Tuesday, October 04, 2022

শব্দ বিহীন কবিতা:ৰাহুল চেতিয়া

 শব্দ বিহীন কবিতা:ৰাহুল চেতিয়া


কবিতা!

কেনেকৈ লিখিম কবিতা!

কৰ পৰা আৰম্ভ কৰিম!

তাতে আকৌ মনত সাজ লগা

একোটা শব্দ বিহীন কবিতা!

তোমাৰ তেজাল ওঁঠৰ

গুলপীয়া পাতল লিপিষ্টিক

চকুৰ কাজল বোৰ

ডালিমগুটিয়া দাঁত বোৰ

নখৰ নিলপালিছ বোৰ  

ওঠৰ হাঁহিৰ নিজৰা বোৰ

এইবোৰেই দেখোন 

একো একোটা কবিতাৰ ছন্দ!

শব্দ বিহীন একোটা গদ্য

নাই কোনো ইয়াৰ পদ্য

সৱেহে কয় ইয়াক অবিভেদ্য....


✍️ৰাহুল চেতীয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...