Monday, September 26, 2022

সপোনৰ বালিঘৰ -মিন্টু গোৱলা

সপোনৰ বালিঘৰ -মিন্টু গোৱলা

তুমি আহিবা বুলি সাজিলো
 বুকুত সপোনৰ বালিঘৰ , 
দুয়ো থাকিম সুখত ।
ক'ত সপোন ৰচিলো 
বালি ঘৰ সাজোতে 
ক'ত মৰম সাঁচিলো 
তোমালৈ বুলি।
আজিচোন ক'ত সেই 
বালি ঘৰ বালি হৈ ৰৈ গʼল।
সাঁচি ৰখা মৰমবোৰ মৰম
 হৈ বুকুত কৰাল হৈ ৰʼল।
বালি বোৰ উৰুৱাই লৈ যায় বতাহে ,
সপোনবোৰো সপোন হৈ বুকুত মৰঁহি যায় ।
তুমি নাহিল বুলিয়ে বালি ঘৰ ভাগিল ,
সপোন ও ভাগিল মৰম ও মৰহিল
 নিঃসংগকতাই মোৰ লগৰী
 সেই ভাগি যোৱা বালি ঘৰটোত।
 
            মিন্টু গোৱলা, লখিমপুৰ, কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...