Showing posts with label কুঞ্জ মোহন কাকতি. Show all posts
Showing posts with label কুঞ্জ মোহন কাকতি. Show all posts

Wednesday, April 05, 2023

মই প্ৰেমত পৰিছোঁ

 মই প্ৰেমত পৰিছোঁ        



         লগৰবোৰে কোৱা শুনিছোঁ! মই হেনো প্ৰেমত পৰিছোঁ। কাৰ বা প্ৰেমত পৰিলোঁ নাজানো?

      পিছে, মই বাৰু সঁচাকৈয়ে প্ৰেমত পৰিছোঁ নেকি?

    - হয়! মই প্ৰেমত পৰিছোঁ। প্ৰেমত পৰিছোঁ গল্প, কবিতা, নাটক আৰু যে কʼত কি? প্ৰেমত পৰিছোঁ কেৱল সাহিত্য পথাৰ খনত।সংগী বুলি কʼব লৈও কোনো নাই,নিসংগী বুলি কʼব লৈও কোনো নাই।

       হাতত কলম-বহী লৈ সদায়ে লিখি যাওঁ নতুন নতুন কবিতা, গল্প আৰু নাটক। কেতিয়াবা যদি সংগী প্ৰয়োজন কলমৰ পাকেৰে সংগী সন্ধান কৰোঁ। আজি কালি ডায়েৰী খনো টেবুলৰ এচুকত এনেই পৰি থকা নাই।দিনটোৰ ভাল-বেয়া সমষ্ট কথা লিপিৱদ্ধ কৰি ৰাখোঁ।

          প্ৰেম কৰিবলৈ স্ত্ৰী জানোঁ প্ৰয়োজন? প্ৰেম বাৰু এনেকৈয়ে হʼব নোৱাৰে নেকি? কেতিয়াবা যদি বিবাহিত পুৰুষ , কেতিয়াবা আকৌ অবিবাহিত পুৰুষ। কেতিয়াবা যদি কাৰোবাৰ দুৰ্দান্ত প্ৰেমিক, কেতিয়াবা আকৌ সংগী হেৰুৱাৰ বাবে পাগল প্ৰেমিক। কেতিয়াবা যদি বৃদ্ধ ককা, কেতিয়াবা দুখীয়া নীৰলা পঁজাৰ বাপেক। কেতিয়াবা আকৌ ডাক্তৰ, ইঞ্জিনিয়াৰ, মহাজন।

         চলি আছে এনেকৈয়ে মোৰ প্ৰেম। কেতিয়াবা হৰ্ষ, কেতিয়াবা বিষাদ। এইয়া জানো নহয় বাস্তৱ জীৱন। সমাজৰ প্ৰতিটো কোনেই লিপিবদ্ধ কৰিব বিচাৰোঁ।

       সেয়ে চাগে মোক আজিও লগৰ বোৰে কয় - 

          মই প্ৰেমত পৰিছোঁ।


                                  কুঞ্জ মোহন কাকতি।

                                     ৮০১১৭৯৭৮৪৪

Tuesday, January 10, 2023

নৱবৰ্ষ ২০২৩:কুঞ্জ মোহন কাকতি

 🔸নৱবৰ্ষ ২০২৩
 


      ২০২২,

             গʼল গৈ আৰু

     কোনো দিনে উভতি নহা বাটেৰে।

পোৱা-নোপোৱা দীঘলীয়া

     তালিকাখন বুকুত এৰি থৈ।।

পোৱা বোৰত কৈ নোপোৱা বোৰে

             আকাশ চুব।


   যোৱা বোৰক যাব দিছোঁ।

          নতুন অতিথিক আদৰিছোঁ

    আশা ভৰা মনটি লগত লৈ।।


      ভাৱিছো,

              এই বৰ্ষতে

    সপোনবোৰো দিঠক হʼব।

          দুখ গুচি সুখেৰে আগুৰি পৰিব।।

   অচিনাকি বোৰো চিনাকি হʼব,

         নতুন ঠিকনা বিচাৰি।

  শুভ হওঁক সকলোৰে,

          নৱবৰ্ষ ২০২৩


 ✍🏻লেখক :- কুঞ্জ মোহন কাকতি

        জিলা :- মৰিগাঁও (অসম)

Tuesday, January 03, 2023

কল্পনা

🔴কল্পনা


   আজি অলপ নিলাজ

                          হওঁ নেকি?

   মনৰ কথাবোৰ প্ৰকাশ

                          কৰোঁ নেকি?

   তুমি মোৰ হয় বুলি

                          কওঁ নেকি?

   মনৰ দুৱাৰ দলিত ৰাখিছোঁ 

                   তোমাৰে ফʼটো।

   উজাগৰি নিশা তোমাৰ

   কথাকে ভাৱি পাৰ কৰি

                                দিওঁ নেকি?

   ডায়েৰীৰ পৃষ্ঠাবোৰ পঢ়ি

                                  চাবা নেকি?

   তুমি যে মোৰ কল্পনা 

   আকাশৰ এটি জীয়া ছবি।


          ✍🏻 কুঞ্জ মোহন কাকতি

                 মৰিগাঁও (অসম)

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...