Tuesday, February 28, 2023

প্ৰকৃত বন্ধু:আশ্বিকুৰ ৰহমান শিকদাৰ।

 প্ৰকৃত বন্ধু

বন্ধু মানেই শ্বাসত অনুভৱ,

সহানুভূতি আৰু বিশ্বাসৰ সমাহাৰ।

বন্ধু মানেই সমব্যথী,

 চিৰদিন কাষত থকাৰ অঙ্গীকাৰ।

বন্ধু মানেই মনৰ মৰুভূমিত,

শীতল কৰা হঠাৎ বৃষ্টিপাত।

প্ৰকৃত বন্ধুৱে হাজাৰ দুখতো,

নেৰে কেতিয়াও বন্ধুৰ হাত।

বন্ধু মানেই সদায় কাষত পোৱা,

বন্ধু মানেই সুখ-দুখ প্ৰেৰণ হোৱা।

বন্ধুত্ব সুস্বাদু খাদ্যৰ দৰে,

য'ত প্ৰয়োজনীয় পুষ্টিয়ে ভৰা।

সেইজন খুবেই ভাগ্যহীন,

যিজন পৃথিৱীত বন্ধুহীন।


     ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।

                            জুৰীয়া, নগাঁও (অসম)

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...