Thursday, October 13, 2022

নাৰী:সমুজ্জ্বল ডেকা

নাৰী:সমুজ্জ্বল ডেকা

নাৰী নহয় মাথোন দুটি বৰ্ণ,
নাৰী হয় সৃষ্টি আৰু ধ্বংসৰ আদি-অন্ত।
সোঁত বৈছে গংগা-যমুনা,
নাৰীয়ে আনিছে মানৱ জন্মৰ সুষমা।
সীতাৰ বাবে দেহাৱসান ঘটিল ৰাৱণ,
সকলো মানৱে সন্মান
কৰিব লাগে নাৰীক যাৱজ্জীৱন।
চহৰত চলিছে দামী গাড়ী,
নাৰীয়ে পিন্ধিছে দামী শাৰী।
ওলাই আহিছে এতিয়াৰ নাৰী,
কৰ্মসংস্থাপনত ভৰিছে এতিয়াৰ নাৰী...
আনক নিৰ্ভৰ নকৰি ধন ঘটি...
নিজ অধিকাৰ সাব্যস্ত কৰি।
কিন্তু, তাৰ মাজতো বিৰাজ কৰে 
সংস্কাৰ বিৰোধি নাৰী,
চলা উচিত জীৱনত 
সংস্কাৰী হৈ সকলো নাৰী।
নিজ স্বামীৰ বাবে সতী জয়মতীয়ে 
সাজু আছিল জীৱন দানৰ,
আজিৰ সময়তো সকলো নাৰীৰে আদৰ্শ 
হ'ব লাগে কনকলতাৰ।
প্ৰয়োজনত দুৰ্গা ৰূপ ধৰি।
মানৱ ৰূপী দানৱক বধ কৰি॥

কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...