Tuesday, October 11, 2022

বৃষ্টি:দেবর্ষি গৌতম

বৃষ্টি:

বৃষ্টি হৈ নামিব তুমি মোৰ জীৱনলৈ,
ৰাতিৰ আন্ধাৰৰ নিৰ্জনতা নেওচি। 
তিতিম মই আপোন পাহৰা হৈ
তুমি মোৰ ওচৰত নাথাকিলেও
মই অনুভৱ কৰিম তোমাৰ মিঠা আলিংগন। 
বৃষ্টি হৈ সদায় ৰাতি আহিবা তুমি,
মোৰ ৰাতিৰ উজাগৰী নিশাৰ সপোনত। 
মেলি থকাৰ চকুৰ সন্মুখত মই তোমাক সাবটিম
সুৰ অবিহনে মই গাবলৈ চেষ্টা কৰিম তোমাৰ বাবে
আৰু তোমাক মই শুনাম নিজানৰ গান।

বৃষ্টি হৈ নামিবা তুমি,
মোৰ জীৱনৰ নিসংগতা আঁতৰাবলৈ
ধুই লৈ যাবা তুমি মোৰ জীৱনৰ সকলো দুখ আৰু যন্ত্ৰণা
নুমুৱাই দিবা মোৰ মনৰ ভিতৰত জ্বলি থকা বিষাদৰ জুইকুৰা
মসৃণ কৰি দিবা মোৰ জীৱনৰ কাঁইটীয়া গতিপথ। 
                     দেবর্ষি গৌতম
                    📞৬৯১৩৯ ৩০৮২৯

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...