ যোৱা অৱশেষত এতিয়া
মৃত্যুৰ কিৰীলি !
হাঁহি হাঁহি অহা পছোৱাজাকে
কেতিয়ানো তাণ্ডৱ ৰূপ ল'লে
নাজানিলে কোনোৱে--!
আশাবোৰ বুটলিবলৈ নৌপাওঁতেই
তাত বাজি উঠিল মৃত্যু ঘণ্টা।
হাঁহিবোৰ কান্দোন হ'ল
হেঁপাহবোৰ অভিশপ্ত হ'ল---
এনেকৈয়ে শেষ হয় সপোন !
কোনেওতো নাজানে
ধুমুহাৰ ধ্বংস লীলাত
কেতিয়া ভাহি আহে
কাৰ বুকুৰ উচুপনি,
নিস্তব্ধ সময়বোৰ উত্ৰাৱল কৰি
ধুমুহা আহে এনেদৰে
চৌদিশে উথলে
অনাকাঙ্খিত মৃত্যুৰ কিৰীলি---!
উশাহত প্ৰতিধ্বনিত হয়--
ত্ৰাহি ত্ৰাহি ত্ৰাহি...।
============◆◆◆============
🟦বৰ নাৰায়ণপুৰ
ৰাজ দ্বীপ মৰাং
লখিমপুৰ, নাৰায়ণপুৰ।
লখিমপুৰ জিলাৰ
বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত
মনোৰম এখন নগৰ
আমাৰ নাৰায়ণপুৰ
য'ত বিভিন্ন জাতি-জনগোষ্ঠী
মিছিং, দেউৰী, কচাৰী, নেপালী, চুতীয়া, আহোম
ইত্যাদিয়ে ভৰা
ঐতিহ্য সংস্কৃতিয়ে আবৃত্তপূৰ্ণ
এই নাৰায়ণপুৰ
জাতি-উপজাতিৰ মিলন ভূমি
ঐক্য সংহতিয়ে গঢ়া
বৰ নাৰায়ণপুৰ
নানা কৃষ্টিৰ ফুল ফুলি
সুবাসিত হৈ থকা
নিৰ্জম ঠাই
এয়াই প্ৰবৃত্ৰ
বৰ নাৰায়ণপুৰ
ফুলনি থান
মাধৱদেৱ থান
পত্ম আতাৰ থান
ইত্যাদিয়ে ভৰা
বৰ নাৰায়ণপুৰ
বদলা সত্ৰ
বেলগুৰি সত্ৰ
ইত্যাদি
সত্ৰৰে ঐতিহ্য এই নাৰায়ণপুৰ
বৰ নাৰায়ণপুৰৰ স্বৱিমান
গুৰু বাৰ বৈষ্ণৱৰ জন্মস্থান
অংকীয়া, ভাওনা, ৰাস..
সত্ৰৰে ঐতিহ্য পৰম্পৰা
কৃষ্টি-সংস্কৃতিৰে আবৰা
বৰ নাৰায়ণপুৰ...
ৰজা দিনৰ মাঘনোৱা দ'ল
আহোম যুগৰ গোসাঁনী পুখুৰী
নাৰায়ণপুৰতো আছে অনেক বুৰঞ্জী
লেটেকু পুখুৰী
ৰঙতী পুখুৰী আদি
সাউকুচিৰ ৰাধাপুখুৰীয়ো আছে সাক্ষী
যুগে-যুগে বৈ আছে
সোৱণশিৰি নৈ
মাধৱদেৱ কলাক্ষেত্ৰ আদি
নাৰায়ণপুৰেই অলংকাৰ
বৰগীত, ভতিমা মাধৱ গুৰুজনাৰ তান
আৰু নামঘোষা
গুৰুজনাৰ ঈশ্বৰৰ মহা দান
নাৰায়ণপুৰত আছে
ক'ত য'ত মান
মাধৱদেৱ নামে জিলিকা
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ
এই নাৰায়ণপুৰতেই আছে
ঐক্য সম্প্ৰীতিৰে সজা
প্ৰাণৰ এনাজৰী
আহাচোন বন্ধু
আমাৰ ফালে এপাক
চাই যোৱাহি সংস্কৃতিৰ প্ৰাণস্বৰূপ
নাৰায়ণপুৰৰ চৌদিশ......
============◆◆◆============
🟩কেতিয়াবা আমি নিজৰ
দেইজী কাৰ্খ বৰদলৈ
কেতিয়াবা আমি নিজৰ
কথা চিন্তা কৰিছো নে??
নিজক লৈ ব্যস্ত হৈছোঁ নে?
নিজৰ কাৰণে অকন মান
সময় উলিয়াব পাৰিছো নে?
আচলতে মানুহে জীয়াই থকাৰ দিন কেইটাত অকন মান হ'লেও নিজৰ কথা চিন্তা কৰিব লাগে।
নিজক সময় দিব লাগে।
নিজক ভাল পাব লাগে।
কাৰণ কোন মুহূৰ্তত আমি
অকলশৰীয়া হৈ যাওঁ,,
কোনোও ক'ব নোৱাৰে।
গতিকে নিজক ভাল পাবলৈ
শিকক।।
সদায় নিজকে নিজে আগবাঢ়ি যাবলৈ চেষ্টা কৰক।।।
============◆◆◆============
🟨অতীত:কুকী মহন্ত
আইৰ কোলাত মূৰ থৈ নুশুৱা বহু দিনেই হ'ল,
পিতাইৰ চাইকেলৰ আগত উঠি ফুৰিবলৈ যোৱা
সেই দিনবোৰ চোন আজি স্মৃতি হৈ গ'ল।
কুকুৰাৰ মাতত পঢ়িবলৈ বহা সময়বোৰ
আজি চোন পাহৰি যোৱাৰ দৰেই হ'ল।
আগতে স্কুল তই নগ'লে মইও নাযাওঁ বোলা
সমনিয়াবোৰেও আজি কালি পাহৰিয়েই গ'ল।
নিশা চোতালত বহি আইতাৰ মুখেৰে সাধু শুনাৰ চখ
আজি কালি কণমানিহতে নোপোৱাই হ'ল।
গধূলি পঢ়া টেবুলত বহি আইৰ চিটিপনীৰ ভয়ত
চিঞৰি চিঞৰি পঢ়া সময়কণ
এতিয়া সলনি হৈ গ'ল।
নৰাৰে পেঁপা সাজি সমনীয়াৰ আগত দেখুৱাই
একেলগে খেলা সময়বোৰ নাইকিয়াই হ'ল।
বাৰীৰ ফল মূল,শাক পাচলিও সিহঁতি
খাই বেয়া পোৱাৰ তালিকাত ভৰাই গ'ল।
চেং গুটি, হেতালি, ৰচি টনা, আদিবোৰো
আজি কালি অকনিয়ে কিতাপতহে পঢ়িবলৈ পোৱা হ'ল।============◆◆◆============
🟫পুষ্পদ্যান
সবিতা বেগম
বৰপেটা।
ক্ৰমশঃ
অত্ৰাহি...
অথৰ অন্তবাগ
বিবস্ৰ আশানুবাগ
স্তব্ধ বিহগ কুঁহিপাত।
অথন্ত অথিৰ
অলীক চিত্ত।
জ্ৰড় পীড়িত
অন্ত কায়।।
আহত অনুলেখ,
বিক্ষোভ অভিলেখ।
তত্ত্বানুসন্ধান বৃথা ,
অনাদি মত্ত তন্দ্ৰা ।
তমসাচ্ছন্ন তৰী,
ভ্ৰষ্ট মই অঘৰী।
ৰিষ্ট দ্বাৰৰ প্ৰহৰী,
প্ৰহসন পৃথিৱী।
প্ৰহেলিকা প্ৰহাৰ,
তিক্ততাৰ অপাৰ।।
============◆◆◆============
🟧জীৱন
ৰাহুল চেতিয়া, চিলাপথাৰ,৬০০৩০৯৮২৩৩
জীৱনটো এটা সাঁথৰৰ দৰে
সকলো থাকিও যেন
কেতিয়াবা নিসংগ হৈ পৰে।
কেতিয়াবা যদি
জীৱনে হঁহুৱাইছে
আকৌ কেতিয়াবা
বিষাদ-বেদনাই কন্দুৱাইছে।
কোনোবাই দিব নেকি
জীৱনৰ সংজ্ঞা?
খন্তেকীয়া আলহী জীৱনৰ,
এদিন যাবগৈ লাগিব
সংসাৰৰ মায়া-মোহ এৰি
মৃত্যুক দুহাতেৰে সাৱটি লৈ
যশ-যশস্যা,ধন-জন
এই পৃথিৱীতে এৰি থৈ।
============◆◆◆============
🟥সপোনৰ কথা
অনন্ত কুমাৰ ভূঞা,
ধাৰাসাৰ বৃষ্টিপাত,
ঢল বাগৰিছে
গাভিনী পথাৰে সলাইছে উশাহ,
সপোনৰ কথা গোপনে ৰাখিলা
ক'ম বুলি কিয় নক'লা !
বিৰহী মনটো
ঘেৰি ধৰিছে সূৰ্যৰ মৰলে
ৰিঙা ৰিঙা ভৰ দূপৰীয়া
বিচাৰি পাবানে নে সপোন কোঁৱৰ ।
কৈ দিবা ------ ভাল পাওঁ বুলি
সপোন কোঁৱৰ ফুলনিৰ
ভাল লগা এপাহি ৰক্ত জৱা ।
লাজুকী চাৱনিৰে
হেঙুলী আভা গাত মেৰিয়াই
এপাহি গোলাপ আৰু ৰক্ত জৱা
যুগল বন্দী হৈ
যোৱা বাটে ঘুৰি আহিবা।
============◆◆◆============
⬛আবেগৰ শব্দ
সূৰজ বৰগোহাঁই, ধেমাজি
গধূৰ হৈ পৰে ওফন্দি উঠা বুকুখন
শূণ্য মৰমৰ শব্দৰ অভাৱত
গলিত হৃদয় যেন নিস্পন্দিত
আন্ধাৰত অন্মেষণ কৰে শব্দৰ শিপা বোৰ।
খেপিয়াই খেপিয়াই বুটলি অনা
দুই এটি শব্দৰে গাঁঠি পেলাই এডালি শব্দ মালা
হয়নে বাৰু সিবোৰ শুৱনি?
আছেনে বাৰু লয় ছন্দ
নতুবা সূৰৰ মন্ত্ৰ...!
সেই বোৰ নহ'লেও নিশ্চয় আবেগ আছে
বহু বছৰে মামৰে ধৰা কথাবোৰ
একোবাৰ এচলো পানীৰে ধুই যাই
খাৰ উঠা চকুৰ পানীত যেন আঁতৰি যায় মামৰবোৰ
প্ৰকাশিত হয় অতীতৰ নিষ্ঠুৰ সত্যবোৰ ।
কোনে কয় আবেগে সত্য কথা নকয়?
============◆◆◆============
🟪"এজাক প্ৰেমৰ বৰষুণ"
উৰিস্মা নাথ
গৰুখুটি (দৰং)
প্ৰেমৰ এজাক বৰষুণ নামিব
আকাশৰ নীলাভ ভাঙি,
কলা ডাৱৰে আৱৰিছে
তোমাৰ প্ৰিয় নীলাখিনিক।
কিন্তু আমি বৃষ্টিপ্ৰিয়ই
কলা ডাৱৰখিনিৰ পৰিবৰ্তিত ৰূপ,
এটুপি দুটুপিকৈ সৰি
মৰহি যাবলৈ ধৰা গোলাপ পাহিক,
পুনৰ প্ৰান দি উঠোৱা
প্ৰেমৰ বৰষুণ জাককহে আমাক
জীপাল কৰিবলৈ দিম,
কলা ডাৱৰখিনিক নহয়।
মইজনীয়ে মেঘ হৈ,
তোমাৰ প্ৰিয় নীলাখিনিক
পুনৰ উভতাই আনিম।
বাৰু কোৱাচোন,
তুমি হ'বা নেকি?
নীলা আকাশৰ লগৰীজন,
যদি কথা দিয়া মোক
প্ৰেমৰ বৰষুণ জাকত তিতি
দুয়ো মিলি কথা পাতিম;
নিশাৰ গভিৰতাক সাক্ষী কৰি
এজোলোকা সপোনৰ সৈতে,
আৰু নিস্বাৰ্থ ভাৱে সুধিম যে,
"কোন কাৰ বেছি আপোন"
============◆◆◆============
🟦বাস্তৱতা
✍️ সান্নিধ্য।।
ঠিকনা - শিৱসাগৰ,আমগুৰি।
দূৰভাষ - ৮৬৩৮৭৮২৮৪৩।।
কালি আছিল,,
তেওঁৰ অহংকাৰে,,
আজিৰ শিৰোনাম আছিল।।
মানৱতাৰে,,
শোক কৰি আছিল।।
উদযাপনেৰে,,
গুণগুণাই আছিল।।
দুখেৰে,,
পাগলজন ভিৰৰ মাজত হেৰাই গ’ল।।
আৱেগেৰে,,
শূন্যতাত বিচৰণ কৰি আছিল।।
খংৰে,,
ধুমুহা আনি আছিল।।
ধ্বনিৰে,,
খোদিত কৰি সমাধিস্থ কৰা হৈছিল।।
চৰকাৰে,,
নিৰপেক্ষ হৈ থিয় দিলে।।
মানুহবোৰ,,
স্তম্ভিত মৌনতা আছিল।।
এই দেশৰ সমাজ,,
বিকশিত হৈ ক’ত গৈছিল।।
============◆◆◆============
🟩ভিখাৰী তুমি
শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী (হোজাই)
ভিখাৰী তুমি বৰ সুখী,
পৰিচয় যদিও দুখী।
আশা মাথোঁ দুবেলা দুমুঠিৰ,
নাই যদিও নিজস্ব কুটীৰ।
নুবুজো কাৰণ তোমাৰ,
তোমাতকৈ অভাগা জীৱন আমাৰ।
বুজিলোঁ সময়ে শিক্ষাগুৰু তুমি,
ছাত্ৰীৰ আসনত বহিলোঁ আমি।
প্ৰতাৰণা নকৰি খুঁজি-মাগাই ভাল,
কাৰোবাৰ আগত নধৰি তৰোৱাল।
হাত নাই,ভৰি নাই
আমাৰ বাৰু জ্ঞানেই নাই।
সত্যৰ জ্বলন্ত উদাহৰণ তুমি,
নালা-নৰ্দমাৰ আবৰ্জনা আমি।
চৰিত্ৰ তোমাৰ বিচিত্ৰ,
ভিক্ষাৰীৰ নাই কোনো মিত্ৰ।
হিংসা-ঘৃণা সকলো ত্যাগী,
প্ৰতিপল নিজৰ কৰ্মতাৰ অনুৰাগী।
ভিখাৰী তুমি মহান,
ক্ষুদ্ৰ হৃদয়ৰ কোমল প্ৰাণ।
অজস্ৰ প্ৰণাম জনাওঁ ভিখাৰী তোমাক,
অকৰ্মতাৰ মূৰ্খামীক ক্ষমা কৰিবা আমাক।
============◆◆◆============
🟨ৰঙীন আভা
শ্ৰী সুৰজিৎ ভূঞা
ঠিকনা:- মেটুৱাকুছি, শান্তিনগৰ, বৰপেটা ।
দূৰভাষ নং:- ৯৩৬৫৬১৭৪১৯
পুৱতি নৈখন
ৰঙীনতাৰ আভাৰে জিলিকে
পানীবোৰ উজ্জ্বলি উঠে ।
নৈখনৰ গভীৰতা
মানুহৰ ভাবনা
সীমাহীন ।
হাস্পতালৰ বিচনাত বাগৰি বাগৰি
কামিহাড় কেৰ্মেৰাই উঠা
কেঞ্চাৰ ৰোগীজনে দেখে
আশাৰ সম্ভেদ ।
ৰঙীনতাত দেখে
জীৱনৰ কুস্তি ।
আবেলি পৰত
মোৰ শৈশৱৰ খেলপথাৰ
ৰামচৰণত ডুব যায়
ৰঙীন আভাৰ বেলি ।
============◆◆◆============
🟧কাঁচিয়লি ৰ'দৰ হাঁহিত প্ৰাণ পায় গাঁওখনে
প্ৰগতি গগৈ চাংমাই,
নাজিৰা
পুৱাৰ কাঁচিয়লি ৰ'দৰ হাঁহিত
উজ্বলিল জিকিমিকি নিয়ৰমুকুতা।
পখীগণৰ কলৰৱত সৰৱ হ'ল
মোৰ চৌপাশ।
ফুলৰ সুগন্ধত মন মুগ্ধ হয়
মৌমাখিৰ গুঞ্জনত মুখৰিত সময়।
গৰুৰ হেম্বেলনিত গাঁৱখনে প্ৰাণ পায়
গাঁওবাসীৰ বুকুৰে হেঁপাহ উজায়।
সেউজীয়া ধৰণী শস্য শ্যামলী
বিৰিখে বিৰিখে মনোমোহা ফুলৰ কৰণি।
সুখৰ এজোলোকা আশীৰ্বাদ
আইতাৰ সোলা মুখত...
বয়োজ্যেষ্ঠক সন্মান যাচি
মানে ৰীতি-নীতি।
বাঁহৰ আগৰ বগলীৰ বাহৰ
যেন পাতিছে বগা ডাৱৰৰ পোহাৰ ।
============◆◆◆============
🟫শীৰ্ণতাৰ সিপাৰে
সঙ্গীতা ডেকা, ৰঙিয়া
এতিয়া আৰু সাহস নাই
সৌ চন্দ্ৰটোলৈ দুহাত মেলাৰ
ইমান উচ্চতাত যে,
ঢুকি পাবলৈ যোগ্যতা নাই
মুৰ তুলি চাবলে তেজস্বীতা নাই
আৰু নাই সময়ো....!
তৰিৎ গতিৰে দৌৰিব ধৰিছে পলবোৰ
এনেকুৱা লাগে যেন,
খৰিৰ শয্যাত হে সৰগ আছে !
তথাপিও ভাগি পৰা নাই ক্ষুদ্ৰ আলোকগছি
মজিয়াত সিচঁৰিত হ'লেও,
স্বতঃস্ফূৰ্তভাৱেই একত্ৰিত হ'ব
স্ব-দিপ্তীৰে সেউজ হ'বলে...!
হয়তো লোকচক্ষুত নপৰিবও পাৰে
তথাপিও এমোকোৰা হাঁহি বিৰিঙি উঠে
সেই শীৰ্ণতাৰ সিপাৰে....
============◆◆◆============
🟦কি যে দূৰ্বিষহ জীৱন যান্ত্ৰণা
✍️অপৰূপা দত্ত
অৰুনাচল প্ৰদেশ
কি যে দূৰ্বিষহ জীৱন যান্ত্ৰণা
হোৰাইছে সকলোৰে অলেখ কল্পনা
হত্যা, লুণ্ঠন , ধৰ্ষণ হৈছে আজিযেন প্ৰত্যেকৰে জীৱন লগৰী
পাহৰি গৈছে আজি মানৱতা কি ?
শাৰী শাৰী মৃতদেহে গঢ়িছে
আজি সমাজৰ ভেটি
তেজৰ নদীৰে আদৰিছে
যেন মানৱ জাতি
বিৰাজমান আজি ভাতৃ-ঘাতিৰ সমাজখন
নাই আজি পৃথিৱীত
অতীত ৰঙীণ সপোন
আছে মাথো সকলোৰে হৃদয়ত
এখনি ভঙা দাপোন
কি যে দূৰ্বিষহ জীৱন যান্ত্ৰণা
চাৰিওঁফালে আজি মাঁথো
তেজৰ চেকুৰা I
============◆◆◆============
⬛"শাওণৰ ৰূপহী ৰোৱনী"
ছেলিমা বেগম
কোন তুমি শাওণৰ ৰূপহী ৰোৱনী,
ওঁঠ দুটিত তামোল পাণৰ ৰং হানি
শাওণৰ পথাৰত সোণগুটি বিচাৰি
বোকা পানীৰে লুতুৰি পুতুৰি হৈ ভূঁই ৰোৱা?
বৰ ধুনীয়া লাগিছে মৰম লাগিছে,
গোলপীয়া গাল দুটিত শেতা পৰি আছে
পিঠিৰ ছালখন ৰ'দত পুৰি বৰষুণত তিতি
ওঁঠত মিচিকীয়া হাঁহি মনত আনন্দ
তুমি নে কি অসমীয়া ৰোৱনী ?
তামোলৰ পিক্ পেলায় পেলায়
শাওণৰ পথাৰত সপোন দেখিছা
কেঁচুৱাক পিঠিত বান্ধি লৈ শাওণৰ
পথাৰত আৰু কিমান ব্যস্ত থাকিবা ?
নাই যে তোমাৰ বাগৰ নাই যে তোমাৰ
গৰম এটাই উদেশ্য আঘোণ মাহত লক্ষী
আহি ভঁৰালত থাকিব লাগিব।
============◆◆◆============
⬜চাকনৈয়া
সংগীতা দেৱী (ৰজনীগন্ধা)
জিলা-যোৰহাট
📞-৬০০১৬৭৭৩৬২
অভিযোগবোৰ ক'ত হেৰাই যায়?
আশাবোৰ ক'ত লুকাই?
অভিমানবোৰ কিয়নো বিষাদ হয়?
কল্পনাৰ সাগৰখনো কিয় শুকাই যায়!
হেৰাই যায় শব্দ!
ৰৈ যায় মৌন ওঁঠৰ কিছু কথা!
লাঞ্ছনা!ককৰ্থনা আৰু কত কি!
জীৱনো থমকি ৰয়!
শেষ কৰিব খোজে কাহিনী।
পিছে...
ইমান সহজ জানোঁ এটা কাহিনী শেষ কৰা?
নহয়! আৰু কিয়নো কৰিব লাগে কাহিনী শেষ?
অভিযোগ হেৰাই যায়,কিন্তু...
অভিযোগৰ আঁৰৰ মৰম জানোঁ হেৰাই যায়?
সুপ্ত আশাবোৰতেই চোন আকৌ
নতুন আশাৰ জন্ম হ'ব খোজে।
বিষাদময় অভিমানৰ মাজত থকা
হেঁপাহখিনিয়েও দেখোন বাৰে বাৰে পাহি মেলে।
কল্পনা সাগৰখনো এটোপাল- দুটোপালকৈ
প্ৰেমৰ জোৱাৰ তোলে।
মৌন ভাষাবোৰ বুজোতাই লাহে লাহে বুজি উঠে।
লাঞ্ছনা সলনি মৰমে পৰিপূৰ্ণ হৈ পৰে জীৱন।
জীৱনে আকৌ হাঁহিবলৈ শিকে।
আৰম্ভ হয় কাহিনী আকৌ এবাৰ...
অন্তহীন ৰঙত জীৱন ৰঙীণ হোৱাৰ।।
============◆◆◆============
⬜পাগল
মিন্টু গোৱলা, লখিমপুৰ কদম
সি গাত এখন ফটা কম্বল
মেৰিয়াই লৈ ৰে'ল পথেৰে
নিজৰ খাদ্যৰ সন্ধানত পথে পথে
ঘূৰি ফুৰিছে ।
ভোকত কল্- কলাই থকা পেটত ,
কেতিয়াবা
এগিলাচ খাই ভোক লুকাই
পাগল দৰে ঘূৰি ফুৰে।
এই পাগলৰ আঁৰত থকা
কথা কিমানে জানে ?
সিওঁ এদিন আমাৰ দৰে আছিল।
কিন্তু সিদিনা চহৰৰ
মাজমজিয়াতো
নিজান পৰিবেশ
সি চহৰখনত অকলে ফুৰিছিল।
সিওঁ উন্মুক্ত যৌৱনৰ
এটি সুন্দৰ যুৱক
চহৰৰ মাজমজিয়াতে
তাক দুগৰাকী যুৱতীয়ে
ধৰ্ষণ কৰিছিল ।
সি সেই দিনাৰ পৰা লজ্জা হৈ
সমাজৰ আগত নাহে ।
তাৰ এক মাত্ৰ আশ্ৰয় আছিল ৰে'ল পথটো ।
উৰে নিশা তাৰ লগত হোৱা ঘটনাতো
কথাবোৰ ভাবি ভাবি
উচুপি কান্দি থাকে ৰে'ল পথটো।
মন মগজু ও কাম নকৰা হ'ল ।
ৰʼদ শুকাই, বৰষুণত তিতি ,
ঠাণ্ডাত কঁপি কঁপি ফটা কম্বলটো লৈ
ৰেʼল পথত পাগলৰ
জীৱনতো জীয়াই আছে ।
তাক সকলো পাগল বুলি ঠ্ৰাটা কৰে ।
কেতিয়াবা শেঁতা পৰা মুখ লৈ
অকলে অকলে কিছুমান
কথা বলকি থাকে ।
ঠাণ্ডাত কঁপি থাকিলেও
গাত কম্বল এখন মেৰিয়াই দিব
মানুহ নাই ,
কাৰণ সি আজি পাগল ।
============◆◆◆============
No comments:
Post a Comment