Showing posts with label বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাত:প্ৰিয়ম ৰাগিণী. Show all posts
Showing posts with label বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাত:প্ৰিয়ম ৰাগিণী. Show all posts

Tuesday, August 22, 2023

বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাত:প্ৰিয়ম ৰাগিণী

বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাত


প্ৰিয়ম ৰাগিণী

ডিব্ৰুগড়

"বৰ্ষা ঋতু ভাল পাওঁ মই

প্ৰতিশ্ৰুতি আছে তাত

সেউজী ৰহণ মাথোঁ সিয়ে সানে

শুকান গছৰ ডাল"

 

     পংকিলময় সময়খিনিক কিন্তু আচলতে আমি ভাল পাব নালাগে যেনহে বোধ হয়।কিন্তু আমি তথাপিও যে বৰ্ষা ঋতুক ভাল পাওঁ।ব'হাগৰ শেষত প্ৰকৃতি জগতলৈ বৰ্ষা আহে ।জিৰ জিৰ বৰষুণভৰা এই বৰ্ষা।বৰ্ষা মানেই যেন মায়াৰে ভৰা সময় এখিনি।শুকান গছৰ ডাল তিয়াই সেউজী ৰহণ পাতত সানি বৰ্ষাই দিয়ে প্ৰতিশ্ৰুতি।ফাগুন আৰু চ'ত মাহত শুষ্কতাই কোবাই যোৱা গছ লতিকাত ব'হাগৰ আৰম্ভণিৰপৰাই ক্ৰমে সেউজ হ'বলৈ ধৰে।এই সেউজীয়াখিনিৰ হাতত ধৰি বৰ্ষা আহে খূপি খূপি।এডেও দুডেওকৈ হাতত সাৰে ভৰিত সাৰে সোমাই আহে বৰ্ষা লাজুক লাজুককৈ যেন এই প্ৰকৃতিজগতলৈ।বৰ্ষা এক মিঠা শিহৰণ জগোৱা সময়।কব নোৱাৰাকৈয়ে এই শিহৰণ অনুভৱ কৰে মানুহে।বৰ্ষা সন্মোহিত সময়।বৰ্ষাৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা এক বিষয়।বৰ্ষা বৰ্ণনৰ কথা আমাৰ শ্ৰীমন্ত শংকৰদেৱেও নিটোল ভাষাত বৰ্ণনা কৰি গৈছে সেয়া আমাৰ সকলোৰে জ্ঞাত।কবি গীতিকাৰ সকলে বৰ্ষা ঋতুক লৈ কবিতা, গীত ৰচে।মানুহৰ বুকুত বৰ্ষাই হিল্লোল জগায়।সেয়েহে হয়তো স্বত:স্ফূতভাৱে নিগৰে শব্দৰ বন্যা। কবি গীতিকাৰৰ বুকুৱে বুকুৱে বৰ্ষা বহি লয়।সেয়ে কবিয়ে হয়তো স্বত:স্ফূতভাৱে সোধে 

প্ৰেম প্ৰণয়িনীক

   "বাৰিষাৰ ৰাতি তোমাৰ কবিক      মনত পৰেনে অৰুন্ধতী

    সেমেকা পোহৰে পাহৰাই দিয়া

তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ

মনত পৰেনে অৰুন্ধতী?"


      বাৰিষা মানেই শাওনৰ আগমন।শাওন মাহ মানেই আকৌ শিৱৰ আৰাধনাৰ মাহ।কোনোবা মন্দিৰত বাজি উঠা ডবা কাঁহৰ মাত অথবা টিলিঙা বজাই ধূপ নৈবেদ্যৰে উপচাই দিয়া পবিত্ৰতাৰ  এক অনামী আকৰ্ষণ ।মন পবিত্ৰতাৰে উপচি পৰা সময়।শাওনৰ মাজতে চহা কৃষকে বিচাৰি লয় জীৱনৰ প্ৰাচুৰ্যতা।শাওনৰ বুকুত ভৰ দি আঘোনে অপেক্ষা কৰি থাকে।বৰ্ষাৰ মৃদু মাদলত ভেকুলীবোৰে টোৰটোৰাই।নিৰ্মল আকাশখন হৈ পৰে চালে চকুৰোৱা।বগাৰ মাজত নীলাবোৰ উৰি ফুৰে।স্পৰ্শ কৰিবৰ মন যোৱা আকুলতাৰে মানুহ ব্যাকুল হৈ পৰে।খিৰিকি কাষত বহি হেঁপাহ পলুৱাই বৰ্ষাৰ নান্দনিকতাক উপভোগ কৰিব খোজোঁ আমি।চিপচিপীয়া ,জেপজেপীয়া, মুষলধাৰ, টোপ টোপ,কলহৰ কাণে ঢলা যি নামেই নিদিওঁ কিয় সেই আকাশৰপৰা সৰি পৰা বৰষুণজাকৰ নাম, বৰ্ষাসময়ৰ  সেই বৰষুণৰ লয়লাস ভংগিমাই মানুহৰ মনত জগায় তোলে অনামী শিহৰণ।সেউজ প্ৰকৃতিৰ শোভাই মানুহৰ বুকুলৈ কঢ়িয়াই আনে সম্ভাবনীয়তা।প্ৰকৃতি জগতৰ অপুৰ্ব সৃষ্টি কৃষ্ণচুড়া,ৰাধাচুড়া,সোণাৰুৱে মানৱ মনৰ বুকু কৰি তোলে প্ৰাণৱন্ত ,স্নেহময়।বৰষুণ সৰা সময়ে সৃষ্টিৰ কঠীয়া সিঁচি প্ৰকৃতি কৰি তোলে শস্যসম্ভৱা।কৃষকে অপেক্ষা কৰে এই বৰ্ষাৰ প্ৰতিশ্ৰুতিবোৰলৈ।সচাঁকৈ।সচাঁকৈ প্ৰতিশ্ৰুতি আছে বৰ্ষা  তোমাৰ তাত।সোণ হালধীয়া হৈ পৰে প্ৰতিজন মানুহৰ বুকু।ডাউকবোৰ ঘূৰি ফুৰে মনৰ হেঁপাহ আনন্দৰে।শৰালিবোৰ জাকপাতি উৰে।বৰ্ষা যে সিহঁতৰো প্ৰিয়।পুখুৰী, জলাশয়ত পদুম, ভেটবোৰে পাহ মেলে উভৈনদী পানীৰ বুকু ফালি ফালি।।বৰ্ষা কৃষকৰ সেউজ সপোন।গৰুহাল সাজু কৰি নাঙল-যুৱলীক সেৱা জনাই ককালত টঙালি বান্ধি চহা কৃষকে এই সময়তে সপোন দেখে।সেই সপোন পংকিলতাত গুজি আঘোন নামৰ মাহলৈ অপেক্ষা কৰে।কিমান হেঁপাহ!কিমান প্ৰাচুৰ্তাৰ আশাৰে বৰ্ষাৰ বুকুত শস্য গুজি কৃষকে হাঁহিব খোজে। কষ্টৰ মাজতে ই এক ভাল লগা সময়ৰ ছবি।ফলমূল ,শাক পাচলিৰ পৰা সকলোফালেই যেন উভৈনদী।সেয়েহে বৰ্ষা ঋতুক সকলোৱে ভাল পায়।বোকাময় পৰিবেশ হলেও যে ই লৈ আহে প্ৰতিশ্ৰুতি মানুহৰ পৰা মানুহলৈ।হৃদয়ৰপৰা হৃদয়লৈ।বুকুৰপৰা বুকুলৈ।

     বৰ্ষা প্ৰতিবছৰে আহে।ই প্ৰকৃতিগত সময়।এই বৰ্ষাক আমি কৰ্মৰ মাজেদি কেৱল উপভোগ কৰিব লাগে।সময়ৰ সন্মোহনী শক্তিবোৰে মানুহক আচন্ন কৰি ৰখাটোৱে এক চিৰাচৰিত নিয়ম।আমি কেৱল কৰ্মৰ মাজেৰে তাক উপলব্ধি কৰি জীৱনক জীৱন কৰি তুলিব লাগে।

     ""এয়াতো নহয় অহাৰ সময়

     এয়াতো নহয় অহাৰ সময়

     অ বৰষা কিয় আহিলি?

      ……………………

     কিয়নো বজালি তই

    মেঘৰ মাদল

    কিয়নো চাইছ লৈ সুৰীয়া    কাজল।

       তথাপিও বৰষা আহিব।প্ৰতিশ্ৰুতি লৈ……


সমাপ্ত

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...