Sunday, December 17, 2023
জোনাকীৰ জয় যাত্ৰা:গীতাশ্ৰী বড়া
দ্বিতীয় বছৰ,ডিচেম্বৰ মাহ,প্ৰথম সংখ্যা ১-১৫,
পষেকীয়া ই আলোচনী
কবিতা শিতান
এই সংখ্যা সজাইছে:
◼️স্বাধীনতা
লেখক ড° কেশৱ বৰা নগাঁও।
আমি পৰাধীন দেশৰ মানুহ নহয়
আমি স্বাধীন দেশৰ মানুহ।
পৰাধীনতা কাৰো কাম্য নহয়,
আনকি বনৰ পশু-পক্ষীৰো
স্বাধীনতা আমাৰ জন্ম স্বত্ব অধিকাৰ।
ৰজাঘৰীয়াক সোঁৱৰাই দিলোঁ
স্বৰ্গতকৈ শ্ৰেষ্ঠ ভাৰত জননী।
স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিলে অসংখ্য জনগনে --------
ইংৰাজে ভাৰত এৰি যাবলৈ বাধ্য হ'ল দেশ প্ৰেমিক, মহাননেতা আত্মত্যাগী আৰু স্বাভিমানীৰ সুদীৰ্ঘ আন্দোলনৰ ফলত।
অস্থিৰতাই দেখা দিয়া
মানি নলম ইত্যাদি ইত্যাদি।
সোনৰ অসমৰ সপোন
আজিও আমাৰ হৃদয়ত।।
==========××××=======××××=========×××××=========
🔴শীতৰে সেমেকা ৰাতি
আয়নাল হক,ধুবুৰী
শীতৰে সেমেকা ৰাতি--!
কুঁৱলীকো নেওচি
আন্ধাৰত খাদ্যৰ সন্ধানত
দুটি বুভুক্ষ শিশু--!
কোনে শুনে সিহঁতৰ আৰ্তনাদ ?
কুকুৰৰ ৰাউচিয়ে
ভয়াৰ্ত কৰি তোলা পৰিৱেশে
সিহঁতৰ পেটৰ ক্ষুধা নুমুৱাব নোৱাৰে।
মলিয়ন অল্প বস্ত্ৰেৰে আবৃত
নিশকতীয়া শৰীৰবোৰত
ঠাণ্ডাই হাৰ মানে।
অট্টালিকাত নিহালিৰ উমেৰে
ঠাণ্ডাৰ আমেজ লোৱাসকলে
বুজিব জানো শীত মানে কি !
শীত-তাপ নিয়ন্ত্ৰিত ৰূমত
গৰম গৰম খাদ্যৰ তৃপ্তি লোৱাসকলে
নাজানে শীতাৰ্ত ৰাতিৰ পেটৰ জ্বালা।
ডাষ্টবিনে ডাষ্টবিনে কৰে খাদ্যৰ অন্বেষণ
জীয়াই থকাৰ বাসনাই
সিহঁতকো আমনি কৰে
ক্ষুধাৰ বাবে সিহঁত আজি
শীতৰ সেমেকা ৰাতিৰো
উন্মুক্ত পথাচাৰী--
যাৰ নাই বিশ্ৰাম নতুবা জিৰণি...।
__________==________==__________==___________
🔵একাবেকা পথ
অনন্ত কুমাৰ ভূঞা
শুৰ পোঁকে শুকুৱাইছে
ধাননি পথাৰ খন
কুমটিয়ে সুৰংগ খান্দিছে অতি গোপনে
অচিনাকি ঘৰৰ চোতালত ,
নিশা ফেঁচাৰ উৰুলিত
ঘুমটি ভাগে টুকুৰা টুকুৰ হৈ ।
কলৰ থোকাত বাদুলি পৰে গভীৰ নিশা
উদৰ পুৰাই ওভতে গছৰ খোৰোঙলৈ ,
নিশাচৰ পিন পিনাই ফুৰে
অহাৰ উমান পালে বুকুখন চিৰিং কৈ যায়,
কুলাংগাৰ বোৰে ৰহস্য ছটিয়ায়
সুযোগ বুজি ,
তেজেৰে লেটিপেটি হৈ পৰি থাকে
বৃদ্ধাৰ মৃতদেহ ভয়ংকৰ ৰূপত ।
ন্যায়ৰ মজিয়াত
অকথ্য যুক্তিৰ দীঘলীয়া শাৰী ,
ঘনে ঘনে চুটি হয় উশাহ ,
বিপদ আমাৰ কষ্ট উপাৰ্জিত সম্পদ নহয়
ই এক অমাৰ্জিত বিষাক্ত ৰোদন ।
বেজাৰ ঢলি পৰে মনৰ পানীপোতাত
আশেপাশে বিয়পি পৰে ঘৃণাৰ গোন্ধ ,
সৰীসৃপ এডালে পহৰা দিয়া যে লাগে
হাঁকুটি লগায় খেদিব নোৱাৰি
ব্ৰহ্মতালুত খোট দিব পাৰে ।
====================
__________==________==__________==___________
⚪️মৃত্যু এতিয়া সহজলভ্য
মেঘালী বৰা
গুৱাহাটী, হেঙেৰাবাৰী ।
দিন দুপৰতে মুক্ত আকাশৰ তলত
মানুহ বোৰ অ মানুহ হ'ল
মানৱ ৰূপী দানৱৰ হাতত
নিৰ্দোষীয়ে বৰ্বৰ লোকৰ হাতত
দিব লগা হয় প্ৰাণ বিসৰ্জন
চি চি পশুতকৈও অধম
জীৱ শ্ৰেষ্ঠ মানৱ!
কোনে কয় মানুহ শ্ৰেষ্ঠ জীৱ ?
মানুহ ইমান হিংস্ৰ হ'ব পাৰে নে ?
আইন হাতত তুলি মৰিয়াই মৰিয়াই
নিৰ্দোষী লোকক মৃত্যু দণ্ড দিব পাৰে।
মানৱৰূপী দানৱৰ হাতত
মানুহৰ মৃত্যু এতিয়া সহজ লভ্য
উপকাৰীক যদি অজগৰে খাই
ইয়াত কৈ লজ্জা জনক কথা থাকিব পাৰেনে ?
মানুহৰ পৃথিৱীত মানুহ এতিয়া অমানুহ হ'ল
আদিম যুগতো নাছিল
এনেকুৱা অত্যাচাৰ
সিহঁতৰ নাই কোনো বিচাৰ বিবেচনা
নাই কোনো জ্ঞান
সিহঁত মাথোঁ
সুৰাৰ ৰাগীত মাতাল এচাম হিংস্ৰ পশু।
__________==________==__________==___________
🔘স্মৃতিৰ ধুলিকণা
সূৰজ বৰগোহাঁই,
ভালপোৱাৰ এটি নাম হেনো বৰষুণ
মোৰ শীতল এন্ধাৰৰ হাবিখনিৰ মাজেৰে
এখনি জিৰি জিৰি নদী বৈ আছে .....
খিৰিকীৰ ফাঁকেৰে সোমাই অহা
স্মৃতিৰ ধুলিকণা
মই হাতৰ তলুৱাত লৈ জিৰণি দিলোঁ,
অজান বাটেৰে তাক
আকৌ বতাহত এৰি দিলোঁ....
মোৰ সাঁচি থোৱা মৰমবোৰ
আঘোণৰ ধুলিয়ৰি কুঁৱলী বাটত দিশহাৰা ।
__________==________==__________==___________
⚪️শীতৰ সেমেকা নিশা
এছ,ইছলাম, শিক্ষক
পঃ মইনবৰী, বৰপেটা,ফোন 8838750752
ঢিমিক্-ঢামাক জ্বলিছে বিজুলীৰ চাকি,
টিপটিপ নিয়ৰৰ টোপাল পৰিছে
শীতৰ সেমেকা ৰাতি।
গছ-গছনি নিজুম মাৰিছে ঠেৰেঙা জাৰত ,
গভীৰ নিদ্ৰাত মগ্ন হৈছে গোটেই জগত ।
গভীৰ নিদ্ৰাত লালকাল
পোক-পতংগ চৰাই-চিৰিকটি
ময়ে কিজানি সাৰে আছোঁ
গোটেই এন্ধাৰ ৰাতি ।
সুবৰ্ণিল আকাশত নাই অকনো তৰা
গোটেই জগত শুভ্ৰ কুঁৱলীৰে ভৰা ।
ইচাতি-বিচাতি কৰি আছোঁ চোফাত পৰি
মেলি দিছোঁ দুৱাৰ-খিৰিকি
কবিতাৰ ছন্দ বিচাৰি ।
হিম চেঁচা জাৰত কঁপি কঁপি
উৰুৱাই লওঁ নিহালী খন
কোনে শুনিব অভাগা কবিৰ
অতৃপ্ত মনৰ গুপুত গুনগুন ।
__________==________==__________==___________
⚫️ক্লান্ত
মিনহাজ উদ্দিন (বৰপেটা)
অসহ্যকৰ বুকুৰ বিষ
মৃত্যু যেন নিচেই কাষত...
উজাগৰী নিশাৰ
বিষাক্ত হৃদয়ে
বিচাৰিছে মোথোঁ
শান্তিৰ নিদ্ৰা.....
ভাগৰি পৰিছোঁ
এই যন্ত্ৰণাদায়ক জীৱনটোক লৈ
যেন লাহে লাহে হৈ পৰিছোঁ
ৰুগ্ন...
নাজানো এয়া কিহঁৰ প্ৰতিশোধ
ঈশ্বৰ যেন ৰুষ্ট মোৰ প্ৰতি
ধৰিত্ৰীয়ে যেন বিচৰা নাই মোক
ক্ৰমাৎ যেন কাল অমানিশাই
আগুৰি ধৰিছে ভবিষ্যতৰ বাট ....
নাজানো কেতিয়া পৰিব
এই ক্লান্তময় জীৱনৰ
পৰিসমাপ্তি.....
এই আধুনিক চহৰত
অৰ্থহীন মানুহ মূল্যহীন
সেয়া তেজৰ সম্পৰ্কীই হওঁক...।
__________==________==__________==___________
🔴পিতাই
✍️ ড° জুনু মণি বৰা (নগাঁও)
পিতাই অ পিতাই
মোৰ হ্নদয়ত সদায় তৰাৰ দৰে
জিলিকি জিলিকি পোহৰাই
থকাজন তুমি নহয় জানো পিতাই ।
মোৰ প্ৰতিটো উশাহত
মোৰ প্ৰতিটো শব্দত
তোমাক বিচাৰি পাওঁ পিতাই ।
তুমি অজান দেশলৈ গুচি যোৱা
আজি বহু বছৰ হল ।
তথাপিওঁ মই তোমাক পাহৰিব পৰা নাই অ পিতাই ।
তুমি আনি দিয়া ফুটুকিয়া ফ্ৰগটোলৈ
আজিওঁ মনত পৰে অ পিতাই
তোমাক মই সকলো কথাই কৈছিলোঁ
এতিয়াওঁ ক'বলৈ মোৰ বহুত বাকী থাকিল অ পিতাই।
তোমাক কেতিয়া আকৌ লগ পাম
মোৰ হ্নদয়ৰ কথাবোৰ ক'বলৈ
তুমি চাগে সেই অজান দেশত
বহুত সুখত আছা !
এবাৰো মোলৈ তোমাৰ
মনত পৰা নাইনে পিতাই!
মই তোমাৰ বাবে সদায় কান্দিছোঁ
তুমি এবাৰ আহানা মোৰ কাষলৈ
মোক মূৰত হাত থৈ শান্তনা দিবলৈ ।
__________==________==__________==___________
🔵" সুৰ সমলয়"
বুকুৰ মাজত জ্বলে জুই,
কিহৰ জুই?
আশাৰ নে নিৰাশাৰ?
জীৱনৰ মাধুর্য হীনতা
ভাষা হীন, ছন্দহীন, ৰূপ ৰস গন্ধ হীন
জীৱন বিথিকা
লাহে লাহে বাঢ়ি আহে
মৰুভূৰ ব্যাপ্তি
হু হু ধুমুহাৰ আগজাননী য়ে
ৰিক্ত জীৱন বীণাত কৰে
আঘাতৰ উপৰি আঘাত
হতাশাৰ ডাৱৰে ঢকা মোৰ মনৰ বিস্তীৰ্ণ আকাশ জুৰি নামি আহে ঘোৰ অমানিশা
পথশ্ৰান্ত, ৰণ ক্লান্ত
বিহ্বল সৈনিক মই আজি
বিশাল বিশ্বত মাথো
লগৰীয়া
স্মৃতিৰ অনুপম ৰহঘৰা এটি
হৃদয়ত সাঁচি ৰাখোঁ
অতি সংগোপনে
সেয়ে মোৰ শান্তিৰ আলয়
তোমাৰ অকুণ্ঠ প্ৰেম
প্ৰণয়ৰ সুৰ সমলয়।
ৰেণু শৰ্মা, ডিব্ৰুগড়
__________==________==__________==___________
⚪️গুৰু
হে গুৰু,
তুমি পোহৰ বিলাই যোৱা
আমি উজ্বল হৈ উঠিব পৰাকৈ
নুমাই যাবলৈ নিদিবা
সেই জ্ঞানৰ বন্তি।
তোমাৰ পোহৰৰ দিশত
ধাৱমান আমি।
তুমি মাথোঁ জ্বলাই যোৱা
জ্ঞানৰ বন্তি এগছি এগছি কৰি।
হে গুৰু,
তুমি জ্ঞানৰ কঠিয়া
তুমি সত্য আৰু অহিংসাৰ কবিতা,
তোমাৰ বুকুত আছে
নিস্বাৰ্থ মৰমৰ নিজৰা।
দি আছা তুমি প্ৰতিটো দিনতে
নতুন নতুন সুবাস
অজস্ৰ জ্ঞানৰ অফুৰন্ত আভাষ ।
হে গুৰু তোমাক প্ৰণাম
আমাক যে দি আছা জীৱন গঢ়াৰ পাঠ,
নকৰি বিচাৰ জাতি কুল
নাই যে কোনো ভেদা ভেদ তাত।
অহিংসাৰ নীতিৰে বিলাই আছা
তুমি জ্ঞানৰ পোহৰ
তুমি গুৰু আমাৰ আদি আৰু অন্তৰ।
গুৰু তুমি মহান
তোমাক শত কোটি প্ৰণাম।
✍️ ৰিছা বৰা
লখিমপুৰ
__________==________==__________==___________
🔘নীলিমা
বোধ আৰু বিবেকৰ
নতুন ৰাস্তাৰে
নীৰৱতা সুৰুঙাইদি
তোমাৰ সৈতে মোৰ
এক দীঘলীয়া সময়ৰ যাত্ৰা।
জীৱনৰ শূণ্যতা ভৰা
পৰিচয়ৰ মাজতো
সপোন গঢ়ো
অন্ধকাৰ গুহাৰ মাজেদি
অকলশৰে।
অতি নিৰ্মমতাৰে
মনৰ কোনোবা কোণত
সাঁচি ৰাখি
তোমাৰ সেউজীয়া স্মৃতি।
বিশ্বাসেৰে পান কৰোঁ
আশাহীন জীৱনৰ
বিৰাট শূণ্যতা ভৰা
ঠিকনাবোৰ।
আশাৰ মৰীচিকাৰ তপত বালিত
মৰুদ্যানৰ স্বপ্ন।
সীমাহীন নিষ্ফল প্ৰয়াসৰ
মাজতো বিচাৰি পাওঁ
শান্তিৰ নিজৰা।
তুমি আছা বাবেই
মোৰ হৃদয় প্ৰাপ্তি।
সূৰ্য্য থাকে মানেই
আকাশৰ আন এটা
নাম নীলিমা।
সূৰ্য্য হেঁৰাই গ'লে
মাথোঁ শূণ্যতা।
বিটুমনি কোচ
ধেমাজি (মাছখোৱা)
__________==________==__________==___________
⚪️এজাক বৰষুণ বিচাৰি
সবিতা বেগম
বৰপেটা।
প্ৰতীক্ষাৰ জাপি মূৰত লৈ
ৰৈ থাকোঁ নীৰৱে অকলশৰে
আকাশখনলৈ অধীৰ
হৈ ওৰেটো নিশা
গতি পথৰ নিৰীক্ষণৰ
প্ৰয়াস কৰি ,
পাৰ হৈ গ'ল
কেইবাটাও বসন্ত
উমানেই নাপালোঁ ,
বুজিম কেনেকৈ...!!!
জানা , এতিয়া আৰু
ভেকুলীৰ বিয়া দিয়াৰ
একেবাৰেই মন নাই....!!!
__________==________==__________==___________
⚫️“এটি গানৰ সৃষ্টি হওঁক“
এটি গানৰ সৃষ্টি হওঁক
মিলনৰ গান,
পাহাৰ পৰ্বত একাকাৰ কৰি
বৈ আহক মিলনৰ সুৰ,
মলিয়ন ধৰাৰ বুকু
আজি সেউজীয়া হওঁক,
কংক্ৰিটৰ অনুভৱবোৰ
হৈ পৰক আৱেগৰ,
ধণী -দুখীয়া ,ক’লা-বগা
ভেদাভেদৰ অন্ত পৰক,
হত্যা,ধৰ্ষণ,লুণ্ঠনৰ
অৱসান হওঁক,
সপোন দেখো মাথোঁঁ
এখনি সুন্দৰ ধৰণীৰ,
আইমাতৃৰ বুকু উজলি উঠক,
পুষ্পিত হওঁক এপাহি সতেজ পুষ্পৰ
যিপাহিয়ে সুবাস বিলাব
আৱেগৰ-চেনেহৰ-মিলনৰ——— !!!!
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
__________==________==__________==___________
🔴চাবি
শিৱ প্ৰসাদ ৰাভা হাদু
ছাটাবাৰী;গোৱালপাৰা
জীৱনৰ আন নাম চাবি
জীৱনৰ উল্থান-পতন
প্ৰেম-ভালপোৱা,সুখ-শান্তি
আশা-নিৰাশা,প্ৰাপ্তি-অপ্ৰাপ্তিৰ
জীৱন-যৌৱন এই মায়াময় ধৰণী
সকলো তোমাৰ হাতত বন্দী৷
চাবি খুলিব পাৰা
বন্ধ কৰিও ৰাখিব পাৰা
তোমাৰ ইচ্ছানুসৰিয়েই
চলে এই বিশ্ব ব্ৰহ্মাণ্ড৷
চাবি দুটি শব্দৰ মিঠা অনুভূতি
“চা” বৰ্ণই উপভোগ কৰিছোঁ
এই ধুনীয়া ধৰণী গোটেই জীৱনজুৰি
“বি” বৰ্ণই জীৱন কৰিছোঁ উপভোগ
বাল্য-কৈশোৰ-যৌৱন-বৃদ্ধ কাল
নিজৰ জীৱনটোক সুন্দৰ্য্যময়তাৰে
সময়ৰ লগত গতি মিলাই লৈছোঁ গঢ়ি৷
চাবি নহয় তুমি অকল তলাৰ লগৰী
ঘৰখনৰ শান্তি সম্প্ৰীতি বজাই ৰখাৰ
তোমাৰেই হাতত মূল চাবিকাঠি;
তুমি যদি হোৱা সোপাঢিলা
মায়াময় সংসাৰখন হয় বিপৰ্যয়
তুমি যদি হোৱা টান সহজতে নুখুলা
জীৱনৰ সংসাৰ হয় মধুৰতা৷
চাবি নহয় অকল মাত্ৰ তলাৰ লগৰী
মায়াময় সংসাৰ চিৰ প্ৰহৰী৷
————————————
⚫️_____ নিশা _____
✍️সঞ্জীৱ গগৈ
নিশাবোৰ ইমান জয়াল।
দপদপাই থকা গৰম তেজেও বান্ধিছে কৰাল।
কোনোবা হাবিতলীয়া মৰিশালিৰ ভূত দেখি
ৰাউচালি ৰাগ তানিছে পিৰালিৰ কুকুৰে।
কেউফালে সূচনা হৈছে মাথোন ভয়ৰ তাড়না।
মৰিশালিৰ পৰা ওলাই আহা এদল পিশাচে
দপদপাই চলাইছে সিহঁতৰ ৰাজত্ব।
জননীৰ পুণ্য ভূমিত কলংকৰ তেজ সানি
আনন্দত কৰিছে অটহাস্য।
আন্ধাৰৰ ছেগ বুজি বহুবোৰ নিশাত
বহুতো মাতৃৰ বুকু উদং কৰি
জননীত ঢালিছে কলংক।
অসুৰৰ তাণ্ডৱত দেখি
জনতা ভয়ত আতংক।
শেৱালী, ৰজনীগন্ধাৰ সুৱাস সনা
নিশাবোৰ এতিয়া জয়াল।
নৰ পিশাচবোৰে ধ্বংসৰ যজ্ঞ পাতি
জননীক পিন্ধাইছে এৰাল।
দপদপাই থকা উত্তপ্ত তেজেও এতিয়া
ভয়ত বান্ধিছে কৰাল।
নিশাবোৰ এতিয়া বৰ জয়াল।
__________==________==__________==___________
🔴🌹প্ৰাণৰ কৃষ্ণ স্বামী 🌹
ত্ৰিজগতৰ পতি তুমি
হে প্ৰাণৰ কৃষ্ণ স্বামী,
তোমাৰ প্ৰেমৰ মদিৰাত মগ্ন হ'ল
পৃথিৱীৰ সকলো নৰ -নাৰী।।
শৰতৰ শ্নিগ্ধা জোনাক ৰাতি
বৃন্দাবনত বজালা মোহন বাঁহী,
প্ৰেমিক কানাই প্ৰেমৰ বিৰহত
আকুলি -ব্যাকুলি হ'ল ৰাধা-কমলনী।।
গোপীনী সকলে এৰি পুত্ৰ -স্বামী
বাঁহী সুৰে সুৰে প্ৰবেশিলে বৃন্দাবন,
প্ৰেমিক কানাইক ধৰি বেৰি বেৰি
কৰিলে ৰাসক্ৰীড়া প্ৰেমাতুৰ গোপীগণ।।
যুগে যুগে তুমি প্ৰেমৰ প্ৰতিমূৰ্ত্তি
ৰাধা-কৃষ্ণৰ প্ৰেম জগতত সৰ্বব্যাপী,
দৰ্শন পাবলৈ আতুৰ মীৰা ৰাণী
মন্দিৰে মন্দিৰে ভজন গাই হ'ল সন্ন্যাসিনী।।
মোহিনী ৰূপেৰে ভূলালা ত্ৰিভূবন
শিৱ ভোলানাথ হ'ল প্ৰেমত উন্মাদন,
পুত্ৰৰ প্ৰেমত নিমজ্জিত হ'ল নন্দ-যশোদা
শংকৰ-মাধৱে বোৱালে ভক্তিৰ প্ৰেমৰ ধাৰা।।
✍️ নিৰ্মালি কাকতি
নগাঁও অসম
__________==________==__________==___________
🔵এই জীৱন..
ৰাজদ্বীপ মৰাং
লখিমপুৰ, নাৰায়ণপুৰ।
মই নাজানো
এই জীৱনৰ গতিৰ বিষয়ে
মাথোঁ নিজক প্ৰশ্ন কৰো-
জীৱন মানে কি...
সোণালী সপোন ৰচি
বাস্তৱক সুধু-
জীৱন মানে কি...
ভোকাতুৰ হৃদয় আৰু
তৃষ্ণাতুৰ মনকো সুধু-
জীৱন মানে কি...
অথচ সঠিক উত্তৰ
বিচাৰি নাপাওঁ.........।
__________==________==__________==___________
⚪️তুমিও মুচি দিলা মোৰ নাম
তুমি কেনেকৈ তোমাৰ মনৰ পৰা,
নিমিষতে মুচী দিলা মোৰ পাঁচ আখৰৰ নামটোক।
তুমি নো কৈছিলা চন্দ্র-সূর্য থকালৈ,
তোমাৰ হৃদয়ত মোৰ ঠাই অনন্তলৈ।
কিন্তু তুমি দাম নিদিলা কৰা সেই শপতক,
হৃদয়ত ঠাই দি আকৌ মুচিলা,
তৰোৱালৰ আঘাতেৰে।।।
প্ৰকৃততে তুমি কোন প্ৰকৃতিৰ নাৰী,,অ'??
কোৱাচোন এবাৰ ভালদৰে।।
শত্রুয়েও শত্রুক হয়তো নাপাহৰে ইমান সোনকালে,
আৰু তুমি তো মোৰ আপোন,
শেষত তুমিহে মুচি দিলা মোৰ নাম ইমান সোনকালে।।।
চৰাই হৈ উৰিছিলো দূৰ আকাশত,
আস্তানা যে, আছিল তোমাৰ মনত।
সন্ধিয়াত উভতিছিলোঁ,
আকৌ নতুন দিনৰ সন্ধানত যোৱাৰ আগতে,
সন্তেক মুদিচিলোঁ চকুজুৰি তোমাৰ কোলাতে।।।
কিন্তু হঠাতে জাগি উঠিলোঁ,
তোমাক কাষতে নাপায়,
হিয়াত লাগি ধৰিল ভয়ৰ তন্দ্ৰা।
চকু জুৰি টুকিলোঁ ইফালে,
সিফালে অলপ চালোঁ।।।
ভাগৰি ভাগৰি আকৌ বহিলোঁ,
চাৰি খুটিত ভৰ কৰি তোমাক পৰ্দাত আঁকিলো।।।
তথাপি নাপালোঁ তোমাৰ দেখা,
শেষত মনত পৰিল তুমি যে,মুচি দিলা মোৰ নাম।
আচ্ছা সঁচাই কি তুমি মোৰ নামটো,
তোমাৰ অন্তৰৰ পৰা মুচি দিলা?
তুমি কি সঁচাই মোক পাহৰি গলা?
ছাগে তুমি পাহৰি যোৱাৰ ধেমালিহে কৰিছা!!
মোৰ নাম মুচি পেলোৱাৰ মোক ভয়হে খুৱাইছা!!!
ন'হলে নো কাষত টানি যত্নৰ পিঞ্জৰাত পুহি,
কিয় মোক বান্ধি থৈছিলা এটা সময়ত ?
তেতিয়া কিয় মোক যাবলৈ নিদিলা?
আৰু আজি যেতিয়া মোক তোমাৰ প্ৰয়োজন,
তুমি এতিয়া তোমাৰ হৃদয়ৰ পৰা মোৰ নামটো মুচিবলৈ লৈছা!!
জানা, আজিও মই
তোমাৰ বাবে মোৰ হৃদয়ৰ দুৱাৰ মুকলি কৰি ৰাখিছোঁ।
তুমি যোৱাৰ পাছতো বহু দিনলৈ,
এই আকাশে বতাহে মই
তোমাক কিমানটা বাৰ যে বিচাৰিছোঁ তাৰ সীমা অন্তহীন।
কিন্তু, এতিয়া আৰু এইবোৰ কৰি লাভ নাই,,
তুমি তো মোৰ নাম তোমাৰ অন্তৰৰ পৰা মুচিহে দিলা,,,।
✍️শান্তা দাস,
লংকা, হোজাই, অসম
__________==________==__________==___________
🔘মোৰ দেউতা আছে
আপোনালোকে সঘনাই সুধি থকা এটা প্ৰশ্ন
মোৰ দেউতা আছেনে নাই?
ভাবিছোঁ এই প্ৰশ্নটোৰ উত্তৰ
আজি খোলাখোলিকৈ দি দিওঁ।
মোৰ দেউতা আছে মোৰ সাহস হৈ
মই যেনেকৈ ঘৰ এখনত থাকোঁ
মোৰ দেউতাৰো এটা উৱলি যোৱা
ঘৰ আছে
যত দেউতা অকলে থাকে।
প্ৰথম প্ৰথম দেউতা আমাৰ লগতে আছিল
কিন্তু বহুত বছৰ পাৰ হৈ গ'ল
দেউতাই নিজাকৈ ঘৰ সাজি থকা
দেউতাৰ ঘৰলৈ বৰ বেছি দূৰ নহয়
আমাৰ ঘৰৰ পৰা দেউতাৰ ঘৰটো
জুমি চালেই দেখি পায়
বাৰীৰ এচুকতে ডাঙৰকৈ
ডিমৌ এজোপাৰ তলতে
দেউতাৰ ঘৰটো আছে।
দেউতাৰ ঘৰৰ কাষেদি
মই সদায় অহা যোৱা কৰোঁ
মনৰ ক্ষোভবোৰ আৰু কণমানি
অভিমানী হৃদয়ৰ বেদনাবোৰ কও
কিন্তু দেউতাই যে মোৰ একো কথাই নুশুনে
দেউতাই অকল শুইয়ে থাকে।
এতিয়া মোৰ সামৰ্থ্য নাই
দেউতাৰ উৱলি যোৱা ঘৰটো সাজিবলৈ
কিন্তু যেতিয়া মই ডাঙৰ হ'ম
দেউতাৰ ঘৰটো পকী কৰি সাজি দিম
মোৰ দেউতা আছে
বাৰীৰ এচুকত শুকান মৰিশালীটোত।
দিপশিখা ( অভিমানী পিউ) ।
========________==__________==___________
⚪️জীৱনৰ সফলতা
হাৰি যোৱা নাই
মাথোঁ ভাগৰি পৰিছা,
আশা এৰা নিদিবা
কিছু সময় জিৰণি লোৱা।
সমাপ্তি ঘটা বুলি নাভাবিবা
আৰম্ভনি হ'বলৈয়ে আৰু কিছু পৰ আছে।
আলিবোৰ বৰ কেঁকুৰি
বেছিকৈ নূঘূৰিবা,
পাকঘূৰণি খাবা।
বেছিকৈ নাভাবিবা
মূৰ্চা যাবা।
এই কেঁকুৰিটো পাৰ হৈয়েই এখন পাহাৰ পাবা
পাহাৰৰ পিছতে এখন ওখ পৰ্বত,
ইমান দূৰ অতিক্ৰম কৰি
তুমি হয়তো ভাগৰি পৰিবা
কিন্তু উভতি অহাৰ কথা কেতিয়াও নাভাবিবা।
ভোক লাগিলে এচলু পানীকে খাবা
পৰ্বতৰ টিঙনাতে অকণমান জিৰণি ল'বা ।
পৰ্বতৰ তলতেই এখন বিশাল মৰুভূমি দেখিবা,
ফুলি থকা কাঁইটীয়া গোলাপৰ পাহিবোৰত তুমি কিন্তু হাত নিদিবা,
আৰু অলপ দূৰ যোৱাৰ পিছত তুমি এখন নৈ দেখিবা।
তুমি কিন্তু নৈৰ পাৰলৈ যোৱাৰ কথা নাভাবিবা,
কিয়নো এইবোৰ মৰুভূমিৰ মায়াবী মৰিচীকা ।
মৰুভূমিখন পাৰ হৈয়েই এখন বিপুল সমুদ্ৰ দেখিবা,
গভীৰ মহাসমুদ্ৰৰ তলিতেই অপেক্ষা কৰি আছে তোমাৰ জীৱনৰ সফলতাই,
সফলতাক লগত লৈ এইবেলি উৰাজাহাজতে ঘূৰি আহিবা তুমি জীৱনৰ বুকুলৈ।
ৰিমাশ্ৰী কোচ-ৰাজবংশী
*একাদশ শ্ৰেণী*
*ঢকুৱাখনা*
__________==________==__________==___________
⚫️পৰুৱা
এই লোভীত স্বাৰ্থতাৰ মায়াৱী পৃথিৱীত,
পৰুৱা একমাত্ৰ তুমিয়েই মহানৰ উদাহৰণ।
কৰ্মীক, কঠোৰ পৰিশ্ৰমীক, নিষ্ঠাৱান, দৃঢ় সংকল্পীক,
তাৰে তালিকাৰ প্ৰথম স্থানত তুমি;
তুমি দেহেৰে ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ প্ৰাণী
তথাপিও আছে তোমাৰ সঠিক জ্ঞানৰ ভাণ্ডাৰ।
পৰুৱা তোমাৰ কঠোৰ পৰিশ্ৰমত মুগ্ধ মই,
তোমাৰ পৰাই সঠিক শিক্ষা পাই...
উন্নতিৰে গঢ়িলোঁ মোৰ এই জীৱন।
পৰুৱা তুমিয়েই মোৰ প্ৰকৃত বন্ধু,
আনকি জীৱনৰ শ্ৰেষ্ঠ শিক্ষক।
তোমাতেই মোৰ ধন্য জীৱন,
তোমাৰ অসীম মহিমাই মোৰ মুগ্ধ মন।
পৰুৱা তুমি যোৱা আগুৱাই,
তোমাৰ ধৰ্ম অনুসৰণ কৰি
মই যাম লক্ষ্য স্থানত।
পৰুৱা তোমাক দেখি শিকিলোঁ...
দেহ, সৌন্দৰ্য আৰু ওজনেৰে
নহয় পৰিচয়;
নিজৰ প্ৰতি বিশ্বাস,জ্ঞান,শিক্ষা,
সত্যতা, দৃঢ় সংকল্প, লক্ষ্য আদিৰ
যোগ-মাপেৰে ফুটি উঠে যোগ্যতা।
শিল্পী দাস (প্ৰিয়)
ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)
********************************
__________==________==__________==___________
🔴মিঠা মিঠা শিহৰণ
ড০ ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা
মিঠা মিঠা শিহৰণ
জীৱনৰ আছে কত যে কামনা
ক'ৰ পৰা আহে জীৱনৰ এই কামনা
বাস্তৱ নে কল্পনাত !
ক্ৰমান্বয়ে আগুৱাই যায় জীৱন
কি যে জীৱনৰ মায়া
কল্পনাৰ মিঠা মিঠা শিহৰণ
মায়াৰ ৰথত উঠি ৰচে কত না সপোন
ক্ষণে ক্ষণে গোপনে গোপনে
প্ৰেমে কথা কয় ।
প্ৰেমৰ কথা যে কবিতাৰ কথা
হৃদয়ত নূপুৰৰ গুঞ্জন
মিঠা মিঠা শিহৰণ
অসমান্ত ৰণ ।
এনেকৈ গোপনে গোপনে জন্মে প্ৰেমৰ গল্প
ধূসৰিত প্ৰেমৰ ছন্দ
কেৱল হৃদয়ে জানে
তথাপিও কিযে শিহৰণ
হৃদয়ে কামনাৰ থাপনা পাতে
কথাখিনি অপ্ৰকাশিত
কথাখিনি ব্যক্তিগত
কথাখিনি কবিতাৰ
কবিতাৰ ছন্দে ছন্দে প্ৰেম
সপোনৰ কথাখিনি জীৱনৰ
জীৱনে সপোন ৰচে
সুন্দৰৰ পূজাৰী হৈ ।
__________==________==__________==___________
🔵দুখ
তুমি গুচি যোৱাৰ পিছৰ পৰাই
মোৰ হৃদয়ত বহুত দুখ ।
নাজানো ইয়াৰ পৰিধি কিমান
তোমাৰ চকুপানীৰ পৰাই
মোৰ হূদয়ৰ কোঠালৈ
বহু ৰাতিৰ বাট।
ধাৰাষাৰ বৰষুণৰ মাজত
তিতি গ'ল মোৰ সপোনবোৰ
যি বৰফৰ দৰেই চেঁচা ।
আৰু নিথৰ হৈ
পৰি আছো তোমাক আপোন কৰিবৰ বাবে ।
মোৰ উচুপনি তুমি
বুজি নাপালা
মাথো নিসংগতাৰ
মাজত মোক এৰি
আনন্দ লভিলা
আৰু মোক কৰি পেলালা
তোমাৰ প্ৰেমত বন্দী।
তোমাৰ এখনি
পুৰণি ফটোৰ পৰা
দুখে উৰুৱাই আছে
মোৰ হৃদয়ৰ একাঁজলি
মাথো সোঁৱৰণি ।
ইমান দুখ গুচি গ'ল
নৰকৰ বাটে দি
মাথো থমকি ৰ'ল
হৃদয়ত মাথো তোমাৰ স্মূতি ।
অজন্তা দত্ত বৰা,
__________==________==__________==___________
⚪️জীৱনালো
✍️হাইছ উদ্দিন আহমেদ
নীলিমাৰ চৰাইবোৰ মুক্ত মনে উৰে
হিংসা, শত্ৰুৰ কবলত পৰি মৰে
সুন্দৰ মহীত মানৱৰূপী দানৱ ফুৰে
অন্ধকাৰ যামিনীৰ সুযোগ বিচাৰি ফুৰে।
নিশাপতিৰ পোহৰত দুনিয়া শীতল কৰে
সুধাকৰ আহি বিভাৱৰীৰ অন্ধকাৰ আঁতৰ কৰে
দীননাথ আহি পুৱাই কুঁৱলী আৰু ডাৱৰ আঁতৰ কৰে।
জগতপতি ৰংমনে সদায় হাঁহি থাকে
দাতাৰ সৃষ্টিক বতাহ,পবন,সমীৰ,সমীৰণ আনিল
ভক্ত সকলে আনন্দ মনেৰে পূজা কৰি থাকে
বোকাৰ শতপত্ৰৰে ৰাজনীতিৰ পতাকা সাজে
নলিনী ৰাষ্ট্ৰীয় সন্মান লভি কিতাপে কিতাপে থাকে
মাতংগ নহ'লেও বনৰ ৰজা
সকলোৱেই তেওঁক ভয় কৰে।
মহীপতি হ'বৰ সবাৰেই ইচ্ছা থাকে
ভূপতি হ'বলৈ গুণ আৰু সাহসী হ'ব লাগে
নেত্ৰ থাকিও অন্ধ শিক্ষা নাথাকিলে
নিলয় গঢ়ি আনন্দত আজীৱন জীয়াই থাকে।
__________==________==__________==___________
🔘নিস্তব্ধ মই
মাম্পী দাস (চান্দিনী),
ভালুকমাৰী, হোজাই
চেঁচা বতাহৰ লগতে মেঘে আগুৰি
থকা দিন সূৰ্য উলাবই পৰা নাই।
অশান্তিয়ে বিভোৰ হৈ মই
নিজোম ঠাই বিচাৰি আছিলোঁ।
আধৰুৱা পকা ধুনীয়া মন্দিৰৰ লগতে পুখুৰীখনৰ ডাঙৰ চিৰিৰ ঘাট।
মোৰ চুলি ধুনীয়াকৈ বেনীগুথা
ঊনৰ ৰঙা চেলোৱাৰ লগতে
ওৰনি গোলপিৱা চাদৰ আৰু
ভৰিত মুজাৰে জুতা পিন্ধা।
মোবাইলটো সাইডব্যাগত
ভৰাই লৈ মন্দিৰৰ সন্মুখত
জুলনিখনত বহিলোঁ।
লাহে লাহে দোলী অকলে
মন্দিৰলৈ কাৰুকাৰ্য্য আৰু
ভগৱানলৈ চাই থাকিলোঁ।
ডাঙৰ পুখুৰীৰ পানী মৃদু
বতাহত সৰকৈ নৰচৰ কৰিছে।
মই অকলশৰীয়া হৈ মনমৰা
হৃদয়খন লৈ যেন অসহ্যময়
অনুভৱ কৰিছোঁ।
মই প্ৰকৃতি আৰু ভগৱানৰ
ওচৰত প্ৰশ্ন কৰিলোঁ।
কোনেও মোক অকনো বুজি
নাপালে মূৰত দুয়ো হাতৰে
ধৰি কান্দিবলৈ ল'লো।
পুখুৰীৰ পাৰত পুৰণি তেঁতেলী
গছ যেন অৰণ্যৰ মাজত
দুখত ভাগি পৰিলোঁ কোনো নাই
মোক বুজাবলৈ।
শেষত যেন মনলৈ আশ্বাস
আহে ভাগি পৰিলে নহ'ব ,শান্ত
হ'ব লাগিবই ,সকলো ঠিক হ'ব।
__________==________==__________==___________
⚪️আঘোণ পথাৰখন
কুঁৱলীৰ আঁৰত লুকাই থকা
সোণ বৰণীয়া ধাননী পথাৰখন
সোণোৱালী হৈ জিলিকি উঠে
প্ৰভাৱতীৰ কিৰণত ।
সোণোৱালী শস্যই কৃষকৰ
মন সুখেৰে ভৰি পৰে
শস্যবোৰ দেখি কৃষৰ
মুখত হাঁহি বিৰিঙি উঠে।
সোণোৱালী শস্যৰ সোণ
বৰণীয়া হাঁহি বিৰিঙি উঠে।
°°°°°°°°°°°
মিন্টু গোৱলা, লখিমপুৰ কদম
__________==________==__________==___________
⚫️ধাননি পথাৰ
ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী,হোজাই
পৃথিৱীৰ বুকুত অতি সুন্দৰময়
সেউজীয়া ৰূপৰ সমাহাৰ ,
এই আমাৰ ধাননি পথাৰ ।
সোণালী সূৰুযৰ পোহৰত
উজলীয়া সোণালী বৰণ ,
ধাননি পথাৰৰ পৰশ বিহীন
আমি কেতিয়াও নহওঁ ধন্য ।
পকা ধানৰ মাজত থকা আলিৰে ...
আৱেলিৰ পৰশ মিহলাই
খোজকাঢ়ি বহু ভাল লাগে ।
শান্ত সোণালী পকা ধানে ,
পাতৰ আঁৰে আঁৰে
লুকাভাকু খেলে ;
মইও চঞ্চল পখিলা হৈ
পকা ধানক চুমিব মন যায় ।
**********************
__________==________==__________==___________
🔴তুমি আছা বাবেই
প্ৰগতি গগৈ চাংমাই
আই
তুমি আছা বাবেই
আঁকিব পাৰোঁ সুখৰ ৰামধেনু,
বুটলিব পাৰোঁ মন সমুদ্ৰত
সহস্ৰ স্বপ্ন মুকুতা।
তুমি আছা বাবেই
হাঁহি হাঁহি সাৱটিব পাৰোঁ
বিনাদ্বিধাই
একোটা সমাধানবিহীন সমস্যা।
তোমাৰ বাবেই বুজি পাইছোঁ
জীৱনৰ গভীৰ অৰ্থ,
উপলব্ধি কৰিছোঁ
জীৱন মৰুৰ একোটা অভিজ্ঞতা।
তোমাৰ শিকনিকে সাৰোগত কৰি
আজি মই সফল মাতৃ,
তোমাৰ আদৰ্শৰে
মই এগৰাকী গৃহিণী।
তোমাৰ শিক্ষাৰে
আজি মই শিক্ষিতা,
হতাশাই এতিয়া চুব নোৱাৰে
যেনেকৈ তোমাক চুব নোৱাৰিছিল
দু:চিন্তাই কোনোকালে।
__________==________==__________==___________
🔵অৰ্থ বিহীন জীৱন
জীৱনত অৰ্থ বিহীন কি মূল্য আছে,
নাই তাৰ কোনো দাম,
নাই তাৰ কোনো স্থান,
নাই তাৰ কোনো মান-সন্মান,
নাই তাৰ সমাজত কোনো পৰিচয়!
উচ্চ শিক্ষাৰে শিক্ষিত হৈ ও
নাপায় কোনো সহায়ৰ হাত !
যি কোনো সভা-মন্ডৱত শ শ
জনৰ আউৰত নাপায় কোনো
আদৰৰ আসন-ৱসন ---?
আৰু মানৱ নামৰ কেই গৰাকী
মূখা- পিন্ধা দানৱ সকলে ৰজাৰ সিংহা-
আশন লৈ অৰ্থ বিহীন প্ৰাণীবোৰক
অৱহেলা, নিন্দা কৰিবলৈ ধৰে!
সেইয়ে হ'ল অৰ্থ বিহীন জীৱনৰ
এক পৰিচয়!!
✍️ জাকিৰ হুছেইন
গাওঁ -মাহগুৰি ট্ৰাইবেল
জুৰীয়া নগাঁও (অসম)
Contact--(+918139862693)
__________==________==__________==___________
⚪️মুঁই `` আবো``য়ে কৈছোং(দেশী ভাষাৰ কবিতা)
দেশী ৰাজবংশী আইতাৰ বিননি
(৩০ অক্টোবৰত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা শ্বহীদ সকলৰ প্ৰতি অশ্ৰু অঞ্জলি)
ৰচনা :- নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা
মোৰ বাপ ধন গুলা
এইবাৰ দেৱালীত
তোমৰা ফটকা না ফুটেন,
কোনো দিনেই তোমৰা ফটকা না ফুটেন ।
ফটকাৰ শব্দ শুনলেই
ৰক্তমাখা ঐ দিন টাৰ কথা
মোৰ মনত পৰি
বুকটা ফাটি যায় ৰে- - -
বাৰীৰ আগিলাত
আদৰেৰ নাতি মোৰ আছিল বসি,
মুখত নিয়ে মধু-ভৰা হাঁসি,
খেলে আছিল মোৰ সোণাৰ চান
গুণ গুণ কৰি গায়া দেশী গান ;
হঠাতে ফটকাৰ ভুট্টুশ ভুট্টুশ আৰ
বোমাৰ গুৰুম গুৰুম গুৰুম শব্দত
কাঁপি উঠিল দেশেৰ মাটি,
বাৰুদেৰ পোৰা গোন্ধ আৰ ধুমাত
আকাশত আন্ধাৰ নামিল,
বাতাসে বাতাসে ভাঁসি আসিল
অসহায় মানুশেৰ মৰণ-কাতৰ চিল্লা-চিল্লি!
আৰ কেমনে বা
মোৰ নাতিৰ কোমলা গাত
আসি লাগিল বোমাৰ আঘাত
অভিশপ্ত এই ৩০ অক্টোবৰত।
সাথে সাথে মাটিত ঢলি পৰিল
মোৰ আদৰেৰ নাতি, মোৰ সোণাৰ চান !
ছেড়া-বেড়া হওৱা ওঁৰ শৰীল টা
আৰ জোৰা লাগাবেৰ নাপালুং ।
ঝৰ ঝৰ কৰি পৰা তাজা ৰক্তেৰ
নাতিৰ গাৰ কাপোৰ টা
বুকত খামচে ধৰি
মৰি মৰি মুঁই বাঁচি আছং!
মোৰ বাপ ধন গুলা
. এই বাৰ দেৱালীত
তোমৰা ফটকা না ফুটেন,
কোনো দিনেই তোমৰা ফটকা ফুটেন।
তোমৰা শাইৰে শাইৰে চাতি জ্বলায়া
মোৰ বাছাক মনত ফেলাও
তোমৰায় হও মোৰ প্ৰাণেৰ প্ৰাণ
তোমৰায় হও মোৰ সোণাৰ চান
নালাগে মোক সৰকাৰেৰ লাখ টাকা দান।
তোমৰা মোক কথা দেও
এই বাৰ দেৱালীত
আৰ ফটকা না ফুটেন
কোনো দিনেই আৰ না ফুটেন
সন্ত্ৰাসবাদীৰ হাতেৰ অস্ত্ৰ
ফটকা আৰ বোমা না ফুটেন! নাফুটেন!!
__________==________==__________==___________
🔘মায়া মোহ
দুচকু মেলি
নীলা সমুদ্ৰৰ সিপাৰে
আছে আৰু কিবা সৃষ্টি কৰ্তাৰ সৃষ্টি
কিবা বিচাৰি পোৱাৰ সাবিয়াহ
দূৰ দিগন্তত দেখিছা শূণ্য আকাশ,
মৰুময় সংসাৰত
শূণ্যতা মাথোঁ শূণ্যতা
মৰীচিকাৰ পম খেদি
মাথোঁ পাবা পহেলীকা,
যিমানেই তোমাৰ দৃষ্টি
সুদূৰ প্ৰসাৰী নিক্ষেপ কৰা
পাবা তুমি চিন্তা উদ্বেগ
মনৰ মাজত অন্তদণ্ডৰ
গভীৰ ভাবনাবোৰ
কিবা আছে কিবা নাই
যেন উপঙি থকা
পানীৰ মেটেকাবোৰ ,
জীৱনৰ কিবা অৰ্থ আছে
সকলো মাটিৰ মানুহ
সৃষ্টি কৰ্তাৰ হাততে
জীৱনৰ আত্মা অপৰ্ণ শেষ বিন্দুত,
মায়া মোহত আচ্ছন্ন পৃথিৱী
সুখ শান্তিৰ নিজৰা বোৱাই
নানি অসূয়া অশান্তি
তেহে হ'ব শান্তিৰ পৃথিৱী।
**********************
যোৰহাট ৰৰৈয়া।
কল্পনা বড়া
__________==________==__________==___________
⚪️"সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা "
তুমি অসম সন্তান বিশ্ব বৰেণ্য শিল্পী
গীতৰ প্ৰতিষ্ঠান সুপ্ত সত্তাৰ জাগৰণ
যুগজয়ী স্ৰষ্টা অসমীয়া গীতৰ বাল্মীকি
জিনিলা জগত অসমৰ স্বপ্ন কৰিলা দিঠক-!
লুইত গঙ্গা ভল্গাৰ পৰা মিচিচিপি টেমচ লৈ
সুৰৰ ধাৰাৰ এনাজৰীৰে বান্ধিলা ধৰা
অনৈক্যৰ ছবি মচি সমন্বয়ৰ গঢ়িলা সূচী
ভাতৃত্ববোধ ঐক্যৱদ্ধ বিশ্বৰ তুমি অনুঘটক !
অস্পৃশ্য খাদ্যহীন বস্ত্ৰহীন নিঃস্ব নিচলা
মজদুৰ শোষিত নিষ্পেষিত জনতাৰ
ভাঙি দিলা তুমি ভিন্নতাৰ ৰুদ্ধ দ্বাৰ
সুৰৰ ঝংকাৰেৰে কৰিলা একাকাৰ
দানৱতা নাশি মানৱতাৰ তুলিলা জোৱাৰ-!
আৰ্ত্ত জনলৈ দৰদ-মানৱীয় প্ৰেমেৰে সিক্ত
বিশ্ব শৰীৰত অন্তৰ্ভূক্ত কৰিলা অসম
অপসাৰিত কৰিলা মৰ্মুন্তুদ আৰ্ত্তনাদ
দুৰ্ণীতিৰ শালত নৰ কঙ্কালৰ অস্ত্ৰ সাজি
শোষণকাৰী দুষ্কৃতিকাৰী অপশক্তিক বধি
অসমীয়াৰ প্ৰাণত সঞ্চাৰ কৰিলা সাম্যবাদ ।
বৈপ্লৱিক মন তোমাৰ সুন্দৰতাৰ সংমিশ্ৰণ
বৈপ্লৱিক চেতনা জাতি জাগ্ৰত ধ্যান ধাৰণা
গানত তোমাৰ প্ৰতিফলিত প্ৰতিশ্ৰুতি
দৃঢ় সংকল্পৰে অপসংস্কৃতি কৰিলা অন্ত
প্ৰতিবাদী কণ্ঠত মানুহৰ জয়গীতি ....
"মানুহে মানুহৰ বাবে যদিহে...
আজিৰ অসমীয়াই নিজক নিচিলে"....
এইবোৰ গীতেই কঁপালে আজিৰ দিগন্ত--!
সুধাকণ্ঠৰ অৱদান নৱ প্ৰজন্মৰ উপাদান
আপৰুগীয়া সম্পদ অসমৰ অভিমান,
তোমাৰ সৃষ্টিৰ জাতীয় চেতনাৰে উদ্বুদ্ধ হওক
স্বাভিমানী অসমীয়াৰ দেশপ্ৰেমী সঙ্গীত প্ৰাণ --!
_________________________________
আমিৰ হুছেইন আহমেদ ।
__________==________==__________==___________
⚫️তুমিয়েই প্ৰেৰণা
কবিতা মোৰ
মই তোমাৰ,
লিখিম মই কিন্তু
কবিতাৰ আৰত থকা
প্ৰেম, কাহিনী তোমাৰ
নাম তোমাৰ,
শব্দ মোৰ কিন্তু
কথা তোমাৰ,
ভাষা মোৰ কিন্তু
অনুভৱ তোমাৰ,
লিখি শুনাম আৰু
শুনিবা তুমি
দুয়ো মিলি আমাৰ
কবিতাত হম মগ্ন
আগতে ভাবিছিলো
কবিতা কি কাহিনী কি
এতিয়া যেন লাগে
কবিতাও তুমি
কাহিনীও তুমি
কেৱল শব্দহে মোৰ
নাজানো ক'ৰ পৰা
আহে এই শব্দ
কেৱল চকু মুদি
এবাৰ তোমাৰ কথা ভাবিলে
হয় মনত শব্দৰ বৰষুণ
তুমিয়ে মোৰ প্ৰেৰনা
মোৰ,,,,,,,,,,,,,,,,,,,,,,
কানুপ্ৰিয়া ডেকা (স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া বিভাগ)
__________==________==__________==___________
🔴এজাক হালধীয়া হাঁহিৰ খিলখিলনি
কাৰ ইমান বোৰ ৰং লৈ
ভৰি পৰিছে শীতৰ সেমেকা পথাৰ
কাৰণ চাদৰৰ আচল এয়া
য'ত ইমান বোৰ হালধীয়া হাঁহি
ৰ'দৰ সতে কোনে পথাৰ ভৰি
খেলিছে ৰ'দ ৰ'দ
বতাহত এয়া কাৰ সুৱাস
সৰিয়ঁহ ফুলা উৎসব এয়া
সেয়ে চৌদিশে হালধীয়া সুৱাস
অʼ সৰিয়ঁহ ফুল কলি
কিয় ইমান কৈ মাতিছা হাত বাউলী
তোৰ হাঁহিৰ খিলখিলনীত ময়ো হৈ পৰিছো ক্ৰমাত হালধীয়া।।
✍️ববিতা দাস
মাৰফৎ--শ্ৰী দিগন্ত দাস
গাওঁ --বাৰেইগাওঁ
ডাক ঘৰ--তামুলপুৰ
জিলা --তামুলপুৰ
ডাক সংখ্যা --৭৮১৩৬৭
__________==________==__________==___________
🔵তাইৰ শৰীৰত নাই তোমাৰ অধিকাৰ
- আচমা বেগম,
মানুহৰ কথাবোৰ ভাবি শেষ হলে
ঘূৰি আহো নিজলৈ
তুমি কথাবোৰ হৃদয়ৰে নাভাবা বুলি
গাত দোষ লৈ।
মোৰ কোমল হৃদয়খন মৰম আকলুৱা
লেন-দেন নাজানে
লেহুকা লতা, সমৰ্পিত মন মোৰ
প্ৰায়ে লুন্থিত হয়।
মগজুৰ এৰাল ডাল ৰক্ষক মোৰ
ভক্ষকৰ পৃথিৱীত
হয় মই কেৱল মগজুৰে ভাবো
অমানুহৰ দৃষ্টিত।
__________==________==__________==___________
⚪️চাইকেল
(১)
বয়সৰ জোখেৰে চিটত বহি মাটি স্পৰ্শ
কৰিব পৰা নাছিলোঁ
হ'লেও যেন টানি টানি অকলে চলাবলৈ
শিকিলোঁ,
শৈশৱত আছিল যি মৰমৰ
অথচ,আজি পৰি ৰয় কোঠাৰ কোণত
অকলশৰে..
পিতাইৰ চাইকেলখন!!
(২)
সকলোৰে জীৱন একো একোখন
চাইকেলৰ দৰে,
পেডেল মাৰি মাৰি যায় হেঁপাহেৰে
সপোন সঁফুৰাৰ দিশে..
যেন ঠিক তেতিয়াই চাইকেলৰ চেইন
পৰি যোৱাৰ দৰে পৰি যাওঁ আমি ,
সপোন চুবলৈ পোৱাৰ আগতে।
তথাপি ও হাৰ নামানো পুনৰ চেইন তুলি
যাত্ৰা ন-ৰূপত।
জীৱনৰ চাইকেলখন!!
(৩)
আবেলি ওলাই আহিবা
এপাক পদূলিলৈ,
চাইকেলৰ টিলিঙাটো মই বজাই দিম দুবাৰ
তেতিয়াই তুমি গম পাই যাবা
আহিছোঁ বুলি মই।
এৰা! ৰুমালৰ মাজে মাজে ভালপোৱা কঢ়িয়াই
ফুৰা এটা সময়ত চাইকেলৰ টিলিঙা বজোৱা
শব্দও যে আছিল
ভালপোৱাৰ সংকেতধ্বনি।
প্ৰেমৰ চাইকেলখন!!
(৪)
সমনীয়াৰ সৈতে কিৰিলি পাৰি
একেলগে স্কুল যোৱাৰ সময়ত সাৰথি
আছিল যিখন চাইকেল,
অথচ হেৰাই গ'ল নেকি আজি সেই
চাইকেলখন,
বন্ধুত্বৰ চাইকেলখন!!
-নৱজ্যোতি কাশ্যপ,
দৰং জিলা।
দূৰভাষ নম্বৰ-৭০০২৬৬৮৫২৩
__________==________==__________==___________
🔘সুবাস!
উকা কাগজত হেঙুলীয়া ৰহণ সানি,
মন গহ্বৰত আকোঁ তোমাৰেই ছবি!
তমসাৰ প্ৰহেলিকাক ৰোমন্থন কৰি,
আগুৱাই যাওঁ জীৱনৰ হেঙুলীয়া বাটত..!
সূৰ্যদীপ্ত ৰ'দালিয়ে পোহৰাই তোলে,
সপোনৰে হেঙুলীয়া বাট!
জোনে বিয়পাই দিয়ে,
শান্তিৰ মধুৰ সুবাস!
হিম নহৈ তেজ হোৱাৰ বাটত
লগ পালোঁ অজস্ৰ মানুহ!
যি মানুহে, কৈ গ'ল
আকাশৰ কথা, নদীৰ কথা আৰু বেলিৰ কথা!
কোনোবাই কৈ গৈছে,জীৱনৰ ধুমুহাত
হেৰাই যোৱা আপোনজনৰ কথা!
দি গৈছে, আপোনজনৰ সৃষ্টিৰ অমিয়া সুবাসৰ বাৰ্তা
যি সুবাসত হয়তো বিয়পি আছিল কেৱল ভালপোৱা!
- প্ৰিয়ানুজ হাজৰিকা,
একাদশ শ্ৰেণী, প্ৰাগজ্যোতিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
__________==________==__________==___________
⚪️শৰৎ মানেনো কি?
আৰতি শৰ্মা।
বাইহাটা চাৰিআলি।
শৰৎ মানেনো কি?
পৰিৱৰ্তনৰ ঋতু নে আহ্বান,
নে সৌন্দৰ্য্যই সামৰি লোৱা প্ৰকৃতিৰ কেনভাছ।
শৰৎ মানেনো কি?
সৰি পৰা পাতৰ আউজি থকা অতিবাস্তৱ,
নে নষ্টালজিয়াৰ অনুভৱ ।
শৰৎ মানেনো কি?
সুৰুয'ৰ উষ্ণ চুম্বন নে সুগন্ধি ভৰা পৱন,
নে আচৰিত কৰি তোলা এক মৃদু আদৰ ।
শৰৎ মানেনো কি?
দুপৰীয়া গছৰ উৰি ফুৰা পাতৰ যাদুকৰী সময়,
নে শীতল আৰু ম্লান হৈ অহা পোহৰৰ উদয় ।
শৰৎ মানেনো কি?
ডাৱৰীয়া আকাশ নে আকাশৰ বুকুত আৱৰা সূৰ্য্য,
নে চন্দ্ৰ মহিমাত শস্য চপোৱাৰ কৃত কাৰ্য্য,
শৰৎ মানেনো কি?
পুৱাৰ কুঁৱলীত চৌপাশে মাটিৰ সুগন্ধি
নে শৰতৰ নীৰৱতাত নীলিমাৰ চকুপানী ।
শৰৎ মানেনো কি?
আকুলতাৰ সৌৰভ নে সমীৰ ,
নে হৃদয় আৰু প্ৰেমৰ অবৈধ সম্বন্ধ।
__________==________==__________==___________
⚫️মানৱ
কবি: ড°কেশৱ বৰা নগাঁও
ফোন নং ৯৮৫৪৪০৭৮০৪
মানৱ জীৱন গঢ়িবা
প্ৰেম এনাজৰীৰে
গাঁঠিবা প্ৰীতিৰে মালা
অচিনাকী জনক
আপোন কৰিবা
এয়ে জীৱনৰ খেলা।
যোৱাৰ পৰত
য'ত শুভাশীষ
হাঁহিছো তোমাৰেই বুলি
সচাঁ অৰ্থত তুমি মানৱ।।
__________==________==__________==___________
পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »
সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি
সহযাত্ৰী (তৃতীয় খণ্ড) ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...