তুমি, মই আৰু আমি:
------------------------------------
মাৰ্জিনা বেগম
বৰপেটা ।
হয় মই
নহয় তুমি
তৃতীয় ব্যক্তি বুলি কোনো নাই
তুমি, মই , আমি লৈয়ে পৃথিৱী ,
মই তোমাক ভাল পাওঁ
তুমি মোক ভালপোৱা
ভালপোৱাৰেই গঢ়া আমাৰ চৌপাশ ।
প্ৰেম অবিহনে জীৱন হাহাকাৰ
মৰুভূমিত মৰীচিকা,
দুৰ্ভিক্ষ,
উফ! ভালপোৱা নহ'লে জানো
জীয়াব পাৰে মানুহ ?
আকাশত জোন জ্বলি
কিয় হয় জোনাকী নিশা?
ঢৌ তুলি সুমুদ্ৰই কিয় কৰে গৰ্জন ?
কিয় ফুল ফুলে , কিয় উৰে
পাখিলাহী পখিলা পাহে পাহে !
কিয় বাৰু গুন গুণাই ফুলৰ কাণে কাণে ?
ফুলৰ বাগিছা! এয়াতো ফুলসজ্জা
অমৰ ভালপোৱাৰ ....
চাৰিওফালে মাথোঁ প্ৰেমৰ চিহ্ন ,
প্ৰেমেৰ পৰশত সৃষ্টি পৃথিৱীৰ
ঈশ্বৰ, প্ৰেমৰেই অন্য নাম
প্ৰেমিক কৰি পূজো তাক ।
প্ৰেমৰ ঈশ্বৰক মাতো "তুমি" বুলি
এয়াতো তুমিয়ে প্ৰিয়
তুমিও মাতিবা মোক "তুমি" ,
মই তুমি
তুমি মই
আমিয়েই ভালপোৱাৰ পৃথিবীত ,
সুন্দৰ এই ধৰনী মাথোঁ
তোমাৰ মোৰ আৰু আমাৰেই ।
No comments:
Post a Comment