Wednesday, March 22, 2023

বিশ্বৰ ৰাজনীতি।

 🔴বিশ্বৰ ৰাজনীতি।


বিশ্বৰ ৰাজনীতি

         আজি উন্মাদ

যুদ্ধৰ ধোঁৱাৰে আবৰে,

  মানৱতাক ভৰিৰে মুহাৰি কোনে

      বিশ্ব গুৰু হ'ব পাৰে।


সাধাৰণ মানুহৰ

   সৰু সৰু সপোনত

      আগ্ৰাসী মনোভাৱ নাই,

সমিলমিলেৰে

    জীয়াই থাকিবলে

        সিহঁতে মাথোঁ ভাল পায়।

আজি চিঞৰি চিঞৰি

    ক'লোৱে যেনিবা

কোনে বাৰু কান পাতি শুনে,

ত্ৰাসৰ পৃথিৱীত

  বাসৰ চিন্তাই আজি

    ঘনে ঘনে বুকুখন দহে।

       ******

ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...