Sunday, January 21, 2024

জীৱনৰ শুকান কুঁহিপাত:ৰাহুল চেতিয়া

 জীৱনৰ শুকান কুঁহিপাত




জীৱন জীৱন বৰ অনুপম।পোৱা-নোপোৱাৰ মাজেৰে পাৰ হৈ গৈ আছে সকলোৰে জীৱনটো।জীৱনত হয়তো কেতিয়াবা আপুনি বিপদত পৰিছে,  হয়তো কিছু সমস্যাৰ সন্মুখীন হব লগা হৈছে আৰু আপুনি সেই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিছে যদিও সমাধানসূত্ৰ উলিয়াব পৰা নাই।পৰিয়ালৰ মানুহ বোৰ,আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ পৰা সহায় বিচাৰিছে যদিও বিভিন্ন অজুহাত উলিয়াই লৈ আপোনাৰ কাষৰ পৰা আঁতৰি গৈছে, চিনাকি মানুহ বোৰৰ মুখ বোৰ যেন ক্ৰমান্বয়ে অচিনাকি হৈ পৰিছে।আপোনাৰ এইটো সময়ত হয়তো সাত জন্ম একে লগে থাকিম বুলি হোমৰ আগত শপত খাই বিবাহ-পাশত আৱদ্ধ হোৱা পত্নীও আপোনাৰ ওচৰত থিয় নিদিব পাৰে। হয়তো সেই মুহূৰ্তত আপোনাৰ মনলৈ হাজাৰ প্ৰশ্ন আৰু ভয় উদয় হব। আপোনাৰ বিশ্বাসী সকলোৱে যেতিয়া বিপদৰ সময়ত সংগ নিদিব তেতিয়া হয়তো আপুনি আপোনাৰ বিশ্বাসী মানুহ বোৰৰ বাবে আপুনি কিমান গুৰুত্বপূৰ্ণ বুজি উঠিব।কিন্তু সেইটো সময়ত আপোনাৰ হয়তো মনলৈ  এজন মানুহ আহিব যি জনে  আপোনাৰ এই সময়ত দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি আপোনাৰ জীৱনটোৰ সকলো মান-সন্মান,ধন-সম্পত্তি, সকলো নিমিষতে শেষ কৰিব পাৰে। কিন্তু আপোনাৰ এই অৱস্থা কথা জানিও তেওঁ আপোনাক একো নকৰিলে। বৰঞ্চ আপোনাৰ সমন্ধীয় আগত আপোনাৰ এই অৱস্থাৰ  কি কাৰণে হল কোৱা শুনিব।হয়তো আপুনি এইবোৰ শুনি আচৰিত হব, বিশ্বাস নকৰিব। কিন্তু জীবনে কেতিয়াবা এনে কিছুমান শিক্ষা দিয়ে যাৰ পৰা আপুনি উপলব্ধি কৰিব যে___" আজিৰ যুগত অবিশ্বাসী হাজাৰ বন্ধু-আত্মীয় থাকিলেও লাভ নাই যিয়ে নেকি বিপদৰ সময়ত অচিনাকি হৈ পৰে। এজন বিশ্বাসী শত্ৰু থকাটোৱেই ভাল যিয়ে নেকি আপুনি বিপদত পৰি নিসংগ হৈ থকা জানিও আপোনাক আক্ৰমণ কৰিবলৈ চেষ্টা নকৰে।।"

গতিকে সচাকৈ জীৱনটো বৰ বিচিত্ৰময়। জীৱনে কেতিয়াবা স্কুলৰ পাঠদানত নিশিকোঁৱা কিছু সংখ্যক শিক্ষা প্ৰদান কৰে কেনেকৈ জীৱনটো নিজৰ দ্বাৰা পৰিচালিত কৰিব পাৰি, কেনেকৈ জীৱনত আপোন মানুহ বোৰৰ আচল ছবিখন সকলোৰে মাজত উদঙাব পাৰিব।আহক সকলোৰে নিজৰ সাধ্য অনুসৰি জীৱনটো উপভোগ কৰোঁ।


ৰাহুল চেতিয়া,চিলাপথাৰ,৬০০৩০৯৮২৩৩


Monday, January 15, 2024

দ্বিতীয় বছৰ জানুৱাৰী মাহ ১-১৫ ২০২৪ সংখ্যা,

জোনাকী

           পষেকীয়া ই আলোচনী

দ্বিতীয় বছৰ জানুৱাৰী মাহ ১-১৫ ২০২৪ সংখ্যা

কবিতা সজাইছে:

দিপশিখা ( অভিমানী পিউ),ৰাহুল চেতিয়া,পৰিস্মৃতা দত্ত,বাহাৰুল ইছলাম,জোনালী ৰাভা,মাম্পী দাস (চান্দিনী),ধৰ্মীতা নাথ,প্ৰিয়ংকা চমুৱা,অনুপম শৰ্মা,সানিধ্য শইকীয়া,অনুপমা ৰাজখোৱা,জিতু মণি ঠাকুৰীয়া,বিপিন টায়ে,নাছিৰ আহমেদ,অজয়লক্ষ্মী কৈৱৰ্ত,দেইজী কাৰ্খ বৰদলৈ,নবীন চন্দ্ৰ মেধি ,এহিয়া আহমেদ,আছমা বেগম,কুঞ্জ মোহন কাকতি,জোনমণি ৰয়, হিয়া তালুকদাৰ,দৃলিনা দাস,সাদৰি শইকীয়া,শিল্পী দাস, ভূপেন্দ্ৰ চৌধুৰী,লখিমী শৰ্মা, প্ৰবীণ ৰাজবংশী,ৰাতুল চেতিয়া ফুকন, আয়নাল হক,আৰতি শৰ্মা,মিন্টু গোৱালা, নিৰ্মালি কাকতি, ডঃ কেশৱ বৰা, আমিৰ হুছেইন আহমেদ,মেঘালী বৰা,অজন্তা দত্ত বৰা,চুমিয়া আকতাৰ,সুমন দেৱ,গীতালি বৰা,অনন্ত কুমাৰ ভূঞা,শান্তা দাস।

আলোচনী খন পঢ়িবৰ বাবে তলৰ লিংকটোত ক্লিক কৰক👇https://drive.google.com/file/d/16h7peQIH8Kdm5-XPTmgoKsjfSTFefOux/view?usp=drivesdk

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...