Tuesday, October 04, 2022

নীলা ডাৱৰবোৰৰ তলত আজি অকলে মই :মিন্টু গোৱলা

নীলা ডাৱৰবোৰৰ তলত আজি অকলে মই :

দূৰ আকাশৰ শুকুলা ডাৱৰ বোৰে 

বৰকৈ মনত আমনি কৰে। 

বাৰে বাৰে আৱৰি ধৰে শুকুলা ডাৱৰ বোৰে, 

ডাৱৰবোৰে মোৰ কাণত কিবা কথা কয়  যায়, 

যেতিয়া অকলশৰীয়া হৈ নীলা ডাৱৰৰ 

তলত বহো । 

ডাৱৰবোৰে মোক বৰকৈ আপোন জনৰ কথা কৈ

মই নিস্তব্ধ হৈ মনে মনে চাই থাকো শুকুলা ডাৱৰক।

 আজি অকলশৰীয়া হৈ নিজান কোণত 

নিঃশব্দে চকুলো টুকু আপোন জনৰ স্মৃতিৰ ভাৱনাত ।

নীলা ডাৱৰবোৰৰ তলত আজি মই সচাঁকৈ অকলশৰীয়া হৈ আছোঁ ।

আজিও বাট চাই আছোঁহি আপোন জনক নীলা শুকুলা ডাৱৰৰ তলত বহি  ।


         মিন্টু গোৱলা লখিমপুৰ (কদম)

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...