Showing posts with label অভিজ্ঞান গোস্বামী. Show all posts
Showing posts with label অভিজ্ঞান গোস্বামী. Show all posts

Tuesday, October 25, 2022

সময়: অভিজ্ঞান গোস্বামী

সময়:

অন্তহীন দৰে গৈ আছে সময় ;

অতীত বোৰ সামৰি অস্তিত্ব বোৰ লৈ ।

আৰু আছে কিছুমান স্বপ্ন ;

আৰু আছে কিছুমান দুখ ।

কেৱল এই জীৱনৰ দৌৰত দৌৰিছো ;

সপোন বোৰৰ ডেউকা মেলিছো ।

নাজানো ক'ত অন্ত হব এই দৌৰ ;

নাজানো নাজানো ধুলিকণা মই কৰ !

মনত পেলাইছো সেই মাৰ কোলা ;

আৰু সৰু কালৰ দুষ্টামি বোৰ ।

মানুহ বোৰৰ ব্যস্ততা বোৰত হেৰাই গৈছে

 মোৰ সময়;

হেৰাই গৈছে অস্তিত্বৰ সমল বোৰ ।

আৰু মই নিজৰ লগতে অচিনাকী হৈ পৰিছো ........

নাজানো মই কোন আৰু তুমি কোন ? 

✍️ অভিজ্ঞান গোস্বামী

 উত্তৰ লক্ষীমপুৰ, খগা

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...