Tuesday, November 22, 2022

লাচিত বৰফুকন:বাহাৰুল ইছলাম

 লাচিত বৰফুকন

আজিকোপতি ভাঁহি উঠে সেই ঝংকাৰ

কৰ্ণ স্পৰ্শ হয় ঘোঁৰাৰ চি়ঞৰ

নৌকাৰ চলাচল

বৈৰীও বিস্মিত হয়

একতাৰ বন্ধন দেখি

এশ এবাৰ ভাবে

অসমীয়া নৰ-নাৰীৰ কি যে পণ! 

নৰিয়া দেহাত যে কত বল! 


লাচিত- নামেই যাৰ পৰিচয়

স্পষ্টবাদী, সত্যবাদী, কৰ্তব্যপৰায়ণতা

নাই শংকা, নাই পৰাজয়

কপি উঠে বৈৰী

প্ৰতিটো খোজত, প্ৰতিটো বচনত 

সহ্য নকৰে দেশৰ গ্লানি

বৈৰীৰ দৰ্প

চূৰ্ণ-বিচূৰ্ণ কৰে ক্ষণিকতে। 


নীলাভ আকাশত বিজয়ধ্বজা উৰুৱাই

যায় আগুৱাই মৰণকো নেওচি 

বাধাৰ প্ৰাচীৰ ভাঙি

বলীয়ান হস্তত অস্ত্ৰ দাঙি

হস্কিলে-মস্কিলে মাথোঁ দেশ-দহৰ স্থান

সচকিত হয় দেশৰ বৈৰী

কৰে প্ৰশংসা ঘনে ঘনে। 


লাচিত বৰফুকন-

জাতীয় জীৱনৰ হিয়াৰ আমঠু

অসমীয়াৰ প্ৰেৰণা, হৃদয়ৰ স্পন্দন

স্বাভিমান চিৰদিনৰ। 



বাহাৰুল ইছলাম (শিক্ষক) 

বালিজান, মৰিগাঁও

ম'বাইল-9101130649

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...