Saturday, February 10, 2024

বিদায়

 ⛔️বিদায়

আহিছিলো এদিন তোমাৰ ছাওনিত  শিক্ষা ল'বলৈ
  যামগৈ এতিয়া জীৱনৰ চূড়ান্ত পৰীক্ষা দিবলৈ,
আজি দুটা বছৰ পাৰ হ'ল তোমাৰ কোলাত
মায়াবী যেন লাগে তোমাৰ ছায়াত। 
শিক্ষকসকল জাতিৰ স্ৰষ্টা
তেওঁলোকে আমাক  আগুৱাই লৈ যাবলৈ কৰি আছে চেষ্টা,
আজি যাবলৈ লাগিব তেওঁলোকক এৰি 
সেইবাবে মনে খাই আছে হাবাথুৰি।
আজি মনক বিষাদে ধৰিছে আগুৰি 
স্কুলত পঢ়ি থাকোতে আমাৰ ভূল হ'ব পাৰে,
সেইকাৰণে ক্ষমা বিচাৰিছো আমি সকলোৱে
বিদায় মাগিছো আজি আপোনালোকৰ পৰা
  দিয়ে যে বিদায় আশীর্বাদেৰে।।

নাম: অবিনাশ বৰা, শ্ৰেণী: দশম
, কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়,
  গাওঁ- চৰাই মাৰী ন-মাটি। জিলা:-গোলাঘাট।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...