Showing posts with label কণমানি নাথ. Show all posts
Showing posts with label কণমানি নাথ. Show all posts

Friday, January 27, 2023

সফলতাৰ মাপকাঠি:কণমানি নাথ

 🔴সফলতাৰ মাপকাঠি

                 


পৃথিৱীৰ প্ৰত্যেক জন ব্যক্তিয়ে সফলতাৰ পিছত দৌৰি থাকে বা আমি সকলোৱে সফল ব্যক্তিত্ব ৰূপত প্ৰতিষ্ঠিত হোৱাৰ অযুত হেঁপাহ বুকুত বান্ধি নিজৰ কৰণীয় কামবোৰ কৰি যাওঁ। আমি সফল হোৱাৰ কাৰণে দৈনন্দিন কাৰ্য সমূহ সুন্দৰভাৱে দিন ৰাতি একাকাৰ কৰি যাওঁ যদিওঁ কেতিয়াবা সফলতাৰ পৰা বঞ্চিত হবলগীয়া হয়। ইয়াৰ কাৰণ হয়তো আমি আমাৰ কাৰ্য সমূহ সঠিক সময়ত সঠিক ধৰণেৰে ৰূপায়ন কৰিব পৰা নাই বা পৰিকল্পনা অবিহনে কৰি আছোঁ। সেয়েহে সেই কামৰ বিষয়ে অধিক অধ্যয়ন বা আনৰ সহায় লোৱাৰ খুবেই প্ৰয়োজন থাকে।

মানুহৰ জীৱনত সফলতা বিফলতা থাকেই। সফলতা অৰ্জন কৰা সহজ নহয় যদিওঁ কোনোৱে অলপ কাম কৰিও সফলতাৰ শীৰ্ষত প্ৰতিষ্ঠিত হ'ব পাৰিছে বা তাৰ উদাহৰণ দেখিবলৈ পাইছোঁ আৰু কোনোৱে অধিক কাম বা অৰ্থ প্ৰয়োগ কৰিও সফলতা হ'ব পৰা নাই! কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি অধিক কাম বা অৰ্থ প্ৰয়োগ কৰি বিফল হৈছো। ধনাত্মক দিশত চোৱা হয় তেতিয়া তুমিও সফল হৈছা। কাৰণ অধিক কাম বা অৰ্থ প্ৰয়োগ কৰি যিখিনি পাইছা তাতে সফলতা সোমাই আছে। যদি অধিক কাম নকৰিলে হেঁতেন তেতিয়া আৰু বহু পৰিমাণে ক্ষতি হ'ল হয়।

সদায় ধনাত্মক দিশত মনোনিয়োগ কৰা উচিত। তুমি এবাৰ বিফল হলেই পিছহুহুকি অহাৰ পৰিৱৰ্তে আৰু অধিক চিন্তা চৰ্চাৰ মাজেৰে নতুন পৰিকল্পনাৰে আগবাঢ়ি যোৱা উচিত কিয়নো ইয়াৰ পৰিৱৰ্তে তুমি যদি নিজকে দুৰ্বলহৈ বিপথে পৰিচলিত হোৱা তেতিয়া সমাজৰ এচামে সমালোচনা কৰি তোমাক বিভ্ৰান্তি কৰি তুলিব। গতিকে তুমি তোমাৰ দুৰ্বলতা নেদেখুৱাই নতুন চিন্তাৰ বৰ্হি প্ৰকাশ ঘটাই আগবাঢ়ি যোৱা দিশত অধিক মনোযোগ দিয়া উচিত।

             পৃথিৱীৰ কোনো এজন ব্যক্তি নিজে নিজৰ কাৰণে ১০০% সফল হোৱা বুলি ক'ব নোৱাৰে। সফল ব্যক্তি এজনৰ অন্তৰালত কোনো বিশেষ ব্যক্তিৰ অৰিহণা থাকেই হয়তো সেই অচিন বিশেষ ব্যক্তিৰ কথা আমি অনুমান কৰিব নোৱাৰিব পাৰোঁ। কিন্তু এদিন হলেও সেই বিশেষ ব্যক্তি গৰাকীৰ নাম যেনেকৈ হলেও আওতালৈ আহিবই। সদায় আমাৰ ধাৰণা এনে হ'ব লাগে যে, কোনো এটা দিশত অধিক জ্ঞান বা অভিজ্ঞতা নাই! যদিও তোমাৰ সেই দিশটো জনাৰ খুবেই প্ৰয়োজন কিন্তু তুমি সেই বিষয়ে নজনা তেতিয়া তুমি মনে মনে বহি থকাতকৈ কোনো ব্যক্তিক সেই বিষয়ে সুধি জানিবলৈ আগ্ৰহ দেখুওৱা উচিত। তুমি ভাবিব নালাগে যে মই সেই কথা খিনি শিকিব বিচাৰি নিজৰ মৰ্য্যদা কমি যাব গতিকে মই নুসুধো!

যদি তুমি সৰু হৈ শিকাৰ ফলত তোমাৰ গোটেই জীৱন সুখ, শান্তি, সমৃদ্ধিৰ লগতে অধিক চহকী হৈ সফল হ'ব পৰা তেতিয়া তেনে হেজাৰ বাৰ সৰু হোৱাৰ ক্ষেত্ৰত কোনো বাধা থাকিব নালাগে।

            মানুহৰ জীৱনটো বুজাব নোৱাৰা এক প্ৰক্ৰিয়া। কৰ্ম, ধৰ্ম আৰু ভাগ্যক বিশ্বাস কৰি আমি মানৱ জাতি চলি আছো। আমি কোনেও নাজানো কাৰ জীৱনত কি লিখা আছে। আমি আমাৰ দৈনন্দিন কাৰ্য সমূহ সুন্দৰভাৱে কৰি গলে জীৱন সৰ্বাংগীন সুন্দৰ ৰূপত প্ৰতিষ্ঠিত হ'ব পাৰে বুলি বিশ্বাস আছে বা আমি বৰ্তমান চলি আছো। সকলোৱে নিজৰ কৰণীয় কাম বোৰ কৰি যায়। কেতিয়াবা সমান শিক্ষিত হলেও কোনোৱে চৰকাৰী উচ্চ পদস্থ বিষয়া আৰু কোনোৱে সাধাৰণ কৰ্মচাৰী ৰূপত প্ৰতিষ্ঠিত হ'ব পাৰে। উচ্চ পদস্থ বিষয়া গৰাকীৰ ভাগ্য ভাল গতিকে উচ্চ পদস্থ বিষয়া ৰূপত প্ৰতিষ্ঠিত হ'ব পাৰিছে আৰু সাধাৰণ কৰ্মচাৰী গৰাকীৰ ভাগ্য বেয়া বাবে সাধাৰণ কৰ্মচাৰী ৰূপত প্ৰতিষ্ঠিত হ'ব পাৰিছে। কিন্তু যিগৰাকী উচ্চ পদস্থ ৰূপত প্ৰতিষ্ঠিত হৈছে সেইগৰাকী কিন্তু সাধাৰণ কৰ্মচাৰী গৰাকীতকৈ অভিজ্ঞতাৰ তুলনাত নিচেই কম।

             গতিকে আমি ভাগ্যক বিশ্বাস কৰিবই লাগিব। গতিকে তুমিয়ো নিজকে কেতিয়াও অভিজ্ঞতা নাই বুলি হতাশাত ভুগি থকাতকৈ নিজৰ কৰণীয় কামবোৰ সুচাৰুৰূপে কৰি গলে নিশ্চয় এদিন সফলতাই নিজে নিজে আহি ধৰা দিব লাগিব মাথোঁ আত্মবিশ্বাস তেতিয়া কোনো শত্ৰুৱে তোমাক কোনো অপকাৰ কৰিব নোৱাৰে বুলি ক'ব পাৰি। 



✍️কনমনি নাথ (বাক্সা)

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...