🟦 মুখা
উৰিস্মা নাথ, গৰুখুটি (দৰং)
তুমি পাৰিলে সদায় এনেদৰেই হাঁহি থাকিবাচোন কৃতিকা। তোমাৰ হাঁহিটো যে দেখিবলৈ খুউব ধুনীয়া। তুমি হাঁহিলে যেন মুকুতা মণি সৰে। মুগ্ধতাৰে তাইৰ ফালে একেথৰে চাই ক'লে অনুৰাগে।
হঠাৎ গহীন হৈ পৰিল কৃতিকা।পিছে অনুৰাগক তাই কয় কেনেকৈ তাইৰ সেই হাঁহি থকা মুখখনিৰ আঁৰত যে অন্য এখন নতুন মুখ লুকাই আছে, যাক তাই আনক কেতিয়াও দেখুৱাব নোখোজে। সেই পানীকেঁচুৱা অৱস্থাতে দেউতাকে দ্বিতীয় বিবাহ কৰাই আতঁৰি যোৱাৰ পাছত একমাত্ৰ মাকে তাইক কেনেকৈ ইমান কষ্টৰে ডাঙৰ-দীঘল কৰি আজিৰ অৱস্থাত উপনীত কৰাইছে তাইতকৈ ভালকৈ হয়তো আন কোনেও বুজিব নোৱাৰে।"
🟥১৫ আগষ্ট
সবিতা বেগম
বৰপেটা ।
কোনো কোনো সংসাৰত সুখ নিলিখেই নিয়তি, কেইদিনমান আগতে ৰিয়া ফেচবুক প্ৰেমিকৰ লগত লগ কৰিবলৈ যায় আৰু পাষণ্ড ভুৱা প্ৰেমিকে প্ৰেমৰ প্ৰমাণ বিচাৰি ধাবাত নি দুই বন্ধুৱে মিলি ধৰ্ষণ কৰে... কথাটো লাজে ভয়ে লুকাই যদিও শেষত গৰ্ভৱতী হোৱাত ... নিৰুপায় হৈ শেষত আত্মহত্যা কৰে।
আজি ১৫ আগষ্ট ৰিয়াৰ মাক অংকণবাড়ী কৰ্মী, পুৱা ছয়টাত কেন্দ্ৰত উপস্থিত, ভালে ভালেই হ'ল পতাকা উত্তোলন...ডাঙৰ ল'ৰা টাউনৰ স্কুল এটাত কাম কৰে, মাকে শুনিবলৈ পালে তাত হেনো বোমা দিব। অভাগিনী ল'ৰাক বচাবলৈ দৈৰি গৈ পোৱাৰ লগে লগেই বোমা বিস্ফোৰণত বহুত মানুহৰ লগতে মাক-পুতেকৰ মৃত্যু হ'ল।
স্বামী আৰু শাশুয়েক হেৰুৱাই বিধ্বস্ত মালতী , জন্মৰ আগতেই পিতৃ হীন আঠমহীয়া গৰ্ভৰ সন্তান। এক্সিডেণ্টত ভৰি হেৰুৱা আতুৰ শশুৰেকক লৈ এতিয়া কি কৰিব মালতী।
🟪ভোকাতুৰ
মেঘালী বৰা
গুৱাহাটী, হেঙেৰাবাৰী ।
তিনিদিনীয়া লঘোণীয়া পেটত বতাহত উৰি অহা আলুভাজিৰ গোন্ধটো পাই সেউতীৰ ভোকটো ওপৰলৈ উজাই অহাত মাকলৈ উদাস মনেৰে চালে । এয়া খা । কি মা ?... পানী ।
___________________________________________
⬛মানুহ
আয়নাল হক , ধুবুৰী
নিঃসন্তান দম্পতী শইকীয়া-শইকীয়ানীয়ে টকাৰ বাহিৰে কোনো দিনে এটা সন্তান তুলি লোৱাৰ কথা নাভাবিলে।
শইকীয়ানীৰ শ্ৰাদ্ধ কালি হৈ যোৱাৰ পিছতে শইকীয়া একেবাৰেই অকলশৰীয়া হৈ পৰিল। তেওঁ এতিয়াহে অনুভৱ কৰিছে টকাতকৈ মানুহৰ প্ৰয়োজনীয়তা যে কিমান বেছি ---!
=============================
⬛বানপানী
সবিতা বেগম
বৰপেটা।
পানী কমিলেই Assam police জিৎ আহি ঘৈনীয়েক আৰু পুতেক জয় দুয়োকে কোৱাটাৰত লৈ যাব। এইবাৰ জয়ক দিল্লী পাব্লিক স্কুলত নাম ভৰ্তি কৰাই দিব। আইতাকৰ অতি মৰমৰ জয় ডাঙৰ হ'ল, নবেম্বৰত নাতিয়েক জন্ম দিনৰ পাৰ্টি ঘৰত পাতিব বুলি এতিয়াই ছুটিৰ আবেদন কৰাৰ কথা কৈ আছে পুতেকক। ঘৰখনৰ সপোনৰ বাগিচা জয়। জিৎ বাৰে বাৰে ফোন কৰি বানপানীৰ খবৰ লয় কাৰণ পানী ভয়ংকৰ ৰূপত বাঢ়ি গৈ আছে। সেয়ে বাৰে বাৰে সতৰ্ক কৰে জয়ক দেখি ৰাখিবলৈ।
চিৰদিনৰ বাবে আন্ধাৰ নামি আহিল ভাগ্যত । হঠাৎ হুৱাদুৱা লাগিল ঘৰখন জুৰি , বিচাৰি নাপায় আশাৰ চাকি জয়ক। দুই তিনি ঘণ্টা হৈ গ'ল কতো নাপায় , হঠাৎ বৰালি মাছ এটাৰ দৰে ভাঁহি থকা দেখিবলৈ পালে ককায়েকে লগে লগে দৌৰি গৈ দেখিবলৈ পালে ইতিহাসৰ অন্ত , জয় আৰু ইহজগতত নাই ...।
🟫বেটি বচাওঁ ,বেটি পঢ়াওঁ
ৰাহুল চেতিয়া,চিলাপথাৰ
ৰাজে অন্য দিনা দৰে সন্ধিয়া হাত-মুখ ধুই অলপ দেশৰ খবৰ পঢ়োঁ বুলি টেবুলৰ ওপৰত থকা দৈনন্দিন বাতৰি কাকত খন তুলি প্ৰথম পৃষ্ঠাৰ শিৰোনামাত চকু ফুৰাব লওঁতে চুবুৰীয়া অৰুণৰ ঘৰত হুলস্থুলীয়া পৰিৱেশ শুনি বাতৰি কাকত খন টেবুলতে এৰি সিহঁতৰ ঘৰলৈ বুলি দৌৰ দিলে।
চুবুৰীয়া অৰুণৰ তিনিজনী কন্যা সন্তান আছে।তাৰে সৰু জনী যোৱা কালি স্বাভাৱিক অৱস্থাত জন্ম হৈছে।ৰাজে অৰুণ ঘৰত গৈ দেখিলে যে অৰুণে সৰু ছোৱালী জনীক গাখীৰে ভর্তি ষ্টীলৰ চচপেন এটাৰ আগত ৰাখি আকাশলৈ চাই নেদেখা জনক উদ্দেশ্যি-"হে ভগৱান, তাইক উভতাই লোৱা, অহা বাৰ লৰা হৈ জন্ম দিবা বুলি কৈ ডুবাই মাৰিব ধৰিছে। ৰাজে কোনোমতে দৌৰি কণমানি জনীক থাপ মাৰি তাৰ হাতৰ পৰা কাঢ়ি নি অৰুণক উদ্দেশ্যি গালি পাৰি কলে-"ঐ পাগল, তই ছোৱালী জন্ম হল বুলি ডুবাই মাৰিব বিচাৰিছ যে ! সৰুতে যদি তোৰ মাৰক এনেকৈ বাপেকে মাৰি পেলোৱা হলে তই এই পৃথিৱীলৈ নাহিলি হয়।নাৰী নহলে সৃষ্টিৰ পাতনি নেমেলিব।একবিংশ শতিকাৰ মানুহ হৈ এনে নিকৃষ্ট মানসিকতা লৈ জীয়াই থাকিলে নহব।এজনী কন্যা সন্তান এখন ঘৰৰ লক্ষ্মী। ইহঁত এদিন এখন ঘৰৰ মাতৃ হব। মাতৃ হল ঘৰ খনৰ শিক্ষাৰ মূল কঠীয়া তলী।কন্যা সন্তানৰ সফলতাৰ কথা সদায় চিন্তা কৰা উচিত যাতে সময়মতে সময়ৰ কাম কৰি যাব পাৰে ৷ৰাজে অৰুণ ঘৰত উপস্থিত থকা ওচৰ চুবুৰীয়াক উদ্দেশ্যি কলে- ''আহক আমি সকলোৱে মিলি কন্যা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলো । সকলোয়ে মিলি বেটি বচাওঁ ,বেটি পঢ়াওঁ ।''
নিৰ্বাচিত কবিৰ কবিতা শিতান
⬛️আন্ধাৰত নাঙঠ হ'ব পাৰি
আন্ধাৰত নাঙঠ হ'ব পাৰি
খুলি থব পাৰি সকলো আভৰণ অথবা মূখা
কাৰণ আন্ধাৰত ছাঁ টোও নাথাকে লগত ।
কাৰোবাৰ বাবে আন্ধাৰ পোছাক ও হ'ব পাৰে
আন্ধাৰৰ পোছাক পিন্ধা জন
পোহৰত ভদ্ৰ ।
এতিয়া একুৰা জুই লাগে
আন্ধাৰ পুৰিবলে
এজাক পোহৰ লাগে
আন্ধাৰত নাঙঠ হ'ব খোজা
মানুহ বোৰক পোচাক পিন্ধাবলে
কোনে দিব মোক
একুৰা জুই আৰু এজাক পোহৰ ।
******
ৰাতুল চেতিয়া ফুকন।
চৰাইদেউ।
---------------------------
⬜️কবি মনৰ কল্পনা
তুমি কবিতা পঢ়ি ভালপোৱা নে ?
কবিয়ে কবিতাৰ মাজত
নিজস্ব ছবি আঁকে
ঠিক দাপোন চোৱাৰ দৰে ,
কবিৰ কবিতাত দেখিবলৈ পাবা
সিহঁতৰ চকু-মুখৰ প্ৰতিবিম্ব,
চকুৰ প্ৰতিটো পলক
আৰু দেখিবলৈ পাবা
মনত গোট মৰা অব্যক্ত কথাৰ জাল
যি কেতিয়াও কাকো কোৱা হোৱা নাই।
কিছু কবিতাই বাস্তৱৰ ছবি আঁকি
তুলি ধৰে যিদৰে চকুৰ সন্মুখত ,
ঠিক তেনেকুৱাই কিছু কবিতা
অদ্ভূত কাল্পনিক হয়
যি ডায়েৰীত কলম বুলাই
খিৰিকীৰে হাত মেলি মেঘ চুই চায় ,
দূৰ আকাশত উৰি যোৱা পখীৰ দৰে
ডেউকা মেলি উৰে দূৰ দিগন্তলে' ।
বাহিৰত যেতিয়া গ্ৰীষ্মৰ দাৱানল
তেতিয়া তুমি দেখিবলৈ পাবা
প্ৰিয়জনৰ সৈতে আহ্লাদত গলি যোৱা
চাইবেৰিয়াৰ কোনো এক মৰু প্ৰান্তত,
অথবা শীতৰ কোনো এটি ৰাতিপুৱা
বাহিৰত জাক জাক বৰষুণ
দুৱাৰ মুখত থিয় হৈ হেৰাই গৈছে
প্ৰকৃতিৰ কোনো অজান ঠিকনাত,
আন এদিন হাতত ছাতি লৈ
অপেক্ষা কৰি থকা মনৰ মানুহজনৰ সৈতে
হাত ধৰি আগুৱাই গৈছে বহু দূৰ ........
যেতিয়া কবিতাটো শেষ হ'ব
সন্মুখত দেখিবলৈ পাবা
এখন পুৰণি ডায়েৰী অথবা কিতাপ
য'ত জিলিকি আছে কিছু লেখা
যাৰ মাজত তুমি ইমান সময় ডুবি আছিলা.......
ইফালে তোমাৰ মৰমৰ মাকজনী
মাতি মাতি কেতিয়াবাই চুপ হৈ গৈছে !!
--মাৰ্জিনা বেগম
বৰপেটা
==========================
⬛️মোৰ দেশ
আৰতি শৰ্মা
(বাই হাটা চাৰিআলি)
এয়া হৃদয় নহয়, ই এক শিল, য'ত দেশৰ প্ৰতি কোনো প্ৰেম নাই ।
সেই জীৱনত এনে কোনো পদাৰ্থ নাই ,
যিয়ে জীৱিত উৎসাহ জাগ্ৰত কৰিব নোৱাৰিলে ।
যি জনে পৃথিৱীৰ সৈতে খোজ কাঢ়িব নোৱাৰিলে,
তেওঁৰ এখন পৃথিৱী নাই।
যিজনে সাহস ত্যাগ কৰে
তেওঁ পাৰ হ'ব নোৱাৰিব। যিজনক সংৰক্ষণ কৰা হোৱা নাই তেওঁক ৰক্ষা কৰা নহ'ব।
যি আৱেগেৰে ভৰি নাথাকে, য'ত ৰস নাথাকে।
এয়া হৃদয় নহয়, ই এক শিল ,
য'ত দেশৰ প্ৰতি কোনো প্ৰেম নাই।
যাৰ মাটিত শস্য আৰু পানী পোৱা গৈছিল।
আমি আমাৰ পিতৃ-মাতৃৰ ভাতৃ
যাৰ ৰজা আৰু ৰাণী।
যিজনে ধন খিনি খুলিছে, তেওঁ নৱৰত্ন লাচানী দিছে। যাৰ ওপৰত আনকি জ্ঞানীলোকৰ মৃত্যু হয়,
যাৰ ওপৰত পৃথিৱীখন উন্মাদ হৈ পৰে।
ইয়াত ঘাম নাই ,
কি আছে ?
ই ভূমিৰ ওজন নহয়।
এয়া হৃদয় নহয়, ই এক শিল য'ত দেশৰ প্ৰতি কোনো প্ৰেম নাই।
নিশ্চিতভাৱে, অৱশ্যে,
এদিন আপুনি যাব।
চাকিটো সদায় জ্বলি থাকে, দেৱতা'সকলক জ্বলাই দিব লাগিব।
এয়া লাজৰ বিষয় !
শত্ৰু - চকু দেখুৱাবলৈ আহক। মাৰ্ডুমীৰ বাবে লাজ, মানুহজনৰ বাবে লাজ।
সকলোবোৰ আপোনাৰ হাতত আছে ।
কামান নহয়, তৰোৱাল নহয় ; এয়া হৃদয় নহয়, ই এক শিল। য'ত দেশৰ প্ৰতি কোনো প্ৰেম নাই।
----------+--------
🟪নিশাৰ গভীৰ
মিন্টু গোৱলা, লখিমপুৰ কদম
নিশা বোৰ যিমান গভীৰ হয়
সিমানেই বুকুৰ মৰম গভীৰ
হৈ বুকুৰ মাজত খুন্দিয়াই যায় ।
বুকুৰ মৰম বিলোৱা জন
যদি ওচৰত নাথাকে ।
মৰম বোৰ বিলাম বুলি ভাৱিলেও
জানো বিলাৱ পাৰি ?
বুকুৰ গভীৰ মৰম সাঁচিছো
মোৰ বুকুৰ মাজত
আপোন জন লৈ ,
নিশাৰ গভীৰত ।
🟪স্বাধীনতাৰ আত্মকথা
স্বাধীনতা মানে নিষ্পাপ শিশুৰ হাঁহি
জীৱনবোধৰ আত্মকথা,
সোনালী সুদিনৰ বিশ্বাসৰ গান
জীৱনৰ মান ।
প্ৰগতিৰ পতাকাত
আলোড়িত হয় স্বপ্নৰ কথা ।
স্বাধীনতা মানেই কষ্টৰ ফচল
জীৱনবোধৰ আত্ম উপলব্ধি,
ত্যাগৰ বৰ্ণিল ইতিহাস ।
শিৰাই শিৰাই বয় দেশ-প্ৰেমৰ
আকুণ্ঠ আৱেগ
য'ত প্ৰাণৱন্ত হয় একত্ৰিত সত্তা
য'ত এটা এটা প্ৰতিশ্ৰুতিয়ে
কঢ়িয়াই আনে অখণ্ডিত হৃদয়ৰ কথা
আমি ভাৰতীয়
ত্যাগেৰে ,প্ৰেমেৰে
আমি অনন্য ।
এয়াই স্বাধীনতা
জগাই দিয়ে মানৱতা
সহৃদয়ৰ ভাষা
অহিংসাৰ নীতি কথা
প্ৰতিজন ভাৰতীয়ৰ আত্মকথা
স্বাধীনতা মানেই বিশালতাৰ মহোৎসৱ
উৎযাপিত হৈ থাকে হৃদয়ে হৃদয়ে
আমি ভাৰতীয় ।
স্বাধীনতা মানে নিজকে অৰ্পণ কৰা
এটি দৰ্শন
ত্যাগক মুখৰিত কৰি
বিশ্বত আমি অনন্য ।
ড০ ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা
9101809942
🟪নাৰী
অনন্ত কুমাৰ ভূঞা
তুমি নাৰী নগৰবধু আম্ৰপালী
শান্ত সৌম্য গজগামীনি গৃহ নন্দিনী
তুমি স্ৰোতস্বীনি প্ৰবাহিত এখনি নদী
আবেগ মিশ্ৰিত বন্দনাৰ তেজশ্ৰী ৰাগিণী
তুমি ৰাজতিলক পিন্ধা বীৰাংগনা
সৃষ্টিৰ কামনা বিভুষীতাৰে অলংকিতা
আলসুৱা মৰম আকলুৱা স্নিগ্ধতা
বিমৰ্ষ হৰ্ষ বিষাদিনী মোহময়ী হাস্যময়ী
কুকিল কণ্ঠি প্ৰজ্ঞা সুন্দৰী সন্মোহিতা নাৰী
চন্দ্ৰমুখী যোগমায়া অশ্ৰু নয়না ৰূপাংকিতা।
=============================
🟪এটি অসংলগ্ন কবিতা....
নিৰৱপ্ৰিয়া( দৃলীনা দাস),তিনিচুকীয়া (ছৈখোৱা)
সিদিনা বৰষুণ হৈ নামিছিল মোৰ প্রেমবোৰ
ভাৱৰ হৈ উৰি গ'ল তোমাৰ অভিমানবোৰ .........
শেষত তুমিও গুচি গ'লা
মোৰ প্ৰেমৰ বৰষুণ জাকে.
তোমাৰ শুষ্ক হৃদয় জীপাল কৰিব নোৱাৰিলে
যুগান্তৰৰ তেজাল পুৱাত তোমাৰ স্মৃতিয়ে মোক কন্দুৱাই
কুঁৱলীৰ মায়াজাল ফালি ওলাই অহা তোমাৰ মুখনিত
নিজকে মই হেৰুৱাই দিব বিচাৰোঁ।
মই বিচাৰোঁ তোমাৰ দুচকুৰ গভীৰতাত বুৰ যাওক
মোৰ ভালপোৱাৰ সাতোৰঙী ৰামধেনুখন
মোৰ বুকুতো গঢ় লওক শাওন মাহৰ এখন সেউজীয়া পথাৰ
নয়ন জুৰোৱা.... তুলনাবিহীন ......৷ .
🟪যুদ্ধ নিবিচাৰোঁ
হাইছ উদ্দিন আহমেদ
পূব কুটায়নী, মধ্যশিয়ালমাৰী, নগাঁও
দূৰভাষ: ৯৬৭৮১০৫৪৫১
আজিও দেশে দেশে ভোগী আছে শত্ৰুতাত
ক্ৰন্দনৰ চিঞৰ উৰে শূন্যতাত।
হৃদয়ত ওপঙা মানৱতাৰ দুখ,
চৌদিশে লাওখোলাৰ ভীৰ শ্ৰমিকৰ অসুখ।
জাতি অজাতি সকলোৰেই দোষ,
নিৰপেক্ষ অসহায় বন্ধ মুখ।
ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সক্ষম মানৱতাৰ বলি,
বোমা, বাৰুদৰ ধোঁৱাৰ গোন্ধ পুৱা গধূলি।
যুদ্ধ নিবিচাৰোঁ বুলি ক'লেই জানো
যুদ্ধ নহয়,
ভোকাতুৰ চাৰিওফালে বিয়পি এতিয়া খাবলৈ নোপোৱা হয়।
এটা দেশে আন দেশক মাৰি শান্তি লৈছে,
জয়ৰ শ্লোগানেৰে বিজয়ৰ ঢোল বজাইছে।
মজলীয়া মানৱৰ কান্দোন কোনে শুনিছে!
আত্মীয়ক হেৰুৱাই আত্মাত্যাগ কৰিছে।
এতিয়া যুদ্ধ নিবিচাৰোঁ আৰু কেতিয়াও,
হাঁহি মিলাপ্ৰীতিৰে পুৱাৰ সূৰুয দেখা পাওঁ।
সেই সেউজীয়া পৃথিৱী ক'ত দেখা পাওঁ,
য'ত শান্তি আৰু সুৰক্ষাৰ ব্যৱস্থা দেখা নাপাওঁ।
যুদ্ধই নোৱাৰে আনিব কোনো সমস্যাৰ সমাধান,
যুদ্ধ হ'বই য'ত থাকে হিংসাৰ প্ৰলেপ সানিব,
নাই কোনো উপায়,নাই কোনো প্ৰমাণ।
মানৱতাৰ মাজত ষড়যন্ত্ৰৰ চক্ৰ হয়
বুজা বুজি নথকাৰ বাবেই যুদ্ধ হয়।
যুদ্ধত মৃত্যু হোৱা মাতৃহাৰা শিশুৰ কান্দোন কোনে শুনিছে,
ঘৰ-বাৰী নোহোৱা শিশুৰ দুখ কোনে অনুভৱ কৰিছে।
মানুহেই মানুহক মাৰি শেষ কৰিছে,
মানুহ মানুহৰ বাবে হৈ থকা নাই
বাট পথত তেজৰ টোপাল টোপ-টোপাইছে।
দেশৰ ভৱিষ্যৎ অসহায় শিশু অনাই-বনাই ঘূৰিছে,
কাৰোবাৰ সপোন আকাশ চুইছে,
কাৰোবাৰ সপোন মাটিত পোট খাইছে।
🟪বীৰ জোৱান
শান্তা দাস
লংকা, হোজাই, অসম।
হে বীৰ জোৱান,
তুমি অদম্য সাহসৰ এক নাম।
শত্ৰুৰ হৃদয়ত জ্বলি উঠা,
তুমি এক জ্বলন্ত লাভা।
তোমাৰ বীৰত্বৰ গাঁথা,
আমি দেশবাসীয়ে শুনিছোঁ শহস্রবাৰ।
যদি হয় এবাৰ সৌভাগ্য,
জনাম প্রনাম তোমালৈ বাৰবাৰ।
তুমি +50 ডিগ্ৰী চেলচিয়াচত,
ৰাজস্থানৰ মৰুত দিয়া নিজ উপস্থিতৰ প্রমান।
চিয়াচিনৰ গ্লেচিয়াৰত তুমি হোৱা,
শত্রু নাশক একো একোজন ৰণ বাকুৰ।
হে বীৰ জোৱান তোমাৰ বীৰত্বৰ গাঁথা,
কৈ কেতিয়াওঁ শেষ কৰিব নোৱাৰোঁ।
পিতৃ-মাতৃ,পত্নী-সন্তান ,ভাই- বন্ধু,
তেওঁলোকৰ পৰা দূৰত থাকিও তুমি দেখোৱা,
বীৰ-পৰাক্রমৰ এক কাহিনী বিশেষ।
ভাৰতৰ মাতাৰ ৰক্ষাৰ্থে তুমি,
তেজৰ প্ৰতিটো কণিকা উৎসৰ্গা কৰি দিয়া।
মৃত্যুও যাক দেখিলে ভয় কৰে,
তুমি সেই মহান দেশৰ বীৰ জোৱান।
তোমাৰ অদম্য সাহসৰ আগত,
আমি নিচেই সৰু।
তোমাৰ পৰাক্রমৰ সমকক্ষ হোৱাৰ ক্ষমতা,
হয়তো আমাৰ কাহানিও নজন্মে।
হে পুণ্য আত্মা,
নব্য দেশৰ বীৰ জোৱান।
তোমাৰ বীৰত্বক জনাওঁ মই,
শত-শত নমনঃ
______________________
🟪জোনাক
জেফলিন চুলতানা (নগাঁও )
আবেগবোৰ ঢালি দিব পৰাকৈ
দুচকুৰ ভাষা বুজিব পৰাকৈ
জোনাকী পৰুৱাৰ তিৰবিৰ পোহৰত
আপোনাৰ হাতত হাত দুখন থৈ
পাতিব খোজোঁ মনৰ বহুতো কথা
কিন্তু আপুনি জানোঁ বুজি পাব ......!!
মোৰ আবেগবোৰ ..........!!
আপুনি জানোঁ হ'ব পাৰিব .......!!
জোনাক নিশাৰ এটি সভা.......!!
য'ত মোৰ যিমান মন বক্তৃতা দিম
আৰু সভাপতিত্ব কৰিব আপুনি ।
নিশাৰ মনোৰম এই দৃশ্যবোৰ দেখি
জোনাক নামি আহিব আমাৰ জীৱনলৈ
আকাশৰ তৰা বিলাকেও
আমাৰ সভাক সম্ভাষণ জনাব
কিমান যে ভাল লগা হ'ব সেই সময়খিনি ....!!
হিয়া উজাৰি মৰমবোৰ বৈ আহিব আপোনালৈ
হৃদয়েও দাবী জনাব
এটি সুখৰ অট্টালিকা সজাবলৈ
আপোনাৰ সতে চিৰদিন থাকিবলৈ
সেই জোনাক নিশাক সাক্ষী কৰি
হ'ব জানো আপুনি মোৰ সংগী ????
🟪তুমি আৰু মই
শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)
সপোনতো তুমি আৰু মই
ভালপোৱাৰ সাগৰত উৰি আছোঁ,
ইয়াৰ অবিহনে একো নেদেখো।
বৰ ভালপাওঁ বুলি ক'লেও
আজি হ'ব চাগে মোৰ ভুল,
তুমিয়েই মোৰ মনেপ্ৰাণে হৃদয়ৰ সপোন।
এৰিব নোৱাৰিম কেতিয়াও তোমাক,
মৰি যাম তোমাক এৰিলে
এই মায়াৱী পৃথিৱীৰ বুকুত।
বৰ ভালপাওঁ তোমাক
তুমি মাথোঁ মোৰ,
মোৰ অবিহনে কাৰো নহয়।
ভালপোৱা আছে বুলি
খং,অভিমানবোৰ তোমাৰ বাবে
হৃদয়খনত সাঁচি আছে।
তোমাৰ আৰু মোৰ এখন হৃদয়
সেয়ে নাযাবা তুমি কেতিয়াও,
নাযাওঁ মইও তোমাক এৰি এই জীৱনৰ বাবে।
ভালপোৱাক সাক্ষী কৰি,
এদিন দুয়ো মিলি যাম
সম্পৰ্কৰে সুখৰ সাগৰত।
****************************
🟦অভ্যুত্থান হ'ব নতুন সভ্যতা
আয়নাল হক,ধুবুৰী
সাম্প্ৰদায়িকতা--
ধৰ্মীয় অসহিষ্ণুতা
জীৱিকাৰ বাটত অন্তৰায় হোৱাটো
সমীচিন জানো কোৱা ?
এনে বিভেদকামী চিন্তাৰ পৰিণতিতে
চাৰিওদিশত কেৱল
হিংসা আৰু প্ৰতিহিংসাৰ জুই।
তেজৰ সোঁত বৈছে ঘনে ঘনে।
মানুহবোৰ যন্ত্ৰ হ'ল
অনুকম্পা আৰু আন্তৰিকতাবিহীন অনুভৱে
গ্ৰাস কৰিছে মানৱ সমাজ
কেৱল ভেদাভেদ---!
মৰম,দয়া,ক্ষমাৰ অভাৱত
য'তে ত'তে মাথোঁ সংঘাত
নৃশংস আচৰণৰ বলি হৈছে দুৰ্বলীজন ,
কিয় পাহৰি গৈছে মানুহে
তেজৰ ৰং যে সকলোৰে ৰঙা।
হয়তো এনেদৰেই শেষ হ'ব
এই সভ্যতা !
অভ্যুত্থান হ'ব নতুন সভ্যতা
অভ্যুত্থান হ'ব নতুন সভ্যতা...।
✴️✴️✴️✴️✴️✴️✴️✴️
🟩অহংকাৰ
দেইজী কাৰ্খ বৰদলৈ
অহংকাৰ বেছি।
বহুত অহংকাৰ।
কিন্তু,,
কিয় ইমান অহংকাৰ??
কিহৰ কাৰণে অহংকাৰ??
টকা পইছাৰ কাৰণে অহংকাৰ।।
সা সম্পত্তিৰ কাৰণে অহংকাৰ।।
সেইটো আচলতে ভুল ধাৰণা।।।
টকা পইচা সা সম্পত্তি কোনেও
মৰাৰ সময়ত লগত লৈ যাব নোৱাৰে।।।
কেইটামান দিনৰ কাৰণে
ইমান অহংকাৰ কৰি লাভ নাই।
মানুহৰ জীৱনটো ক্ষন্তেকীয়া।।।
আজি আছে।।
হয়তো কাইলে নাই।।
গতিকে দুদিনমানৰ কাৰণে
ইমান অহংকাৰ কৰাৰ দৰকাৰ নাই।।
🟨মা-
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
ম'বাইল- 9101130649
মা-
সৰগৰ এটি শব্দ
য'ত আছে জীৱনৰ মাদকতা
সৃষ্টিৰ কাৰেংত ৰঙীন আবিৰ সানি
সৃষ্টিৰ শ্ৰেষ্ঠ উপহাৰ
নদন-বদন পুষ্প কাননত শীতল এচাটি মাত
যি মাতে কঢ়িয়াই
আশা আৰু সপোন
জীৱনৰ অমৃত আৰু শান্তি।
হৃদয়ক দগ্ধ কৰি চিৰকাল কৰিলে পক্ষপাতী
আপোন চাহিদাক বন্দকীত থৈ
প'লে প'লে কৰিলা ত্যাগ
হৰ্ষময় কৰাৰ আপ্রাণ প্ৰয়াস
বিষাদৰ সহস্র নৈ বৈ গৈছে
হৃদয়ৰ মণিকোঠাত
তৎস্বত্বেও পক্ষপাতিত্ব কেৱল মাথোঁ
সন্তানৰ হকে।
হক-বিহক নুবুজিল
নুবুজিলে শ্ৰম-পৰিশ্ৰম
কষ্টৰ সাগৰকো নেওচি বাৰে বাৰে ৰ'ল চাই
সন্তানৰ মুখখনি।
এগাল মিছা কথা কৈ গৈছে বাৰে বাৰে
নাখায়ো খোৱাৰ অভিনয়
নিপিন্ধিও পিন্ধাৰ ভাও লোৱা
কেতিয়াবা যদি ধাত্রী
আন কেতিয়াবা চিকিৎসক
শিকাইছে অনেক কিছু
গুৰুৰ ভূমিকা পালন কৰি।
মা-
এটি অবাধ চিনাকি নাম
যি সঁচাকৈয়ে কোমল আৰু নিকা
হৃদয়ত গভীৰ ঝংকাৰৰ সৃষ্টি কৰে
নিৰ্মল হয় কপটতা
স্বচ্ছ হয় কলুষিত আত্মা।
মা-
ককবকাই থকা বিষাদৰ সাগৰত নিগৰা এটি শব্দ
যাৰ হৃদয়ত আছে সাগৰ সম মৰম
গগণ সম দয়া
ওৰেটো জীৱন উচৰ্গা কৰিব খোজে
কেৱল সন্তানৰ পক্ষে।
মা-
এটি বচন
য'ত আছে আৰ্শীবাদৰ খনি, ৰোগৰ দৰৱ
যাৰ পৰশত প্ৰাণ পাই উঠে জগত
শীতল কোলাত আছে পৰম মায়া,গভীৰ স্নেহ।
মা-
জগতৰ এটি বিস্ময়কৰ মাত
যি শব্দ আৰু অৰ্থৰ সাৰ্থক বচন
বিনন্দীয়া জগতৰ সৰ্বশ্ৰেষ্ঠ সম্পদ
যাৰ মৌসনা মিঠা মাতে
হ্ৰাস কৰে যন্ত্রণা, লাঘৱ কৰে চকুলো।
মা-
এটি অসাধাৰণ নাম
যি উচ্চাৰিত হয় আপোনা-আপুনি
স্বাধীন আৰু মুক্ত
প্ৰভাৱিত কৰে
জীৱনৰ পাতনি কিম্বা অন্তিম বেলালৈ।
মা-
এটি বন্ধন
যি নহয় অন্ত কদাপি
সৰ্বদা কামনা কৰে বিকাশ
আৰ্শীবাদ কৰে জী থকালৈ
আনকি বৃদ্ধাশ্রমত থাকিও।
"""""""""""""""""""""""""""""""""""""""""""""""
🟧ভাৱত বিভোৰ মোৰ কবি মন
ভাৱত বিভোৰ মোৰ মন
যেতিয়া হয় অনুভূতি প্ৰবণ ?
তেতিয়াই হাতত তুলি লওঁ কলম
কি লিখিম অনুভববোৰ হয় পলাতক
যিফালে ঘূৰাওঁ চকু দেখোঁ-ফুটুকাৰ ফেন
ভাবনা চিন্তা হতাহত সঙ্কটজনক
বিস্মৃতিৰ প্ৰহাৰত স্মৃতিৰ জখম
সৃষ্টিৰ বৃষ্টি স্তব্ধ-ছন্দ হয়গৈ আবৰ্জনা
কবিৰ ঠিকনা হ'ব নে সৃষ্টিশীল ৰচনা ?
কীটানুযুক্ত সাহিত্যৰ বীজাণুনাশক মলম !
বুভূক্ষাত মই শব্দ সিজাই খাওঁ
শব্দৰ চলাথ অৰ্থত থতমত অবিদিত
বাক্য অলঙ্কাৰৰ কঙাল থমকি নৰওঁ
তথাপি হাৰ নামানি কলম চলাই যাওঁ
শব্দ মালাৰে কৰোঁ শুকুলা পৃষ্ঠা সজ্জিত !
কবিতা হয় যদি হওক,নহয় যদি নাই
ৰসপান গৰল নে অমৃত পাঠকে দিব ৰায়
কবিতাই সংস্কাৰ কৰে নে সমাজ ?
বৌদ্ধিক বিকাশৰ ৰেঙনি কিছু দস্তাবেজ
মানৱৰ কল্যাণত ব্ৰতি হওক বা নহওক
কবিতাই ভেদাভেদৰ বেহু ভঙা ফলক !!
_______________________________
আমিৰ হুছেইন আহমেদ |
🟥 এয়াই নেকি মানৱতা ?
চিন্ময় নাথ , চকিহালী , মানিকপুৰ , ( বঙাইগাঁও ) ।
হেৰৌ বাটৰুৱা ককাইদেউ ,
চাওকছোঁন সৌ বৃদ্ধ মানুহজনক
কেনেকৈ পথৰ কাষত ফটা কাপোৰ পিন্ধি শুই আছে ।
কাৰোঁ আজি সুধিৱলৈ সময় নাই ,
কিয় আছে এনেকৈ , কি হৈছে ?
কেৱল আমি টকাৰ পিছত দৈৰি আছোঁ ।
এয়াই নেকি আমাৰ মানৱতা ?
আকৌ চাওকছোঁন সৌ বৃদ্ধা মানুহগৰাকীয়ে
কেনেকৈ ভিক্ষা মাগি আছে ।
কোনে দিছে তেওঁক , তথাপি পেটৰ ভোগত মাগি আছে ।
আমি ইমানেই নিষ্ঠুৰ নে আজি ,
এয়াই নেকি আমাৰ মানৱতা ?
⬜ভাল লাগে কেতিয়াবা
কুকী মহন্ত