পষেকীয়া ই-আলোচনী
জোনাকী
দ্বিতীয় বছৰ■অক্টোবৰ মাহৰ ১৫-৩০ সংখ্যা
এতিয়া যেনিয়ে চাওঁ
কেৱল মৃত্যুৰ বিপনী।
কিমান আকৰ্ষণীয় কৈ সজাৱ পাৰি নৃশংসতা
তাৰ অঘোষিত প্ৰতিযোগিতা ।
জল স্থল নভ ক'তো ঠাই নাই
দ'লে দ'লে ভাগে ভাগে
কেৱল মৃত্যুৰ বিপনী ।
মানৱতা সহানুভূতি হিয়াভগা কান্দোন
ক্ষেপনাস্ত্ৰই মিহলি কৰে ধূলিৰ লগত ।
জুই ধালি জুই নোমোৱাই
এইয়াযে খাণ্ডৱ দাহৰ অশনি সংকেত ।
মৃত্যুৰ পাছত আমাক যিটো গাঁতে সাৱটি লয়
এতিয়া জীয়াই থাকিবলৈ
তেনে একোটা গাঁতৰ প্ৰয়োজন ।
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ ।
◼️শূন্য হৃদয়
অনন্ত কুমাৰ ভূঞা
শূন্য হৃদয় উদাসী মন
ক্ৰন্দসীক বিচাৰি কৰিছোঁ চলাথ
মই নিসংগ নীৰৱ জোনাক ।
ক'ত আছে প্ৰেৰণাৰ উৎস
কেতিয়া আহিব বাউলি বতাহ
উৰুৱাই নিবলৈ মোক !
হাত বাউল দি কোনে মাতিব
কোনে যাঁচিব প্ৰণয়
সাৱতি লবলৈ কোন আছে সুদূৰত ।
নিঃশব্দ নিশা প্ৰবাসী হিয়াই
লিপিবদ্ধ কৰিছোঁ জীৱনৰ কথা
প্ৰতিদান পাবলৈ স্নেহ বন্ধনৰ ।
🔳মাটিৰ মান
-আয়নাল হক,ধুবুৰী
আৰু কোনোদিনেই নকওঁ
মোৰ সপোন হেৰুৱাৰ যন্ত্ৰণাৰ কথা
নকওঁ মই
উজাগৰী ৰাতিৰ গোপন ব্যথা।
কপালৰ লিখন
কেনেকৈ হ'ব খণ্ডন ?
নালাগে জানিব
পাই হেৰুৱাৰ বেদনাই
হৃদয় ভঙাৰ কাহিনী--!
মৌন পৃথিৱীৰ আলিঙ্গনত
অলক্ষিতে থাকক গোপন উচুপনি।
হৰা-জিকাৰ কাহিনীবোৰেৰে
আনক দিব নোখোজোঁ বিৰক্তি।
জীৱনটো নিজৰ
সাহসেৰে আগবাঢ়িম আন্ধাৰ নাশি।
আহিছোঁ অকলে
যামেগৈ অকলে
পৃথিৱীৰ মায়া-মোহ সকলো ছিঙি--!
মাটিৰ মানুহ
মাটিতেই মিলি
পাৰ হ'ম জীৱন নামৰ
এই বিশাল বৈতৰণী
তেতিয়াতো নেদেখোঁ কাৰো চকুৰ পানী...।
🔲কিমান লিখিম শৰতৰ কবিতা?
প্ৰতি প্ৰভাতে কলমৰ আগত
তোমাৰ নামৰ কবিতা লিখে,
লিখি লিখি ডায়ৰীখনৰ অন্তিম পালে
কিন্তু কিমান লিখিম শৰতৰ কবিতা?
শান্তিময় প্ৰকৃতিৰ পৰশে
শৰতৰ প্ৰেমত পৰোঁ বাৰে বাৰে,
তোমাৰ মুখমণ্ডল ভাঁহি উঠে
শেৱালি ফুলৰ আঁৰে আঁৰে।
তোমাৰ নামৰ ৰস পালেই
হৃদয়খন আনন্দে মাতলিয়া হৈ পৰে,
কুঁৱলী সৰা মলয়া বতাহে
গছৰ পৰা শেৱালি ঝৰে।
শেষ নহয় তোমাৰ বিবৰণ
কেনেকৈ বন্ধ কৰিম ডায়ৰী,
শৰতৰ প্ৰিয় প্ৰতিপল
মই সুখৰ সাগৰৰ পৰী।
কিমান লিখিম শৰতৰ কবিতা?
শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)।
🔳শৰৎ তুমি আহিবা
শৰৎ তুমি আহিবা
মায়াময় জোনাক নিশা
শেৱালিৰ সুবাস লৈ
মই ৰৈ থাকিম তুমি অহালৈ
তুমি কঢ়িয়াই আনিবা
এমুঠি জোনাক আৰু
নিয়ৰৰ টোপাল টোপাল মুকুতা
শেৱালিৰ শুভ্ৰ দলিচাত বহি
কুৱঁলীৰ আস্বাদন ফালি
আমি ৰচিম সপোনৰ গীত ।
মেঘালী বৰা ।
গুৱাহাটী হেঙেৰাবাৰী ।
🔲শৰতৰ কোমল প্ৰভাতী কিৰণ
শিৱ প্ৰসাদ ৰাভা হাদু
ছাটাবাৰী;গোৱালপাৰা
শৰতৰ কোমল প্ৰভাতী কিৰণ
কি যে মিঠা শিহৰণ
শৰতৰ ধাননি পথাৰত
সুৰযৰ আভাই জিকেমিকাই
নিয়ৰৰৰ কণিকাই৷
হিম চেঁচা শীতৰ
এচাতি মলয়া বতাহে
মন প্ৰাণ পুলকিত কৰে,
সৌ দুৰণিত ৰঙাকৈ
সুৰয দেৱতাই ৰহণ চৰাই
উৰি যায় উৰি যায়
বসন্তৰ চিৰ সেউজ
কোমল হৃদয়৷
কোমল কোমল সেউজী
ধাননি ডৰা ওৰণি টানি
লাজুক লাজুক চাৱনি
সগৰ্ভা বোৱাৰীজনী
পুৱাৰ হেঙুলীৰ পৰশ লাগি
প্ৰাণ পাই জী উঠে
মাতৃত্ব লাভৰ আনন্দোল্লাস
সেউজীয়া ধাননি পথাৰ৷
———————————
🔳কবিতা হৃদয়ৰ গান
এদিন মানুহৰ ভাষা হ'ব কবিতাৰ ভাষা
কবিতাৰ পিছে পিছে দৌৰিব মানুহ
ছন্দে ছন্দে উচ্চাৰিত হ'ব মানবীয় ভাৱনা ।
কবিতাৰ শব্দই উপহাৰ দিয়ে প্ৰেম
প্ৰেম শাশ্বত
প্ৰেম কবিৰ হৃদয়ৰ গান
মিঠা মিঠা শিহৰণ ।
এদিন তেনেকুৱাই হ'ব
কবিতা হৃদয়ৰ গান হ'ব
মানৱতাৰ আকাশত জিলিকি থাকিব ভাতৃ-প্ৰেম
ভাতৃ-প্ৰেম যে কবিতাৰ শব্দ
মানুহে যুজঁ কৰিব ফুলৰ পাহিৰে
আৱেগেৰে জিনিব হৃদয়
হামাছ-ইজৰাইলৰ ভূমিত
সহোদৰৰ চেতনাত বিভোৰ হৈ
মানুহে বিচাৰি পাব মানুহৰ গান ।
ভাবিলেই ভাল লাগে
জয় মানৱতাৰ
পল ৰ'ৱচনৰ কণ্ঠত আমি সকলোৱে গাম
একে নাৱৰে যাত্ৰী আমি
ভাতৃ আমি
এয়াই হওক শ্ৰেষ্ঠত্বৰ গৌৰৱ
জয়ধ্বনি হৈ থাকক মানৱতাৰ ।
● ড০ ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা
9101809942
🔲ত্ৰিকোণমিতি
য় কাৰযুক্ত গতিপথ
আউল লাগে প্ৰতিক্ষণ
উজুতি খাই
হেৰুৱাই অমূল্য ৰতন ।।
হেৰুৱাই ঘুৰাই নোপোৱা
ক্ষণৰ মালিতা ।।
স্নানৰতা নৰ্তকীৰ
নুপুৰৰ আমন্ত্ৰণ
প্ৰত্যাখান নহয় ।।
মাতাল নিশাৰ সংযোগ
হেৰালেই যেনিবা
কিয় ত্ৰিকোণমিতি নিমিলে
জীৱন অঙ্কৰ ।।
কাব্যশ্ৰী হেমেন হাজৰিকা
ৰাণী, কামৰূপ ( ম ) অসম
🔳ইমান অভিমান নে তোমাৰ
তুমি কাষত নাথাকিলেও
মোৰ অভিমানী হৃদয়ত
সদায়েই জীয়াই আছা
অভিমানী হৃদয়খনে তোমাক
বিচাৰি বৰকৈ উচুপি উঠে।
এবাৰো নভবাকৈ দূৰণিৰ
মায়া দেশলৈ গুছি গলা তুমি
হৃদয়ৰ ক্ষোভবোৰ সুৰ হৈ নিগৰে
নিশা অচিনাকী চৰাইজাকৰ ওচৰত।
নিৰৱে আছোঁ তোমাৰ স্মৃতি সুঁৱৰি
হিয়াখনে চিঞৰে দেউতা বুলি
নিজান নীৰৱ নিঃস্তব্ধ ৰাতি
বুজিবলৈ নাহা বুলি জানিও
তোমালৈ অপেক্ষা কৰোঁ দেউতা
তোমাৰ শুকান মৰিশালীটোলৈ চাই।
বিষাদ বেদনাৰ স্মৃতিয়ে
মনৰ আকাশ অন্ধকাৰ কৰিছে
কেতিয়াবা নোৱাৰোঁ অ দেউতা
বহুত মনত পৰে তোমালৈ
জীৱনৰ প্ৰতি খোজতে
মোৰ সাহস হৈ নাথাকিলা কিয়?
ইমান অভিমাননে তোমাৰ
মই সফল হোৱালৈ যে
জীয়াই থাকিব নিবিচাৰিলা
কিন্তু পাহৰি নাযাবা দেউতা
ময়ো অভিমানী।
দিপশিখা (অভিমানী পিউ)!
🔲তুমি আহিবা
বিৰাজ বল্লভ নাথ
খগা, লখিমপুৰ
সন্ধিয়াৰ অস্ত যোৱা বেলিটি হৈ
আহিব নালাগে তুমি ।
প্ৰভাতৰ উদয়গামি সুৰুযৰ
হেঙুল কিৰণ হৈ আহিবা
পোহৰাই যাবা
মোৰ হৃদয় বৃন্দাবন ।
শীতৰ সেমেকা পুৱাটিত
তুমি আহিবা
নিয়ৰ সনা দুবৰিৰ
আচলৰ ওপৰেৰে
মোৰ সপোন ৰাজ্যলৈ ;
সিঁচি যাব পৰাকৈ
একাজলি পোহৰৰ সমাহাৰ ।
তুমি আহিবা
মোৰ অন্ধকাৰ জীৱনত
সীমাহিন পোহৰ বিলাবলৈ
নিশান্ত সময়ৰ
এজনী আলোক পক্ষী হৈ ।
🔳🍂সৰাপাত 🍂
ভূপেন্দ্ৰ চৌধুৰী
সৰাপাত এটি মই
সেউজী সতেজ গছৰ,
পৰি আছোঁ নিথৰুৱা হৈ
বিধাতাৰ বিধি লিখনৰ।
গচকি যায় মোক বহুতেই
কাণসাৰ নকৰি অলপো,
মোৰেই সৌন্দৰ্যৰ সৌদিনা
জিৰণি লৈছিল ছাঁতে মুগ্ধ।
জিলিকিছিল এই ধৰা
আজি যেন পাহৰিল,
মোৰ নাই একোতেই কাম
এতিয়া যে দেহ পৰিল।
দুদিন পাছতে মিলি যাম
নাথাকিব চিনচাপ্ দেহা,
এতিয়া যে মই পেলনীয়া
সৰাপাত নাম যাৰ কোৱা।
🔴ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
ছেলিমা বেগম,জিলা নগাঁও।
সাহিত্য ৰথী জোনাকী
যুগৰ অসমীয়াৰ হিয়াৰ
আঁমুঠু , লক্ষ্মীনাথ বেজবৰুৱা।
এগৰাকী সুদক্ষ বক্তা তুমি
সাহিত্য জগতৰ উজ্জ্বল
নক্ষত্ৰ হৈ জিলিকি আছা
আমাৰ মাজত তোমাৰ ৰস
বিচাৰি ফুৰি আছোঁ আমি
তোমাৰ কবিতাৰ মাজত।
আকৌ এবাৰ আহি সাহিত্য
জগতখন চহকী কৰি থৈ
যোৱা আমাৰ সমাজত।
চুটি গল্পৰ জন্মদাতা বুলি
পৰিচয় তোমাৰ এয়া আমি জানি
সেউতী তোমাৰ প্ৰথম
চুটি গল্প আজিও সেই কথা
সকলোৰে পৰিচিত।
তোমাৰ লিখনিত পোৱা যায়
বহুতো ৰস ,
সেই ৰসখিনি অসমীয়াৰ
সিৰা সিৰা বিয়পি আছে।
অ' মোৰ আপোনাৰ দেশ
তোমাৰ সৃষ্টি অসমৰ জাতীয় সংগীত
জীয়াই থাকক যুগ যুগ ধৰি।
সাধুকথা,গল্প , কবিতা,
উপন্যাস কোনো বা এটা
আমি পাহৰি যাব পাৰিম জানো ?
আজি আমি তোমাৰ
জন্ম জয়ন্তী পালন কৰোঁ শ্ৰদ্ধাৰে
অসমবাসীয়ে তোমাক সোঁৱৰণ কৰে।
🔘মাৰ ছোৱালী
মা অ মা
তোমাৰ মৰম নিৰ্ভেজাল
সোনেৰে ভৰা ,
তুমি নোহোৱা জীৱন মোৰ
বৰ আধৰুৱা ।
ৰাতি - দিন সদায় মনত পৰে
সৰুতে মৰমেৰে উমলোৱ,
অ' মা কত যে গলা
মোক এনেকৈ অকলে এৰি?
দেউতাই আনিব খোজে বেলেগ এজনীক
তোমাৰ স্থান পূৰাম বুলি ।
সেইবাবেই মোৰ লগত লাগি থাকে
হল আজি কেইদিনমান ধৰি,
কেনেকৈ বেলেগ এজনীক
মাতো মা বুলি
তুমি দেখোন সদায় থাকা
মোৰ আশে -পাশে ঘূৰি ।
মা তুমি যতে আছা
থাকিবা সদায় ভালে ,
তোমাৰ স্থান এই ছোৱালীয়ে
আন কাকো দিব নোৱাৰে।
নাম - বন্দনা দাস
ঘৰ - সৰভোগ ( বৰপেটা)
🔴শাৰদীয় দূৰ্গা পূজা
অফুৰন্ত সম্ভাৰৰ শাৰদীয় দুৰ্গা পূজা
শান্ত স্নিগ্ধ জোনাকৰ অপৰূপ শোভা,
শেৱালিৰ সুবাসত সুবাসিত দশভূজা
মৰ্তত দেৱীয়ে পাতে অসুৰ বিনাশী সভা !
আহিনৰ আমন্ত্ৰণত ধৰালৈ আগমন
শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা জননী,
মহাপূজাৰ আয়োজন পুষ্পাঞ্জলি তৰ্পণ
ধৰণিৰ মঙ্গলাৰ্থে ছটিয়ায় শান্তি বাণী!
এইবেলি অশ্ব লৈ প্ৰবেশ অশ্ব লৈ প্ৰস্থান
জাগ্ৰত কৰিবলৈ নাৰী সত্তাৰ জ্ঞান শক্তি,
পুণ্য ভূমিৰ সু সজ্জিত বেদীত লয় আসন
আসুৰিক আত্মাৰ মানৱক দিবলৈ মুক্তি !
উৎসাহ উদ্দীপনা-মিলনৰ মধুৰ সমাবেশ
আশীৰ্বাদ লভিবৰ হেতু সেৱাত হয় ব্ৰতি,
বৰ প্ৰাপ্তৰ আশা লৈ মণ্ডপত অবাধ প্ৰবেশ
অসন্তুলিত মনত জাগে আধ্যাত্মিক জ্যোতি!
অসুৰ ৰূপী দানৱীয় নৰক কৰে দমন
বিশ্বত সাৰ্বজনীন ঐক্য কৰে স্থাপন,
দেৱী বিসৰ্জনত ভক্তৰ হয় বিষন্ন মন
এই পূজা ভাৰতীয় সংস্কৃতিৰ মাৰ্গ দৰ্শন !!
__________________________________
আমিৰ হুছেইন আহমেদ ।
⚪️পূজা আহিলে, দুৰ্গা দেৱী আহিলে
জোনাকৰ জিলমিল হাঁহিত
বিৰিঙি ফুৰিছে শেৱালিৰ গোন্ধ...
স্নিগ্ধ শৰৎ , কপাহ কোমল জোনাকে
বিলালে বিশ্বত পোহৰৰ জাতিস্ক
আমালৈ আনিলে পূজাৰ খবৰ ।
পূজা আহিলে, দুৰ্গা দেৱী আহিলে
আকৌ ৰক্তাক্ত দেৱী মণ্ডপ
নিৰীহ জীৱ-জন্তুৰ ৰক্তেৰে...
জীৱশ্ৰেষ্ঠ মনুষ্যৰ মুখত হাঁহি
পশু-পক্ষীৰ দুচকুত আতঙ্কময় পৃথিৱী ।
পূজা আহিলে, দুৰ্গা দেৱী আহিলে
দশভূজাধাৰী দেৱী দুৰ্গাই
দহ অস্ত্ৰৰে মহিষাসুৰক বধি
অন্যায়, অত্যাচাৰৰ কালিমা নাশি
জগতক দেখুৱালে নাৰীৰ শক্তি।
যুগে যুগে পুৰুষে কৰে নাৰীক
দেৱীৰূপে পূজন-সেৱন,
অথচ কিছু পিশাচৰূপী পুৰুষে
নাৰীক কৰে অন্যায় , অত্যাচাৰ
শোষণ আৰু ধৰ্ষণ।
হে নাৰী পুনৰ হোৱা তুমি মা দূৰ্গা দেৱী,
দুষ্টৰ দু: চক্ৰান্তৰ বলি নহৈবলৈ...
কৌৰৱৰপ্ৰকাশ্য ৰাজসভাত পুনৰ
লজ্জিতা নহ'বলৈ...
ৰাৱণৰ দৰে অসুৰৰ হাতত পুনৰ
অপহৰণিত নহ'বলৈ...
বলাৎকাৰৰ চিকাৰ নহ'বলৈ
হোৱা তুমি কালৰূপিনী
জগতৰ অন্যায়নাশিনী।।
শ্ৰী পৰিস্মৃতা দত্ত, শিৱসাগৰ।
🔵উপায়হীন
সবিতা বেগম
বৰপেটা।
শব্দৰ জোলোঙাত জীৱন উপায়হীন
অচল হৈ পৰিল শত আকাংক্ষা
অসহায় লাগে প্ৰতিটো পল
ভৰষাত যদিও পলাতক সময়ৰ
ভয় নলগা হৈ গ'ল মৃত্যু
অনুভৱ...
ই এক দূৰত্ব হে তোমাৰ - মোৰ
অহা - যোৱা বাটৰ বাটৰুৱা আমি
তন্দ্ৰাময় মিছা মায়া ।
তথাপি কিয়বা -
শব্দৰ ভিন্ন ঝংকাৰত
আতংকিত হৈ চিঞৰি উঠো
নুবুজাৰ হতাশ অনুভৱে ।
উপায়হীন হৈ পৰে জীৱনৰ সংজ্ঞা
চিনাকি মূখৰ অচিনাকী আচৰণে
আজি সাধ্যহীন মই
লুকাবলৈ জীৱনৰ কঠিন এন্ধাৰ।
🔴💔বেদনা💔
তোমাক লৈ লিখিম,
আজি বেদনাৰ কবিতা।
গান ছন্দৰ অপূর্ব স্মৃতি,
নানান কল্পনাৰ গল্প কথা।
একেই লগত আগুৱাই পথ চলা,
কিমান যে শপত মিছাতে খালা।
এতিয়া মাথোঁ বিচ্ছেদৰ বেদনা,
তুমি অবিহনে অকলেই মোৰ পথ চলা।
চিঠিৰ ভাঁজত গোলাপৰ পাত,
ফুল বুলি দিলা বুকুত আঘাত।
হেৰাই গ'লো অন্ধকাৰৰ ভিতৰত,
শেষত নিজকে বিচাৰি পালোঁ ত্রিৱনিৰ ঘাটত।
ভালপোৱা ৰিক্ত আজি,
জনসমুদ্রৰ ভীৰত।
কিন্তু,তোমাৰ স্মৃতিবোৰ মোৰ হৃদয়ত আজিও সজীৱ,
চাৰিও কাষৰ কোলাহলত।
যদি হয় আকৌ দেখা,
কোনো এক জন্ম-জন্মান্তৰত।
সকলো পাহৰি আকৌ বান্ধিম তোমাক,
মোৰ প্রেমেৰ আলোক মন্দিৰত।।
✍️শান্তা দাস,
লংকা, হোজাই, অসম।
🔵লক্ষ্মী আই
ৰাজদ্বীপ মৰাং
লখিমপুৰ, নাৰায়ণপুৰ।
হে লক্ষ্মী আই
তোমাক কৰিছোঁ প্ৰণাম
দিয়া সুমতি
দিয়া ঐশ্বৰ্য-বিভূতি
লক্ষ্মী আই
তুমি সত্য সনাতনী
তুমি অধিষ্ঠাত্ৰী
তোমাক কৰোঁ স্তুতি
কৰোঁ ভক্তি
পাম বুলি আশাৰ এমুঠি সুখ
হে লক্ষ্মী আই
তোমাৰ চৰনে
শৰণ পশিলো
অপায়-অমংগল
আৰু বিঘিনী কৰা দূৰ
আমাৰ মনোবাঞ্ছা
কৰা পূৰ
হে লক্ষ্মী আই
শুদ্ধ কৰ্মৰ ব্যস্ততা জগাই দিয়া
সৎ পথৰ সন্ধান দিয়া
তুমি স্বৰ্গ লক্ষ্মী
তুমি গৃহ লক্ষ্মী
তুমি বিজয়ী লক্ষ্মী
তুমি নাৰাখিলে সংসাৰ
আৰু মাতৃ
ৰাখোতা নাই কেৱ ........।
🔴প্ৰেমৰ নগৰী তেজপুুৰ
প্ৰেমৰ নগৰী তেজপুৰ
য'ত নেকি বাণ ৰজাৰ জীয়ৰী
ঊষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনী
সমাদৃত হৈ আছে ।
গোটেই অঞ্জলটো বাণ ৰজাৰ
জীয়ৰী ঊষা আৰু
অনিৰুদ্ধৰ প্ৰেম কাহিনীৰে জীপাল
হৈ পৰিছে।
সেয়ে ইয়াক প্ৰেমৰ নগৰী
বুলি জনা যায় ।
ক'ত ক'ত পৰ্যটনবাসী
এই প্ৰেমৰ নগৰী তেজপুৰলৈ
আহে আৰু ইয়াৰ সৌন্দৰ্য
উপভোগ কৰে আৰু গুচি যায় ।
নামঃ হিয়া তালুকদাৰ
🔵অতৃপ্ত বাসনা
আইমণি শইকীয়া
গোলাঘাট ।
মোৰ চকীখন পুৰণি হ'ল
সলনি হ'ল মোৰ ঠিকনা ,
হাবিৰ মাজত ছেগা-চোৰোকাকৈ
পাতি ল'লো মোৰ বিচনা ।
কুৰি ভৰিলেই বুঢ়ী নহয়
আজিৰ লোকে কয় ,
পঢ়া শুনা শেষ কৰোঁতেই
পঁচিশটা বছৰ যায় ।
তাৰ পিছত কৰ্মসংস্থাপন
বিচাৰি ফুৰিব লাগে ,
চাকৰি এটা যোগাৰ হ'লেহে
ভাল দৰা ভাগ্যত থাকে ।
দুকুৰি বছৰে চাকৰি নাপালো
মানুহজনীও হ'লো বেকাৰ ,
ভাল দৰা ভাগ্যত নাছিল
নহ'ল একো উপকাৰ ।
বিয়াও ন'হলো চাকৰিও নাপালো
ককাই-ভাইৰ হাৰমালহে হ'লো ,
মা দেউতাই চকুলো টুকে
এইটো কি জীৱন মই পালো ।
দৰা আহিল বুঢ়া ঠেৰা এটা
সিও যে কণা কুঁজা ,
মা দেউতাই দি পঠিয়ালে
যা যা এইক লৈ যা ।
বুঢ়া থাকে লাং খাই
শৰীৰত নাথাকে হুচ
লগ বন্ধুৱে চল পাই
কৰি দিয়ে মোক খুচ ।
🔴মোৰ বুকুত আজি নামিছে জোনাক।
নাছিৰ আহমেদ ,গোৱালপাৰা
মোৰ বুকুত আজি নামিছে জোনাক।
হৃদয়ত প্ৰৱাহিত হৈছে ;
সাতোটা ৰঙৰ ৰঙেৰে ৰাঙলী আভা!D
আস! মই এবাৰ অৱগাহন কৰিব বিচাৰো
মাথোঁ এবাৰ মোৰ জীৱনটো জুবুৰিয়াই দিয়া
তোমাৰ প্ৰেমময় শীতল ৰসৰ দীঘল নদীৰ ছাঁত !
মই যে চিৰবন্দী তোমাৰ মধুৰ সুৰৰ মায়াত।
মোৰ বুকুত আজি নামিছে জোনাক।
হৃদয়ত প্ৰৱাহিত হৈছে ;
সাতোটা ৰঙৰ ৰঙেৰে ৰাঙলী আভা!
তুমি আহাচোন নামি আহা স্বৰ্গৰ জখলায়েদি
ময়ো উজাই যাওঁ তোমাক বিচাৰি সখী !
হে নাৰী! মই কোনো কালে নাছিলোঁ কামাসক্ত প্ৰেমিক ।
প্ৰত্যেকজনী নাৰীৰ মাজত মই বিচাৰি পাওঁ মাথোঁ
মধুৰ সৃষ্টিৰ আদিমতম সম্ভাৱনা !
আহ্লাদিনী ৰূপী ৰাধা, শান্ত- সমাহিত মা ফাতেমা!
তোমাৰ সোণৰ কাঠিৰ মধুৰ পৰশত
সেউজ বননিত নামে চিৰ- বসন্ত ;
চৰাইৰ কলকাকলি, ভোমোৰাৰ গুঞ্জন ;
ময়ূৰে পেখম ধৰি নৃত্য কৰে,
বন্যজীৱো ধীৰে-স্থীৰে ঘূৰি ঘূৰি চায়,
নদীৰ নয়ন-যুৰিত বিমল আনন্দ উথলি উঠে,
আকাশৰ তৰাও মিচিকিয়াই হাঁহে !
আঘোণৰ ধাননি-পথাৰত মৃদু বতাহ ঢৌ খেলি যায়।
হে নাৰী! তুমি লক্ষ্মী পূজাৰ পূৰ্ণিমাৰ জোন ;
মা মেৰীৰ আঁচলৰ ধন,
হাছান-হুছেনৰ প্ৰাণৰ প্ৰাণ!
সেয়ে , আজি মোৰ বুকুতো নামিছে জোনাক ।
হৃদয়ত প্ৰৱাহিত হৈছে ;
সাতোটা ৰঙৰ ৰঙেৰে ৰাঙলী আভা!
হে অনন্ত প্ৰেমৰ নিলীম সাগৰৰ অতল ধাৰা !
মোক তোমাৰ বুকুতেই লীন যাবলৈ দিয়া,
তোমাৰ বুকুতেই লীন যাবলৈ দিয়া ;
মই হ'ব বিচাৰোঁ বিশ্ব -বন্দিত অমৰ প্ৰেমিক !!
🔵জীৱনৰ ছন্দোময় তৰংগ
এমুঠি ফৰকাল ৰ'দ বিচাৰি
যাব বিচাৰিছো বিস্তীৰ্ণ মেৰু প্ৰান্তৰলৈ
শান্তিৰ সেউজীয়া সুষমা বিচাৰি
যাব খুজিছোঁ গভীৰ অৰণ্যলৈ
য'ত আছে পুৰঠ সেউজীয়া
অৰণ্যৰ গান ।
এবুকু উশাহ বিচাৰি ঢাপলি মেলিছো
জোনাকৰ দেশলৈ
জন অৰণ্যৰ পৰা বহুদূৰ বাট
এই দেশলৈ
তথাপি জোনাকে মাতিছে হাত বাউলি ।
এবুকু উশাহ মানেই
জীৱনৰ ছন্দোময় তৰংগ
নোপোৱা বেদনা
আৰু পায়ো হেৰুওৱাৰ শূণ্যতা
তথাপি এটাই মাত্ৰ সূৰ্য্য জীৱন পৰিক্ৰমাৎ
সেয়ে শিপা বিচাৰি আকাশলৈ
দুহাত মেলিছোঁ
বিচাৰিছোঁ উদিত সুৰুযৰ ছাঁত
খন্তেক জিৰাবলৈ
জীৱনৰ বাবে এবুকু বিশুদ্ধ বতাহৰ আজি
বৰ প্ৰয়োজন ।
পূজা গোহাঁই /শিৱসাগৰ
===================================
🔵বিৰহী শেৱালী
নকৰিবি অভিমান
বিষাদ মালিতা বুলি,
তই শৰৎৰ বননীত
এপাহী জোনাক স্নিগ্ধ শেৱালী ।
তোৰ কাৰণেই আহে শৰৎ
আহিনৰ বুকু সিচি
স্বচ্ছ আকাশত,নিৰ্মল বতাহে
তোৰ সুগন্ধী আমোলমোল ঝৰ্ণাত
কপাহী ডাৱৰৰ সতে
দৰদী প্ৰাণত ঢালি
কিবা যেন আকে ।
শৰালী জাক,,,,
জোনাকৰ, শৰৎৰ জিকজাক
জোনৰ সতে কৰি আলিংগন ;
জোনাকে উপচাই দিয়া,,,
শাৰদীয় গধুলীত ।
নীলিম ডাৱৰৰ শুভ্ৰ কেনভাছ !
ওঠ বোলাই
শেৱালী তোকে যেন মাতে,,,,,
বন্দনাৰ লহৰ তুলি ,
যেন এনে লাগে ..........
কিয় তই ৰাতিৰ কুঁৱৰী ?
শাৰদীয় জোনৰ ঘাটত ,,,,
পুৱতি নঙলা মুখত
আলফুলকৈ কোনে আহি ৰুলে ?
অমল প্ৰাণত শুনো কি নুশুনো,,,,,,,
কুঁৱলীৰ স্নান ঘাটট ;
সূৰ্য্যৰ ভয়ত তাই ফেকুৰী কান্দে ।
মাথোঁ এৰাতি,,,,,,,
এৰাতি ---
ফুলিব তাই ।
নিৰলে নিমাতে
পুৱা নৌঃহওতেই
শেষ ৰাতিৰ কাহিনী হব ,
নিয়ৰৰ এধানী মণিত তাই জিলিকি ৰব।
বৰকৈ নাকান্দিবি, নিদিবি তিয়াই ,
তোৰ কোমল পাহী যাব লেৰেলি শুকাই ।
মোৰ প্ৰাণত,মোৰ কঙালীৰ কঁহুৱাৰ বালিত ,
তোৰ কাৰণেই জাগ্ৰত হয় ,
এশ হাজাৰ অনুভূতি
ঐ শেৱালী , নহবিচোন আকৰি
তোৰ সতে যাম গৈ আজি,,
চন্দ্ৰৰ নিলোভ অভ্ৰৰ দাঁতিত ।
বেলিটো থম লূকাই কুঁৱলীৰ বুকুত ,,
নিয়ৰৰ পাখীত ধৰি, উৰি উৰি উৰি পুনৰ আহিম ,
সেউজীয়া বকুলৰ দুবৰীত .........
শ্ৰীজুনুকা পাঠক
বৰপেটা
🔴মাদকতা মাথোঁ নৰকৰ দুৱাৰ
মাদকতা মাথোঁ নৰকৰ দুৱাৰ,,
ব্যৱসায়ই জীৱন সৃষ্টি কৰে।।
প্ৰেমে পাহৰি যায়,,
তেওঁ কোন হয়,,
কামনাক বসন্ত বুলি বুজি লোৱা।।
এই ৰোগ গোটেই ঠাইতে বিয়পি পৰিছে,,
মাদকতা বৰ্জন কৰক,,
সকলোতে কোলাহল হৈ পৰিছে।।
যাৰ জীৱন মাদকতাত আবদ্ধ,,
তেওঁ অতি সোনকালে আন পৃথিৱীলৈ যাব।।
যদি আন জগত নাই তেন্তে এইখনেই পৃথিৱী,,
তেওঁলোকৰ বাবে ই সম্পূৰ্ণ অসাৰ হৈ পৰিলহেঁতেন।।
তাৰ জীৱন এতিয়া অপচয়,,
নিজৰ শৰীৰ আৰু মনক প্ৰদূষিত কৰি।।
✍️ সান্নিধ্য শইকীয়া।।
ঠিকনা - শিৱসাগৰ,আমগুৰি।।
পিন নং- ৭৮৫৬৮১,(অসম)।।
দূৰভাষ - ৮৬৩৮৭৮২৮৪৩।।
🔵তুমি
ৰূপৰ কথা লৈ
সমালোচনা নকৰোঁ,
গুণেৰে তুমি মহান
প্ৰতিপল শ্ৰদ্ধা কৰোঁ।
ভাল লাগিছে তোমাক
বিশেষতকৈ বিশেষ,
উন্নতিৰে আগুৱাই যোৱা
কামনা থাকিল অশেষ।
সৎ কৰ্মৰে হোৱা জয়ী
ওঁঠৰ আগত হাঁহি লৈ,
মোৰ বিশ্বাস তুমি কেতিয়াও
নহ'বা জীৱন বাটত পৰাজয়।
হাঁহিলে তোমাৰ প্ৰেমত পৰোঁ
কান্দিলে বুকুখন কঁপি উঠে,
মোৰ এটা কথা ৰাখিবা
সদায় মুখত হাঁহি যেন ফুটে।
শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)
🔵লগ পোৱা আশাৰে
পূজা বড়া
ডিব্ৰুগড়, দুলীয়াজান
বিদায় বুলি নকওঁ
আকৌ লগ পাম,
এই চাৰিআলি কেকুৰীটো মাজত
হয়তো সময় সলনি হʼব
তাৰ মাজত যেন তুমিওঁ
সলনি হৈ যাবা ।
হয়তো ইমান মানুহৰ মাজত
মই হেৰায় যাম তোমাৰ
মনৰ পৰা ।
এই যেন কেকুৰীটোৰ
ৰৈ থাকিব সদায়
তোমাৰ লগপোৱা আশাৰে।।
🔴চঞ্চল পখিলাহেন মইজনী
চঞ্চল পখিলাহেন মই জনী
অৰঙে-দৰঙে ঘূৰি ভাল পাওঁ।
অলপতে খং, অভিমানেৰে
মুখ ফুলালেও কিন্তু
অকণমান মৰম সান্নিধ্যত
সকলো পাহৰি যাওঁ।
কেতিয়াবা যদি শিশুসুলভ মনেৰে
ধেমালিত মজি যাওঁ,
কেতিয়াবা আকৌ প্ৰাপ্তবয়স্কৰ দৰে
কথাবোৰ গভীৰভাৱে ভবাত মগ্ন হওঁ।
মুঠৰ ওপৰত সহজ-সৰল
আজলি আকৰী মইজনী
প্ৰকৃতিৰ মাজত জীৱন জীয়াই
বৰ ভাল পাওঁ।
ধৰ্মীতা নাথ
কোকৰাঝাৰ..
🔴শৰৎ মানেনো কি
আৰতি শৰ্মা।
বাইহাটা চাৰিআলি।
শৰৎ মানেনো কি?
পৰিৱৰ্তনৰ ঋতু নে আহ্বান,
নে সৌন্দৰ্য্যই সামৰি লোৱা প্ৰকৃতিৰ কেনভাছ।
শৰৎ মানেনো কি?
সৰি পৰা পাতৰ আউজি থকা অতিবাস্তৱ,
নে নষ্টালজিয়াৰ অনুভৱ ।
শৰৎ মানেনো কি?
সুৰুয'ৰ উষ্ণ চুম্বন নে সুগন্ধি ভৰা পৱন,
নে আচৰিত কৰি তোলা এক মৃদু আদৰ ।
শৰৎ মানেনো কি?
দুপৰীয়া গছৰ উৰি ফুৰা পাতৰ যাদুকৰী সময়,
নে শীতল আৰু ম্লান হৈ অহা পোহৰৰ উদয় ।
শৰৎ মানেনো কি?
ডাৱৰীয়া আকাশ নে আকাশৰ বুকুত আৱৰা সূৰ্য্য,
নে চন্দ্ৰ মহিমাত শস্য চপোৱাৰ কৃত কাৰ্য্য,
শৰৎ মানেনো কি?
পুৱাৰ কুঁৱলীত চৌপাশে মাটিৰ সুগন্ধি
নে শৰতৰ নীৰৱতাত নীলিমাৰ চকুপানী ।
শৰৎ মানেনো কি?
আকুলতাৰ সৌৰভ নে সমীৰ ,
নে হৃদয় আৰু প্ৰেমৰ অবৈধ সম্বন্ধ।
🔵স্মৃতিৰ পটভূমি
জটিল শব্দৰ মেৰপাকত
বাউলী এজাক বতাহৰ দৰে
সোমাই পৰা মই উতনুৱা
পচোৱা ,
শব্দৰ ভঁৰালত সন্তপৰ্ণে
আকোঁৱালি শব্দৰ মুকুতা
সুধা পান কৰি
পাহৰি পেলাওঁ মোৰ সত্তা
তৰাফুলিয়া সুকোমল শব্দত
প্ৰেম হৰ্ষ বিষাদ মিশ্ৰিত
ঝংকাৰিত হৃদয় গহ্বৰত
শব্দৰ জ্বলা আঙঠাবোৰ
জ্বলাই ৰাখিছোঁ হৃদয় মন্দিৰত ,
আজিও তেজৰ ধমনীত
একেই সোঁত সঞ্চালিত
তিল মানো নাই অৱজ্ঞা অৱকাশ
মন-মণিকোঠত বৰ ঘৰ সাজি
আজিও স্বপ্ননীল স্পন্দনহীন
মৈলাম্ বোলোৱা শব্দৰ পিছে পিছে -
ওৰণিৰ তলত বিচাৰি ফুৰোঁ
বছা বছা শব্দৰ মুকুতা ,
ধোঁৱাচাঙত ওলমি থকা এলান্ধু
স্মৃতিৰ পটভূমিত সজীৱ কৰি
হৃদয়ত আলফুলে স্থাপন কৰি
বুকুৰ বঁকিয়াই পাৰ হয় নিৰৱে
শীত বসন্তৰ ক'ত যে শীত তাপ।
কল্পনা বড়া
যোৰহাট ৰ'ৰৈয়া।
🔴জীৱ শ্ৰেষ্ঠ মানুহ আজি ইমান নিকৃষ্ট কিয়?
যি দেশ আলহী আপ্যায়নত শ্ৰেষ্ঠ,
সেই দেশত আজি আমন্ত্ৰণবিহীন এসাঁজ খালে কানত ধৰি উঠাই বহাই।
যি দেশত নাবালক-নাবালিকাৰ বিয়াক অবৈধ বুলি স্বীকৃতি দিছে,
সেই দেশত আজি তিনিমহীয়া সন্তানৰো ধৰ্ষণ হয়!
যি দেশত মাক-বাপেকক শ্ৰেষ্ঠত্ব প্ৰদান কৰা হয়,
সেই দেশত মাতৃ মৃত্যুত সন্তানে অজ্ঞাত।
জীৱ শ্ৰেষ্ঠ মানুহ আজি ইমান নিকৃষ্ট কিয়???
য'ত পৰকীয়াৰ বাবে হাজাৰ হাজাৰ গৃহ নষ্ট হৈ আছে, কোনোবাই মাতৃহীন কোনোবাই আকৌ পিতৃহীন হৈ আছে,সেই দেশত পৰকীয়াৰ বাবে স্বীকৃতি দিয়া হৈছে!
য'ত চতুৰ্থ স্তম্ভৰ ভূমিকা দেশৰ ন্যায়-অন্যায় হ'ব লাগে,সেই দেশত চতুৰ্থ স্তম্ভৰ কাৰণে মানুহৰ জীৱন ধ্বংস হৈ আছে।
যিখন দেশে ধৰ্ম নিৰপেক্ষ দেশ হিচাপে জনাজাত সেই দেশত সাম্প্ৰদায়িকতাৰ সৃষ্টি হোৱা দেখা যায়।
এইখন দেশত আছে মানৱ কিন্তু নাই মানৱতা!
আলমিনা খাতুন
৮০১১৭২০৫৩৩
🔵উত্তাপ ভৰা জগতখন
লেখক: ড° কেশৱ বৰা
মন মোৰ উত্তাপ ভৰা জগতখন
প্ৰেম ভৰা উত্তাপ সপোন
ফাগুন ফাগুন লগা মন
মনে মিলা মানুহৰ মনৰ জগতখন
মনে মিলা আপোন নাৰী
আনক সমালোচনা কৰি
নিজৰ গুৰুত্ব লাঘৱ কৰা
নেতিবাচক চিন্তাৰে নিমগ্ন
কবিতাৰ ভাষা
সাহিত্যৰ ভাষা
অৰ্থ বুজি নোপোৱা
আনৰ অহিত চিন্তাৰে নিমগ্ন
সংস্কাৰ কৰিবৰ হ'ল
এয়া সময়ৰ প্ৰত্যাহ্বান
এয়া সময়ৰ আহ্বান
উত্তাপ ভৰা জগতখনত ।।
🔴মই শ্ৰমিক
শ্ৰমিক মই
ভাগৰি নপৰা
দূৰ্দান্ত শ্ৰমিক
কৰ্মই জীৱন ।
লুণীয়া ঘামত
চৌকা জ্বলে
নিমখ ভাতৰ
ভাগৰৰ নিদ্ৰা ।
ৰোগ -ব্যাধিতো কৰ্ম
ভোকৰ উকমুকনিত ,
মালিকৰ জেপ
থাকে গৰম হৈ ।
শ্ৰমিক আমি
দেশৰ মূলধন
অৰ্থনৈতিক উন্নয়নৰ
চাবিকাঠি ।
কিৰণ দাস ।
গুৱাহাটী
9954786460
🔵আহিল শৰৎ
লাৱণ্য ৰাণু ফুকন ,উত্তৰ লক্ষীমপুৰ
'শৰত অহাৰ উমান পাই
শেৱালিজোপাৰ তত নাই গাত
থোপাথোপে ফুলি নিয়ৰ সৰা
দুৱৰি ডৰাত পৰি ৰ'ল
পুৱাতে কণমানিহঁতে হাতত
কুকি লৈ বুটলি ল'লে আলফুলে
থাপনাত সজাই তুলিবলৈ
শৰতৰ উমান পাই সৰগৰ
অপেশ্বৰীহঁতো আহিছে নামি
পেষণ ধৰি ধৰিত্ৰীৰ বুকুত
নৃত্য পৰিবেশন কৰিবলৈ!
🔴স্মৃতি
অংকিতা ডেকা,
অনুভৱবোৰৰ সমাধি পাতিছো।
হৃদয়ৰ কোণত হেচুকি ৰাখিছোঁ তোমাক লৈ লিখা কবিতাবোৰ!!
বহু দিন হ'ল, মই কলম লোৱা নাই,
বহু দিন তোমাৰ নামৰ গীত ৰচা নাই
আংবাং কিবা লিখা নাই তোমাৰ নামত;
কিমান দিন হ'ল,তোমাৰ মাত শুনা,
তুমি গোৱা সেই গীত শুনা,
মৰমৰ,বিষাদৰ,হেপাঁহৰ!
স্মৃতি হৈ বৈ যাবা বুলিতো মই ভবা নাছিলোঁ,
ঠিক নদীৰ দৰে।
নদীয়ে যে বিচাৰে সাগৰ,
তুমি কি বিচাৰা?
সাগৰ, মহাসাগৰ নে আন কিবা!
মোৰ পৰা গৈ ক'ত ৰৈছা? ঠিকনাটো দিবা!
সমীৰতে নিগৰি তোমাৰ ওচৰ পাম,
বৈ যাম,বৈ যাম চিৰকাল!
🔵বিদায়
ভালে থাকিবা তুমি সদায়
আজিলৈ বিদায়
তুমি কিন্তু কান্দি নাথাকিবা দেই
মোক মনত কৰি কৰি
মোৰ অবিহনে তুমি
জীয়াই থাকিব শিকিব লাগিব
শুনিছানে?
জানো তুমি পাৰিবা
মোৰ মন নাছিলে
তোমাক এৰি যাবলৈ
কিন্তু কি কৰিম
তুমিয়েই কোৱা
এবাৰ তুমিয়ে ভাবি চোৱাচোন
তোমাৰ ওচৰত সকলো আছে
মই নাথাকিলেও তুমি জীয়াই থাকিব পাৰিবা
মোক চোৱা মই
একেবাৰে অকলশৰীয়া
মোক তোমাৰ প্ৰেমৰ পৰা
মুক্ত কৰি দিয়া,
যাবলৈ দিয়া মোক
এনেকৈ তুমি কান্দি থাকিলে জানো
মই সহিব পাৰিম
আমাৰ সেই অচিন
দেশখনত থাকিব পাৰিম
তুমিয়েই কোৱা
এতিয়া মোক তুমি
বিদায় দিয়া
পৰজনমৰ শুভ লগনত
আমি অকৌ লগ পাম এতিয়া
মোক যাবলৈ দিয়া।
কানুপ্ৰিয়া ডেকা (স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া বিভাগ)।
🔴আজিৰ সমাজ
তই হৈছো আজিৰ সমাজ
যি সমাজেও পৰিৱৰ্তন ,
হবলৈ ধৰিছে এক দ্ৰুতগতিত।
যদিহে হয় সমাজ এক ভাল দিশত পৰিৱৰ্তন,
তেন্তে নহয় সেই সমাজৰ
কোনো অপকাৰ ।
যি আজিৰ সমাজত থাকে এক সুষ্ট-সবল মানসিকতাৰে
আবৰিত মানুহ ।
সেই সমাজে পায় এক,
নতুন দিগন্তৰ আশা ।
যি আশাত থাকিব পাৰে
সমাজৰ হিতৰ হকে বিভিন্ন ধৰণৰ ভাল দিশৰ ,
কাম-কাজৰ আভাস ।
তই আজিৰ সমাজ আগুৱাই যা এক নতুন পুৱাৰ উদয় হোৱা সেই সূৰুযটোৰ দৰেই প্ৰখৰ হৈ ।
তই আজিৰ সমাজ যা আগুৱাই হাতে হাতে ধৰি ।।
নাম- জোনমণি ৰয়
গাঁও -তিত্কা তাজে
🔲 🌾🌾আই লক্ষ্মী 🌾 🌾
শাৰদীয় পূৰ্ণিমা তিথি
পুষ্প বিমানত বহি,
আই লক্ষ্মী আহিল ধৰালৈ নামি।।
ধন-সম্পত্তিৰ অধিষ্ঠাত্ৰী
তুমি আই মহালক্ষ্মী,
পদ্ম ফুলত থাকা বিৰাজি।।
ৰূপে -গুণে মোহনীয়া
স্বৰ্ণ অলংকাৰে শোভা,
তুমি নাৰায়ণী বিষ্ণুপ্ৰিয়া।।
তোমাৰ বাহন ফেঁচা
ডিঙিত পিন্ধা পুষ্পমালা,
তুমি আই কমলনয়নী।।
য'তে তোমাৰ বসতি
ধনে-ধানে পৰে উপচি,
তুমি আই ভাগ্যবিধায়িনী।।
দূখ -দুৰ্গতি নাশিনী
তুমি ঐশ্বৰ্যশালিনী,
তোমাৰ কৃপাতে হওঁ সৌভাগ্যশালিনী।।
সমুদ্ৰ মন্থনে জন্মিলা তুমি
তোমাৰ চৰণে কৰো কাকূতি,
ক্ষমিবা আই আমি মূড়মতি।।
নিৰ্মালি কাকতি
নগাঁও অসম
🔵“হেঁপাহৰ দূৰ্গাপূজা”
প্ৰৱীণ ৰাজবংশী
জাজৰি(মৰিগাঁও)
স্নিগ্ধ আকাশত
জোনাকৰ পোহৰত
নিয়ৰ সৰা গধূলিতে
মোৰ পদুলিৰ দুবৰি গছকি
শৰতে আহি দিয়েহি পূজাৰ বাতৰি
সজীৱ সজীৱ পূজাৰ বাকৰি ৷
পূজা মানেই আনন্দৰ উৎসৱ
দুৰ্গতি নাশিনী মা দূৰ্গা
ধৰালৈ আগমন
সমস্ত ভক্ত গণৰ অঞ্জলি নিবেদন
আহা সৱে মিলি আদৰোঁ ভক্তিৰে ৷
মা’ দূৰ্গা তোমাৰ মহিমা অপাৰ
তুমিয়েই জগতৰ
দুৰ্গতি নাশিনী মা’ দূৰ্গা
তোমাকেই প্ৰণামো
এই নিয়ৰ সনা গধুলি
হেঁপাহৰ দূৰ্গা পূজাটি ৷
তোমিয়েই দুৰ্গতি নাশিনী
জয় মা’দূৰ্গা তোমাকেই প্ৰণামো
হেঁপাহেৰে পূজাৰে
ধূপ-ধুণাৰে আৰতিৰে
এই নিভাঁজ সন্ধিয়া পৰতে ৷৷
🔘সযতনে
বিষবোৰ অনুভব হয় কলিজাত
কিমান সহিম কিমান এৰিম
ঘা বোৰ নুশুকাই দেখোন
এদেও দুডেওকৈ বাঢ়ি যায়
পৰই দিয়াবোৰ মানি লব পাৰি
আপোন বোৰৰ বোৰ খুচি ধৰে
তেজ মঙহ বোৰ চোন একেই তথাপিওঁ
মানি লবলৈ অসহজ হৈ পৰে
মৰমৰ সান্নিধ্য বোৰ বৰ মৰমৰ
আপোন পাহৰা কৰি তোলে
অকস্মাৎ অহা বিষবোৰে হৃদয় ভাঙে
টিল টিলকৈ সম্বন্ধবোৰ নিশেষ কৰে
তথাপিওঁ আশাবোৰ সযতনে ৰাখিছো
জীয়াই থকাৰ বাবে,
সুখৰ বন্যা বিচাৰি নতুনত্বৰ সন্ধানত
আপোন বোৰ নিজৰ কৰাৰ তাগিদাত।।
কেশৱ গগৈ
যোৰহাট
৬০০২৯০৬০২৮
⚫️বাইদেউ আজি তোমাৰ জন্মদিন
ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী , হোজাই
জন্মদিন জন্মদিন
বাইদেউ আজি তোমাৰ জন্মদিন ,
থাকিল তোমালৈ ...
শুভ শুভেচ্ছাৰ অশেষ ভান্ডাৰ ।
তুমি মোৰ মাতৃতুল্য ,
মা হাৰা মোৰ জীৱনৰ
সঁচাই মাকৰ এক প্ৰতিচ্ছবি ।
সুখ-দুখৰ মাজতো
তুমি মোৰ হাঁহিৰ সফুৰা ,
তোমাৰ মাজতেই পাওঁ
এই পৃথিৱীৰ উজ্জলতা ।
দুখ নকৰিবা কেতিয়াও ...
আমি ভাই-ভন্টি , দেউতা
আছোঁ সদায় আপোন সাজত ।
আমাৰ সুখৰ বাবে প্ৰতিপল ...
ব্যস্ততা ভৰা পৃথিৱীত বসবাস কৰা ,
গৰ্বিত মই তোমাৰ দৰে বাইদেউ পাই ;
কেতিয়াও অসহায় নাভাবিবা
সদায় আছোঁ মই।
তুমি মোৰ উশাহৰ বিশেষ অংশ ,
হৃদয়েৰে ভালপাওঁ বহুতো তোমাক ।
তোমাৰ লগত কেতিয়াবা কৰা ভুলক ...
ক্ষমা কৰি আঁকোৱালি ল'বা ,
আমাৰ মাতৃ বিহীন জীৱন ...
তথাপিও নহয় যেন দুখত মৰণ ।
তোমাৰ এই ওপজা দিনত
কিনো কৰিম কোৱা ...?
নোৱাৰিলেও কৰিলোঁ কামনা
তুমি সদায় সুখী হোৱা ।
হাঁহিৰে ভৰা মুখখনলৈ ,
সুন্দৰময় জীৱন বাটলৈ
সদায় আগুৱাই যোৱা ।
তুমি ধুনীয়া ...
পৱিত্ৰ হৃদয়ৰ আলপনা ,
তুমি সাহসী ...
নাৰী ৰূপত বীৰঙ্গনা
সুস্থ হৃদয়েৰে দীৰ্ঘায়ূ হোৱা ।
আকৌ শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ ,
শুভ জন্মদিন বাইদেউ ।