Tuesday, October 25, 2022

আকাশৰ অপূৰ্ব ৰূপ:সমূজ্বল ডেকা

আকাশৰ অপূৰ্ব ৰূপ:

আকাশখন ইমান ধুনীয়া!

যেন চালে চকুৰুৱা...

ক'লা ডাৱৰে আঁৱৰিলে

মোৰ হৃদয়ৰ আকাশত

মন হৈ পৰে নিঠৰুৱা...

টোপ-টোপ কৈ ধৰণীত পৰিল

অযুত বৰষুণৰ ধল,

হেঁপাহৰ বৰষুণ আহিলে

শৰীৰত আহি যায় বল।

আকাশ, তুমি হোৱা মোৰ

সেউজীয়া ধৰাখনিত আনন্দৰ সূৰ্য্য,

আৰু দিয়া তুমি মোক

ক'লা ডাৱৰ আতৰাই ঐশ্বৰ্য্য।


                      ✍️ সমূজ্জ্বল ডেকা, ৰঙিয়া

                                 নিজ বড়িগোগ 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...