Tuesday, October 11, 2022

আবেলি সময়ৰ কথা:ছেলিমা বেগম

আবেলি সময়ৰ কথা:

আবেলিৰ হেঙুলীয়া ফালি নামি আহিল 
প্ৰেমৰ ধুমুহা হৈ ৰামধেনুৰ  সাতোটা ৰং
মই মাথোঁ অৱাক চাই হাঁহি থাকিম 
দূৰণিৰ পৰা আহি ৰ'লাগি চাম ৰৈ 
সুন্দৰ ধৰণী খনৰ বুকুৰ মাজত থিয় হৈ 
মৰিলেও পাম নেকি পুনৰ জনম ইয়াতেই। 
জীৱনত পোহৰাই মমৰ শিখাটো 
স্মৃতিত হৈ পৰা গধুলিটোৱে সিঁচি গ'ল 
স্মৃতিৰ পাতে পাতে তোমাক বিচাৰি আজি 
মনে কৰে মোৰ হাঁহাকাৰ তোমাক পাবলৈ 
আবেলিৰ আকাশৰ তলত কথা পাতো 
চিৰদিন থাকিবা তুমি হৃদয়ৰ আঁৰত। 
কৃষ্ণচু়ড়াৰ পাহিত ৰৈ আবেলিৰ সময়খিনি 
মনত পৰিব তোমাক এৰি অহা দিনবোৰ লৈ 
প্ৰতিদিন বেস্ততাৰ মাজেদি তোমাৰ স্মৃতিবোৰ
তোমাক হেৰুৱাৰ দুখবোৰ আমনি কৰিব 
বন্ধুৱে সুধিব, তুমি তাইক ইমান ভাল পাইছিলা
মই কম, মোৰ বাবে প্রেম আছিল সেয়াই স্বৰ্গীয় ।


ছেলিমা বেগম 
জিলা নগাঁও 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...