Showing posts with label বদৰুল হক. Show all posts
Showing posts with label বদৰুল হক. Show all posts

Tuesday, October 11, 2022

একপক্ষীয় ভালপোৱা:বদৰুল হক

একপক্ষীয় ভালপোৱা:

 একপক্ষীয় ভালপোৱাৰ অনুভূতি সচাকৈয়ে বহুত মধুৰ। নহয়নে ? একপক্ষীয় ভালপোৱা আটাইবোৰ ভালপোৱাতকৈ পবিত্ৰ আৰু নিকা বুলি কব পাৰি। একপক্ষীয় ভালপোৱাত যিমান উৎসাহ আশা অক্ষাংশা থাকে হয়তো কোনো ভালপোৱাত এনেকুৱা নাথাকে। একপক্ষীয় ভালপোৱাত এজনৰ প্ৰতি যিমান গুৰুত্ব আৰু মূল্য দিয়া হয় যদি ইয়াৰ ওপৰত পৰীক্ষা লোৱা হয়তেনেহলে A+ পোৱা যাব।  সচাকৈ একপক্ষীয় ভালপোৱা বোৰ সততা আৰু নিষ্ঠাৰে পালন কৰা হয়। যিসকলে একপক্ষীয় ভালপোৱা কৰি পাইছে তেওঁলোকে নিশ্চয় বুজি পায় ইয়াৰ অনুভূতি কিমান মধুৰ। তেওঁ তোমোলৈ নাচায় জানিও তেওঁলৈ কেৰাহিকৈ চোৱা, তেওঁ তোমাৰ লগত কথা নকয় জানিও তেওঁৰ লগত এবাৰ কথা কথা কোৱাৰ হাবিয়াস মনত ৰখা ইয়াৰ মাজত কিমান মৰম আৰু ভালপোৱা লুকাই থাকিব এবাৰ ভাৱি চাইছেনে? সপোন বোৰ কেতিয়াও দিঠকলৈ পৰিৱৰ্তন নহয় জানিও প্ৰতিদিন ৰাতি তেওঁক লৈ মধুৰ সপোন দেখা কিমান আচৰিত কথা নহয়নে? তেওঁ দিয়া ৱাটচএপ ষ্ঠেটাচ বোৰ তোমাৰ বাবে নহয় জানিও যেতিয়া বাৰে বাৰে ৱাটচএপ ষ্ঠেটাচ বোৰ চোৱা মনত বহুত শান্তি লাগে নহয়নে বাৰু । তেওঁৰ ফটো বাৰে বাৰে জোম কৰি যেতিয়া চোৱা তেতিয়া নিজক CID অফিচাৰ যেন লাগে। এনে লাগে যে হয়তো ফটো খনত কিবা সূংসুত্ৰ লুকাই আছে। মোবাইলৰ স্ক্ৰিনত ভাহি উঠা প্ৰতিটো নটিফিকেশ্বন যেন তেওঁৰ পৰা আহিছে এনে লাগে । নটিফিকেশ্বন দেখাৰ লগে লগে বুকু  দপ দপনীও বৃদ্ধি হবলৈ ধৰে। তেওঁৰ এষাৰ মাততে গোটেই দিনটোৰ শান্তি বিচাৰি পোৱা যায়। এটা কথাত কবলৈ গলে একপক্ষীয় প্ৰেম আটাইতকৈ বেছি পবিত্ৰ আৰু সত্য। যি ভালপোৱাত মাথো থাকে কেৱল মৰম আৰু মৰম। নাথাকে কোনো সন্দেহ, নাথাকে কোনো মিছা অভিযোগ।


বদৰুল হক
হোজাই, নগাওঁ

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...