Showing posts with label দেবর্ষি গৌতম. Show all posts
Showing posts with label দেবর্ষি গৌতম. Show all posts

Tuesday, October 25, 2022

কবিতা:দেবর্ষি গৌতম

              কবিতা

মনত বহুত কথা নিহিত হৈ আছিল
আৰু মনত বহুত কথা চিন্তা কৰি
 হাতত কলম তুলি লৈছিলোঁ 
 কবিতা এটা লিখিম বুলি
মোৰ কবিতা পঢ়ি মানুহে
 মোক বহুত সমালোচনা কৰিছিল 
কবি বুলি ভাবি লৈ
আজি মই সাহিত্য জগতত একেবাৰে ক্লান্ত
মোৰ কলম  একেবাৰে ক্ষান্ত
মোৰ সম্যক জ্ঞানৰ পৰিধিৰ পৰা
মৰ্গত পৰি ৰোৱা মৃতদেহ নিচিনাকৈ
মোৰ লিখাবোৰো আজি পৰি ৰৈছে
একেবাৰে পৰিত্যক্ত হৈ
ধূলি আৰু বালিৰে টেবুলৰ ওপৰত
পেশা নহয় নিচাৰ বাবে লিখিবলৈ আৰম্ভ কৰা
মোৰ লিখনিৰ ভাণ্ডাৰ আজি
একেবাৰে শূণ্য হৈ গৈছে
শব্দৰ অভাৱে আজি মোক
সাহিত্যৰ পৃথিবীৰ পৰা
বহু দূৰলৈ ঠেলি পঠিয়াইছে। 


                        দেবর্ষি গৌতম
                      Ⓜ️৬৯১৩৯ ৩০৮২৯

Tuesday, October 11, 2022

বৃষ্টি:দেবর্ষি গৌতম

বৃষ্টি:

বৃষ্টি হৈ নামিব তুমি মোৰ জীৱনলৈ,
ৰাতিৰ আন্ধাৰৰ নিৰ্জনতা নেওচি। 
তিতিম মই আপোন পাহৰা হৈ
তুমি মোৰ ওচৰত নাথাকিলেও
মই অনুভৱ কৰিম তোমাৰ মিঠা আলিংগন। 
বৃষ্টি হৈ সদায় ৰাতি আহিবা তুমি,
মোৰ ৰাতিৰ উজাগৰী নিশাৰ সপোনত। 
মেলি থকাৰ চকুৰ সন্মুখত মই তোমাক সাবটিম
সুৰ অবিহনে মই গাবলৈ চেষ্টা কৰিম তোমাৰ বাবে
আৰু তোমাক মই শুনাম নিজানৰ গান।

বৃষ্টি হৈ নামিবা তুমি,
মোৰ জীৱনৰ নিসংগতা আঁতৰাবলৈ
ধুই লৈ যাবা তুমি মোৰ জীৱনৰ সকলো দুখ আৰু যন্ত্ৰণা
নুমুৱাই দিবা মোৰ মনৰ ভিতৰত জ্বলি থকা বিষাদৰ জুইকুৰা
মসৃণ কৰি দিবা মোৰ জীৱনৰ কাঁইটীয়া গতিপথ। 
                     দেবর্ষি গৌতম
                    📞৬৯১৩৯ ৩০৮২৯

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...