Tuesday, November 29, 2022

আকাশ চুই উৰিবৰ মন:মাৰ্জিনা বেগম

 আকাশ চুই উৰিবৰ মন 



এই যে আকাশ চুবৰ দুৰ্বাৰ বাসনা জাগে 

  সচাঁকৈ আকাশ জানো চুব পৰা যায়?

এই যে চৰাই হৈ উৰিব মন  দূৰ দূৰণিত 

  উৰিব পৰাকৈ আছে জানো সহজ উপায়  ?

এয়া যে সকলো মিছা মৰীচিকা  

তুমি জনা মইও জানো,

 নেদেখি নুবুজি মোহৰ জালত পৰি 

হৃদয়ত জ্বলাই  জুই 

চগা হৈ মৰো পুৰি ।

আকাশ চুবৰ বাসনা,

উৰি যোৱাৰ আশা 

সপোনতে জাগি উঠে

সপোনতে সমাধি পাতে ,

আকাশ যে চুব পৰা নাযায় 

উৰিব পৰা  নাযায় দূৰ দূৰণিত 

সকলো জানি আজি  

মই নিশ্চুপ পথৰ পথিক  ।


           ✍️ মাৰ্জিনা বেগম 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...