Tuesday, October 25, 2022

এমুঠি অন্নৰ এটি সপোন:গৌতম মালাকাৰ

 :: এমুঠি অন্নৰ এটি সপোন ::

প্ৰতি নিশা সিঁহতে ৰচে সেই একেটা সপোন...

এমুঠি অন্নৰ সপোন!

পৰিচয় পত্ৰহীন, ধৰ্মবিহীন শিশুজাকে

নিতৌ পুৱা এঙামুৰি দি 

বস্তাখন পিঠিত পিন্ধি লয়,

সূৰুযৰ খোজৰ স'তে আগুৱাই 

সিহঁতৰ একমাত্ৰ সপোনটোৰ অন্বেষণ।

দুৰ্গন্ধময় জাবৰৰ দম, কদৰ্য নলা-নৰ্দমা, 

পৰিত্যক্ত সভাগৃহ, জয়াল শ্মশান ঘাট...

এইবোৰেই,  .....এইবোৰেই

ঠিকনাবিহীন শিশুজাকৰ সপোনৰ ঠিকনা!

আধাৰ কাৰ্ডবিহীন আধাৰৰ জাকটোৰ

কোনো নিয়ম নমনা উৰণীয়া মন...

'জন্মদিন' সিহঁতৰ বাবে জটিল সাথৰ,

ঈশ্বৰৰ প্ৰিয় কোনো শিশুই

সিহঁতৰ স'তে জন্মদিন উদযাপন কৰিলে

সিহঁতে নিশা দেখা সপোনটো সঁচা হয়,

সৰল হৃদয়বোৰত বাজি উঠে 

সেই আপুৰুগীয়া সমবেত কণ্ঠস্বৰ

হেপ্পী বাৰ্থ ডে টু ইউ...

হেপ্পী বাৰ্থ ডে টু ইউ...!


✍️ গৌতম মালাকাৰ

           কৰিমগঞ্জ

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...