Tuesday, October 04, 2022

বেলুন ল'ব বেলুন:পল্লৱ ৰয়

 #অণুগল্প

বেলুন ল'ব বেলুন:

পূজা মানেই সাতোৰঙী বেলুন আৰু সুস্বাদু জিলাপীৰ সন্ধানত থকা শিশুকেইটাৰ মিচিকি হাঁহি। কাৰোবাৰ মন কাঢ়িছে ৰঙ বিলোৱা ৰঙা-নীলা বেলুনে, তেন্তে কাৰোবাৰ পুতলা, বন্দুকে। 

               কিন্তু, কনমানি ইমন আজি বেলুন, পুতলা বিচাৰি অহা নাই,তাৰ আলসুৱা হাততে আছে নানাৰঙী বেলুন। তাৰ সন্ধান মাথোঁ এজন গ্ৰাহকৰ।


         পল্লৱ ৰয়,গহপুৰ, বিশ্বনাথ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...